ETV Bharat / state

মহিলাৰ ৰক্তহীনতাৰ ক্ষেত্রত দেশৰ চতুৰ্থ স্থানত অসম, ১৫-৪৯ বছৰ বয়সৰ ৬৬ শতাংশই এনিমিয়াত আক্ৰান্ত - Assam ranks 4th in anaemia in women

author img

By ETV Bharat Health Team

Published : Aug 20, 2024, 10:04 PM IST

Updated : Aug 21, 2024, 10:54 AM IST

Assam ranks 4th in anaemia: ৰাজ্যৰ প্ৰায় ৬৬ শতাংশ কম বয়সীয়া মহিলা এনিমিয়াত আক্ৰান্ত । সংসদত স্বাস্থ্য মন্ত্রণালয়ৰ তথ্যত উন্মোচিত অসমৰ প্ৰকৃত স্বৰূপ । গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ১৫ ৰ পৰা ৪৯ বছৰ বয়সৰ মহিলাৰ সৰ্বাধিক ৫৪.২ শতাংশই ৰক্তহীনতা বা এনিমিয়াত আক্রান্ত । অসমৰ তুলনাত উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ অৱস্থাও যথেষ্ট উন্নত । ৬ ৰ পৰা ৫৯ মাহৰ ৬৮.৪ শতাংশ শিশুও এনিমিয়াত আক্ৰান্ত ।

Assam ranks 4th in anaemia in women
মহিলাৰ ৰক্তহীনতাৰ ক্ষেত্রত দেশৰ চতুৰ্থ স্থানত অসম (ETV Bharat Assam)

গুৱাহাটী,২০ আগষ্ট: অসমত ৰক্তহীনতা আৰু পুষ্টিহীনতাত ভোগা শিশু আৰু মহিলাৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে । ৰক্তহীনতা বা এনিমিয়াত ভোগা মহিলাৰ ক্ষেত্ৰত দেশৰ ভিতৰত চতুর্থ স্থানত আছে অসম । অসমৰ ১৫-৪৯ বছৰ বয়সৰ মহিলাৰ ৬৫.৯ শতাংশই ৰক্তহীনতাত ভুগি আহিছে । এই তথ্য কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রালয়ৰ । সংসদৰ শেহতীয়া অধিৱেশনত কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে প্রকাশ কৰা তথ্য অনুসৰি অসমত গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ মহিলাৰ সৰ্বাধিক ৫৪.২ শতাংশই ৰক্তহীনতা তথা এনিমিয়াত আক্রান্ত ।

লক্ষণীয় বিষয় যে ৰক্তহীনতাৰ বাবেই অসমত স্বাভাৱিক হাৰতকৈ ওজন হ্ৰাস পোৱা মহিলাৰ হাৰো ক্ৰমাৎ বৃদ্ধি পাইছে । একেদৰে ৰাজ্যখনত ৰক্তহীনতাত ভোগা শিশুৰ সংখ্যাও অত্যন্ত উদ্বেগজনক । তথ্য অনুসৰি ৰাজ্যখনত ৬ মাহৰ পৰা ৫৯ মাহ বয়সৰ ৬৮.৪ শতাংশ শিশু ৰক্তহীনতাত ভুগিছে । ইফালে ১৫ বছৰৰ পৰা ১৯ বছৰ বয়সৰ মহিলাৰ ৬৭ শতাংশই ৰক্তহীনতাত ভুগি আছে। লক্ষণীয় বিষয়টো হ'ল যে অসমৰ এই শোচনীয় পৰিস্থিতিৰ বিপৰীতে কিন্তু দেশৰ আন ৰাজ্যসমূহৰ অৱস্থা যথেষ্ট উন্নত ।

অসমৰ তুলনাত ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ মহিলাৰ ৰক্তহীনতাৰ ক্ষেত্ৰত অৰুণাচল প্রদেশ, দিল্লী, কর্ণাটক, লাক্ষাদ্বীপ, মণিপুৰ, মিজোৰাম, গোৱা, কেৰালা, নাগালেণ্ড, উত্তৰাখণ্ড, ছিকিম আদি ৰাজ্যৰ অৱস্থা যথেষ্ট ভাল। আনকি অসমৰ তুলনাত উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ অৱস্থাও যথেষ্ট উন্নত । ইফালে শিশুৰ ওজনৰ ক্ষেত্রতো অসমৰ অৱস্থা উদ্বেগজনক । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমতে সর্বাধিক ৩২.৮ শতাংশ শিশুৰ ওজন স্বাভাৱিক হাৰতকৈ কম ।

এই ক্ষেত্ৰতো অসমে ৰাষ্ট্ৰীয় গড়কো চেৰ পেলাইছে । ৰাষ্ট্ৰীয় পৰ্যায়ত অতিশয় ক্ষীণ শিশুৰ হাৰ ১৯.৩ শতাংশ হোৱাৰ লগতে স্বাভাৱিক ওজন নথকা শিশুৰ হাৰ ৩২.১ শতাংশ । অসমৰ স্বাস্থ্য খণ্ডৰ বিকাশ সাধনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে প্ৰতি বছৰে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি অহাৰ পৰিস্থিতি উন্নত হোৱা নাই । লক্ষণীয় বিষয় যে বাল্য বিবাহৰ বাবে অসমত শিশু আৰু মহিলাসকলে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । ৰক্তহীনতা তথা এনিমিয়া সম্পৰ্কে জানিবৰ বাবে বিশিষ্ট ৰক্তৰোগ বিশেষজ্ঞ ডাঃ পৱিত্র গগৈৰ সৈতে যোগাযোগ কৰা হৈছিল । ডাঃ গগৈয়ে এনিমিয়া সম্পৰ্কত দাঙি ধৰা বক্তব্য অনুসৰি....

  • ৰক্তহীনতা বা এনিমিয়া কি:

শৰীৰত হিম'গ্লবিনৰ পৰিমাণ কমি যোৱা বা শৰীৰৰ কোষবিলাকলৈ অক্সিজেনৰ সৰবৰাহ কমি যোৱা অৱস্থাকে ৰক্তহীনতা তথা এনিমিয়া বুলি কোৱা হয় । ৰক্তহীনতাৰ বাবে মানুহ এজনে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰে । বহু প্ৰকাৰৰ এনিমিয়া দেখা যায় আৰু ইয়াৰ কাৰণো বিভিন্ন হয় । এনিমিয়া ক্ষণস্থায়ী বা দীৰ্ঘম্যাদী হ'ব পাৰে । কিছুমান এনিমিয়া স্বাস্থ্যসন্মত খাদ্যাভাসৰ যোগেদি নিৰাময় কৰিব পৰা যায় ।

  • এনিমিয়াৰ লক্ষণ:

এনিমিয়াৰ কাৰণৰ ওপৰত ভিত্তি কৰি ইয়াৰ লক্ষণো বিভিন্ন হয় । অতিশয় ক্লান্ত বা ভাগৰুৱা, দুৰ্বলতা, শেঁতা পৰা হালধীয়া ৰঙৰ ছাল, অনিয়মিত হৃদস্পন্দন, উশাহ নিশাহ চুটি চুটি হোৱা, বুকুৰ বিষ, ভৰি-হাত ঠাণ্ডা পৰি যোৱা আৰু ফুলি উঠা, মূৰৰ বিষ আদি বিভিন্ন ৰক্তহীনতাৰ কাৰণ হ'ব পাৰে । সাধাৰণতে চকুৰ তলৰ পতা, জিভা, নখ আদি চাই ৰক্তহীনতাৰ পৰীক্ষা কৰা হয় । ৰক্তহীনতা হ'লে এই সকলোবিলাক শেঁতা পৰি থাকে ।

এনিমিয়াৰ ফলত শৰীৰত হিম'গ্লবিনৰ লগতে লোহিত ৰক্তকণিকাৰো অভাৱ পৰিলক্ষিত হয় । এনিমিয়াৰ তিনিটা প্ৰধান কাৰণ হৈছে যেতিয়া শৰীৰত পৰ্যাপ্ত পৰিমাণৰ লোহিত ৰক্তকণিকাৰ উৎপত্তি নহয় । হঠাৎ কোনো কাৰণত শৰীৰৰ পৰা যথেষ্ট পৰিমাণে ৰক্তক্ষৰণ বা ৰক্তক্ষয় হয় । যদি কোনো কাৰণবশতঃ শৰীৰৰ লোহিত ৰক্তকণিকাসমূহ ধ্বংসপ্ৰাপ্ত হৈ গৈ থাকে ।

  • এনিমিয়া প্ৰতিৰোধৰ উপায় :

এনিমিয়া তথা ৰক্তহীনতা বহু প্ৰকাৰৰ আছে আৰু কেইবাটাও প্ৰকাৰৰ ৰক্তহীনতা প্ৰতিৰোধ কৰিব পৰা যায় । তেনেদৰে আয়ৰণ আৰু ভিটামিনৰ অভাৱত হোৱা ৰক্তহীনতা আয়ৰণ আৰু ভিটামিন যুক্ত খাদ্যৰ সেৱনৰ দ্বাৰা দূৰ কৰিব পৰা যায় । আয়ৰণ যুক্ত খাদ্যৰ ভিতৰত মাংস, বীন, দাইল, সেউজীয়া শাক, শুকান ফল, আমলখি, খেজুৰ ইত্যাদি সেৱনৰ জড়িয়তে এনে ধৰণৰ ৰক্তহীনতা বাধা দি ৰাখিব পৰা যায় ।

তেনেদৰে ফলেট আৰু ইয়াৰ সংশ্লেষিত তত্ব ফলিক এচিড ফলমূল আৰু ফলমূলৰ ৰস, সেউজীয়া শাক-পাচলি, সেউজীয়া মটৰ, ৰাজমাহ, বাদাম, দাইল ইত্যাদিত পোৱা যায় । সেইদৰে ভিটামিন বি ১২ সাধাৰণতে মাংস, গাখীৰ বা গাখীৰৰ দ্বাৰা বনোৱা খাদ্য, ধান বা ঘেঁহুৰ পৰা বনোৱা খাদ্য-শস্য, ছয়াবিন ইত্যাদিত পোৱা যায় । ভিটামিন চি চাইট্ৰাচ বা টেঙা ফল আৰু ফলৰ ৰস, নেমু, ব্ৰকলি, তৰমুজ, বিলাহী, ষ্ট্ৰবেৰী ইত্যাদিত পোৱা যায় ।

লগতে পঢ়ক: বয়স অনুযায়ী আপুনি এদিনত কিমান পৰিমাণে খোজকঢ়া উচিত ? - Walking According To Age

কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা এনেদৰে চিৰদিনৰ বাবে পাওক মুক্তি - Fruit Juices for Constipation

ফল-মূল আৰু শাক-পাচলি নোধোৱাকৈ ব্যৱহাৰ কৰে নেকি ? - Fruits and Vegetables Cleaning Tips

Last Updated : Aug 21, 2024, 10:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.