ETV Bharat / state

উপ-নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে : ১৫-১৭ জুলাইত গুৰুত্বপূৰ্ণ বৈঠক - ASSAM BY ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 8:30 PM IST

APCC Preparation For By Elections : ‌পৰিকল্পনা প্ৰস্তুত কৰিবলৈ অসমলৈ আহিব কংগ্ৰেছৰ অসমৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিং । অহা ১৫ জুলাইৰ পৰা ১৭ জুলাইলৈ অসমত কংগ্ৰেছৰ কেইবাখনো গুৰুত্বপূৰ্ণ দলীয় সভাত তেওঁ অংশগ্ৰহণ কৰিব ।

APCC Preparation For By Elections
উপ-নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে (ETV Bharat Assam)

গুৱাহাটী, ১১ জুলাই : আগন্তুক উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে । বিগত লোকসভা নিৰ্বাচনৰ ফলাফলে দেশত বিৰোধীৰ বিশেষকৈ কংগ্ৰেছ দলক কিছু শক্তি প্ৰদান কৰাৰ পিচতে অসমতো কংগ্ৰেছ দলৰ মাজত সাংগাঠনিক তৎপৰতা বৃদ্ধি পাইছে । লগতে ২০২৬ চনৰ অসমৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিক বাৰুকৈয়ে প্ৰত্যাহ্বান জনাবলৈ কংগ্ৰেছ দল সাজু হোৱা দেখা গৈছে ।

আনহাতে, লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ পৰা নেতা-পালিনেতাৰ বিজেপিলৈ যোগদানৰ সোঁত বোৱা দেখা গৈছিল । তাৰ বিপৰীতে বৰ্তমান বিজেপি আৰু বিজেপিৰ মিত্ৰদলৰ পৰা একাংশ নেতাক দলত যোগদান কৰোৱাবলৈ সাজু হৈছে প্ৰদেশ কংগ্ৰেছ । জানিব পৰা মতে, শীঘ্ৰে বিজেপি এৰি কংগ্ৰেছলৈ আহিব একাংশ বিজেপি নেতা ।

ইয়াকে লৈ এতিয়া ৰাজনৈতিক মহলত বিশেষ চৰ্চা আৰম্ভ হৈছে । উল্লেখ্য যে এই সকলো দিশ পৰ্যালোচনা কৰি ‌পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে অসমলৈ আহিব কংগ্ৰেছৰ অসমৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিং । অহা ১৫ জুলাইৰ পৰা ১৭ জুলাইলৈ অসমত কংগ্ৰেছৰ কেইবাখনো গুৰুত্বপূৰ্ণ দলীয় সভা অনুষ্ঠিত হ'ব ।

অহা ১৫ আৰু ১৬ জুলাইত গুৱাহাটীত কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ বৈঠক অনুষ্ঠিত হ'ব । বিজেপি, তৃণমূল কংগ্ৰেছ তথা অন্যান্য দলৰ পৰা কংগ্ৰেছলৈ কোন কোন নেতা আহিব বিচাৰিছে সেই বিষয়ক লৈ আলোচনা হ'ব কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ বৈঠকত ।‌ আনহাতে, অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতি অনুযায়ী, অহা ১৫ জুলাইত অসমৰ বিহালী, চামগুৰি, চিদলী, ধলাই আৰু বঙাইগাঁৱত কাৰ্যালয় সহায়ক, সাংসদ, বিধায়ক, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদকসকল, কাৰ্যকৰী সভাপতিসকল আৰু বিৰোধী দলপতিৰ এখনকৈ নিৰ্বাচনী আৰু সাংগঠনিক বৈঠক অনুষ্ঠিত হ'ব ।

আকৌ ১৬ জুলাইত উজনি অসম, নামনি অসম, পাহাৰীয়া জিলা আৰু বৰাক উপত্যকাৰ জিলাসমূহৰ কংগ্ৰেছ কমিটীৰ বিষয়বীয়াসকলৰ এখন দলীয় বৈঠক অনুষ্ঠিত হ'ব । আনহাতে, ১৭ জুলাইত বিধায়ক, সাংসদ আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ মাজত এখন‌ বৈঠক অনুষ্ঠিত হ'ব । ১৬ আৰু ১৭ জুলাইত ৰাজীৱ ভৱনত অনুষ্ঠিত হ'বলগীয়া অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ বৈঠকত কংগ্ৰেছৰ অসমৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিং উপস্থিত থাকিব ।

লগতে পঢ়ক :পঞ্চায়তৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে প্ৰদেশ কংগ্ৰেছৰ কমিটি গঠন - Panchayat delimitation
লগতে পঢ়ক :আগষ্টত কংগ্ৰেছে দিব চমক ! বিজেপি-অগপৰ কোনে কোনে যোগ দিব কংগ্ৰেছত ? - Assam Political updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.