ETV Bharat / state

মুছলমান বিবাহ আৰু বিচ্ছেদ আইন প্ৰত্যাহাৰ কৰি ইউচিচিৰ দিশে এখোজ অসম চৰকাৰৰ

author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 10:46 AM IST

Updated : Feb 24, 2024, 11:50 AM IST

Assam Muslim marriage and Divorce act 1935: ইউচিচিৰ দিশে এখোজ অসম চৰকাৰৰ ৷ মুছলিম বিবাহ আৰু বিচ্ছেদ আইন খাৰিজৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে ৷ আনকি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই চৰকাৰৰ এই সিদ্ধান্তক ইউনিফৰ্ম চিভিল কোডৰ দিশত এক বৃহৎ পদক্ষেপ বুলি উল্লেখ কৰে ।

Muslim Marriage and Divorce Act
ইউচিচিৰ দিশে এখোঁজ অসম চৰকাৰৰ

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী : দেশৰ ভিতৰতে অসম চৰকাৰে গ্ৰহণ কৰিছে এক ঐতিহাসিক সিদ্ধান্ত । অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰে অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন (১৯৩৫) খাৰিজ কৰিছে । শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত ৰাজধানী দিশপুৰৰ জনতা ভৱনত অনুষ্ঠিত চৰকাৰখনৰ এক গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

ৰাজ্য চৰকাৰৰ মুখপাত্ৰ তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই চৰকাৰৰ এই সিদ্ধান্তক ইউনিফৰ্ম চিভিল কোডৰ দিশত এক বৃহৎ পদক্ষেপ বুলি অভিহিত কৰে । "এতিয়াৰে পৰা নতুন নিয়মৰ অধীনত মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়নৰ দায়িত্ব জিলা আয়ুক্ত আৰু জিলা পঞ্জীয়কৰ হাতত থাকিব’’ । - মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদৰী কৰে এই কথা ৷

লগতে তেওঁ কয়, ‘‘বাতিল হোৱা আইনৰ অধীনত নিয়োজিত হোৱা ৰাজ্যৰ ৯৪ গৰাকী মুছলমান পঞ্জীয়ককো পদৰ পৰা মুকলি কৰি দিয়া হ'ব ৷ লগতে ২ লাখ টকাকৈ এককালীন ধন তেওঁলোকলৈ আগবঢ়োৱা হ’ব’’ ।

কেবিনেট মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে চৰকাৰৰ এই পদক্ষেপে বিশেষকৈ বাল্যবিবাহ নিষিদ্ধ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব । অসম চৰকাৰে এই পুৰণি আইনখন বাতিল কৰাৰ অন্যতম যুক্তি হ’ল যে সেই সময়ৰ অসম প্ৰদেশৰ বাবে বৃটিছৰ দ্বাৰা প্ৰণয়ন কৰা দেশৰ স্বাধীনতাৰ পূৰ্বৰ এক অচল আইন এয়া ৷

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই আইন বাতিল কৰি মহিলাৰ বাবে ১৮ বছৰৰ তলৰ আৰু পুৰুষৰ বাবে ২১ বছৰৰ তলৰ ব্যক্তিৰ বিবাহৰ বিষয়টো সমাধান কৰাৰ বাবে আগবাঢ়িছে অসম চৰকাৰ । ইউনিফৰ্ম চিভিল কোড গৃহীত কৰা প্ৰথমখন ৰাজ্য হিচাপে উত্তৰাখণ্ড পৰিগণিত হোৱাৰ কেইসপ্তাহ মানৰ পিচতে অসম চৰকাৰে লোৱা এই পদক্ষেপে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

লগতে পঢ়ক : ‘‘১০ চহৰ এক ৰূপায়ণ’’ পৰিকল্পনাত কেবিনেটৰ অনুমোদন

যোৱা ১২ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত চৰকাৰখনে ইউচিচিৰ সমৰ্থনত কিছু সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমত ইংগিত প্ৰদান কৰিছিল । ২৩ ফেব্ৰুৱাৰীৰ নিশা হিমন্ত বিশ্ব শৰ্মা কেবিনেটে অনুমোদন জনোৱা সিদ্ধান্তসমূহৰ অন্যতম হ’ল - শিক্ষাৰ মাধ্যম হিচাপে অসমৰ 6 টাকৈ জনজাতীয় ভাষাক স্বীকৃতি প্ৰদান ৷

ৰাজ্যখনৰ জনজাতীয় জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ বিধি অনুসৰি মিচিং, ৰাভা, কাৰ্বি, তিৱা, দেউৰী আৰু ডিমাছা ভাষাক বিদ্যালয় শিক্ষাৰ প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাত অনুমোদন কেবিনেটৰ ৷ এই সিদ্ধান্ত মৰ্মে পৰৱৰ্তী সময়ত এটা আঞ্চলিক ভাষাক শিক্ষা গ্ৰহণৰ মাধ্যম হিচাপে গণ্য কৰা হ’ব ৷

এই সিদ্ধান্তই জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয় পৰ্যায়ত নিজৰ ভাষাতে অধ্যয়ন কৰিবলৈ সক্ষম কৰি উপকৃত কৰিব বুলি কেবিনেটে আশা প্ৰকাশ কৰিছে । ইয়াৰ উপৰিও সহযোগী চৰকাৰী ভাষা হিচাপে মণিপুৰী ৰাজ্যৰ ৪খন জিলাত স্বীকৃতি প্ৰদানত অনুমোদন ৰাজ্যিক কেবিনেটৰ ।

ৰাজ্যৰ চাৰিখন জিলা - কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি আৰু হোজাইত মণিপুৰী ভাষাক সহযোগী চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ অসম চৰকাৰী ভাষা (সংশোধনী) বিধেয়ক, ২০২৪ ত অনুমোদন কেবিনেটৰ । ইয়াৰ দ্বাৰা উল্লেখিত চাৰিখন জিলাত মণিপুৰী ভাষাক সহযোগী চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰা হ’ব ৷

কৃষক, উদ্যোগী আদিক বিশেষজ্ঞতা প্ৰদান, প্ৰযুক্তি আৰু সঠিক বাট দেখুওৱা তথা প্ৰত্যক্ষ-পৰোক্ষ কৰ্মসংস্থাপনৰ সৃষ্টি কৰা উদ্দেশ্যে নতুন পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ত অনুমোদন ৷ পশু চিকিৎসা আৰু মীন খণ্ডৰ উন্নয়নৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়, খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা ৰহাৰ মীন বিজ্ঞান মহাবিদ্যালয়ৰ পৰা সংহত বিভাজনৰ জৰিয়তে নতুনকৈ পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব ৷

ইয়াৰ উপৰিও অসম কেবিনেট নগৰীয়া মহিলা উদ্যোগীসকলক আত্মসহায়ক গোটৰ জৰিয়তে উৎসাহিত কৰাৰ বাবেও এক বিশেষ সিদ্ধান্তত অনুমোদন জনাইছে । অসম ৰাজ্যিক নগৰীয়া জীৱিকা মিছন ছ’চাইটিয়ে পৰ্যায় ক্ৰমে ৰূপায়ণ কৰিবলগীয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান-নগৰীয়াৰ বাবে মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক নগৰীয়া মহিলা উদ্যোগী হিচাপে পদোন্নতিৰ বাবে গাইডলাইনত অনুমোদন কেবিনেটৰ ৷

প্ৰথম পৰ্যায়ত যোগ্য বিবেচিত আত্মসহায়ক গোটৰ সদস্যসকলক তেওঁলোকৰ নিজা উদ্যোগ/ব্যৱসায়িক উদ্যোগ আৰম্ভ কৰিবলৈ উদ্যোগীকৰণ পুঁজি ( মূলধন) হিচাপে 10,000 টকা প্ৰদান কৰা হ’ব । দ্বিতীয় পৰ্যায়ত মূলধনৰ সঠিক ব্যৱহাৰৰ পিচত সদস্যসকলে বেংকৰ পৰা নূন্যতম ২৫,০০০ ঋণ ল’ব পাৰিব ৷ ঋণৰ পৰিশোধৰ সময়ত চৰকাৰে এই ধনৰ ৫০% বা ১২,৫০০ (যিটো কম) মূলধনী ৰাজসাহায্য হিচাপে প্ৰদান কৰিব ৷

তৃতীয় পৰ্যায়ত দ্বিতীয় পৰ্যায়ৰ অধীনত লাভ কৰা ঋণৰ ধন উভতি অহাৰ পিচত আগ্ৰহী হিতাধিকাৰীসকলক অধিক পৰিমাণৰ ব্যক্তিগত বেংক ক্ৰেডিট আৰু সময় মতে লাভ কৰাত সহায় কৰা হ’ব । ঋণ পৰিশোধ কৰাৰ পিচত চৰকাৰে ৩% সুতৰ সাহায্য প্ৰদান কৰিব ৷

আনহাতে, গ্ৰাম্য মহিলা উদ্যোগীসকলক সহায় কৰিবলৈ আৰু গ্ৰাম্য অৰ্থনীতি বৃদ্ধিৰ বাবে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে মুঠ আবণ্টিত বাজেটৰ পৰা মেগা মিছন ছ’চাইটিৰ মুখ্যমন্ত্ৰী সমগ্ৰা গ্ৰাম্য উন্নয়ন যোজনাৰ ১,০০০ কোটি টকা অনুমোদন কৰা হয় শুকুৰবাৰৰ নিশাৰ কেবিনেটত ।

ইয়াৰ উপৰিও আন্তঃগাঁথনি উন্নয়ন নিশ্চিত কৰিবলৈ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ মুঠ আবণ্টিত বাজেটৰ ভিতৰত অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণৰ অধীনত আন্তঃগাঁথনি প্ৰকল্পৰ বাবে ২৭৪ কোটি টকাৰো অনুমোদন কেবিনেটৰ ।

অসম বাতিল অধ্যাদেশ অনুমোদন :

অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫, ২০২৪ বাতিলৰ বাবে অসম বাতিল অধ্যাদেশ, ২০২৪ৰ অনুমোদন ।

লগতে পঢ়ক : মুছলিম বিবাহ আৰু বিচ্ছেদ আইন খাৰিজৰ ঐতিহাসিক সিদ্ধান্ত অসম চৰকাৰৰ

Last Updated : Feb 24, 2024, 11:50 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.