ETV Bharat / state

ৰাজ্যৰ অস্থিৰ পৰিৱেশ ৰচনাৰ আঁৰত কংগ্রেছ : ভৱেশ কলিতা - BJP Assam

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 6:48 AM IST

BJP Slams Congress : কংগ্রেছে পৰম্পৰাগত মিঞা বাংলাদেশী তুষ্টিকৰণৰ ৰাজনীতি ত্বৰান্বিত কৰাৰ ফলত ৰাজ্যখনত এক শ্বাসৰুদ্ধকৰ পৰিৱেশৰ সৃষ্টি হৈছে । কংগ্ৰেছৰ সমৰ্থক এইসকল অতি সাম্প্রদায়িক লোকৰ বাবে আজি অসমৰ জীয়াৰী-বোৱাৰী মুকলি মনেৰে ওলাব নোৱৰাৰ পৰিৱেশৰ সৃষ্টি হৈছে । ভৱেশ কলিতাই কয় ।

BJP Slams Congress
ৰাজ্যৰ অস্থিৰ পৰিৱেশ ৰচনাৰ আঁৰত কংগ্রেছ; ভৱেশ কলিতা (ETV Bharat Assam)

গুৱাহাটী, ৩০ আগষ্ট : "সাম্প্রদায়িক তুষ্টিকৰণ আৰু ধর্মীয় মেৰুকৰণেৰে অসমক অস্থিৰ কৰাৰ বাবে বিগত জুলাই মাহৰ পৰায়ে কংগ্ৰেছ দলে অভিসন্ধি ৰচনা কৰি আহিছে । দলটোৱে পৰিকল্পিতভাৱে অসমৰ জাতীয় জীৱনলৈ সংকট নমাই অনাৰ অপচেষ্টাত লিপ্ত হৈছে ।" বাজপেয়ী ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত এক সংবাদমেলত ভাৰতীয় জনতা পার্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কংগ্ৰেছকে ধৰি ইণ্ডি এলায়েন্সৰ অংশীদাৰী বিৰোধী দলসমূহৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে ।

সংবাদমেলত তেওঁ কয়, "বিগত লোকসভা নির্বাচনত এক বিশেষ সম্প্ৰদায়ৰ ব্যাপক সমর্থন লাভ কৰাৰ পিচত কংগ্রেছ দলটোৱে তেওঁলোকৰ পৰম্পৰাগত মিঞা বাংলাদেশী তুষ্টিকৰণৰ ৰাজনীতি ত্বৰান্বিত কৰাৰ ফলত ৰাজ্যখনত এক শ্বাসৰুদ্ধকৰ পৰিৱেশৰ সৃষ্টি হৈছে । কংগ্ৰেছ দলৰ সমৰ্থক এইসকল অতি সাম্প্রদায়িক লোকৰ বাবে আজি অসমৰ জীয়াৰী-বোৱাৰী মুকলি মনেৰে ওলাব নোৱৰাৰ পৰিৱেশৰ সৃষ্টি হৈছে ।"

ধিং ধৰ্ষণকাণ্ডৰ কথা পৰোক্ষভাৱে উল্লেখ কৰি তেওঁ কয়, "স্কুলৰ পৰা, টিউচনৰ পৰা উভতি অহা কণমানি ছাত্রী বলাৎকাৰৰ সন্মুখীন হৈছে । এইসকল লোকে বসবাস কৰা অঞ্চলত শিক্ষকতা কৰা অসমীয়া জীয়াৰী-বোৱাৰীয়ে দৈনিক নির্যাতনৰ মুখামুখি হ'বলগা হৈছে । এইসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি আইনী ব্যৱস্থা গ্রহণ কৰা অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনক সমালোচনা কৰাতেই ক্ষান্ত নাথাকি কংগ্রেছ নেতৃত্বাধীন ইণ্ডি এলায়েন্সৰ নেতাসকলে সংখ্যালঘু তুষ্টিকৰণৰ ৰাজনীতিৰ চূড়ান্ত পর্যায়লৈ গৈ মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে গোচৰ তৰিবলৈও কুণ্ঠাবোধ নকৰিলে ।"

কংগ্ৰেছ তথা বিৰোধীক উদ্দেশ্য কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয়, "কংগ্রেছ নেতৃত্বাধীন ইণ্ডি এলায়েন্সৰ নেতাসকলৰ এনেকুৱা কাৰ্যৰ জৰিয়তে দলকেইটাই দুর্ধৰ্ষ অপৰাধী, বলাৎকাৰী, চোৰাং ব্যৱসায়ীৰ পক্ষত থাকি নিজৰ স্বৰূপ উদঙাই দেখুৱাইছে । কংগ্ৰেছ দলটোৱে আনকি পবিত্র অসম বিধানসভাৰ মজিয়াতো বলাৎকাৰী অপৰাধীৰ পক্ষ গ্রহণ কৰি জনজাতীয় বিধায়ক ৰমাকান্ত দেউৰীক বিধানসভাৰ মজিয়াত বক্তব্য ৰখাৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ জৰিয়তে পবিত্ৰ সদনকো ভুলুণ্ঠিত কৰিবলৈ নেৰিলে ।"

আনহাতে, আন এক বিবৃতিৰ জৰিয়তে ৰাজ্যিক বিজেপিয়ে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে অসম জ্বলাব বুলি হুংকাৰ দিয়া বক্তব্যক তীব্র ভৰ্ৎসনা কৰে । সাংবিধানিকভাৱে নির্বাচিত এগৰাকী মুখ্যমন্ত্ৰীৰ এনেকুৱা বক্তব্যক ধিক্কাৰ দিয়াৰ কোনো ভাষা নাই বুলি উল্লেখ কৰে । বিবৃতিটোত খিলঞ্জীয়াৰ হকে কাম কৰা মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দিয়া ইণ্ডি এলায়েন্সৰ নেতাসকলক সমালোচনা কৰি কয় যে এইসকল নেতাৰ এতিয়া চূড়ান্ত অসমবিৰোধী বক্তব্য ৰখা পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দিবলৈ সাহস হ'বনে ? ইয়াতেই অসমৰ এই বিৰোধী নেতাসকলৰ প্ৰকৃত স্বৰূপ ওলাই পৰা বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক :মিঞাক অসমীয়া জাতিৰ কাল্পনিক শত্ৰু বুলি বুজাব খুজিছে বিজেপিয়ে: আমিনুল ইছলাম - miya controversy
লগতে পঢ়ক :অসমত হিন্দু-মুছলমানৰ সংঘৰ্ষ সৃষ্টিৰ চক্ৰান্ত কৰিছে মুখ্যমন্ত্ৰীয়ে : অভিযোগ শ্বেৰমান আলীৰ - MLA Sherman Ali

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.