ETV Bharat / state

তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা : পেঙেৰীৰ আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত উদ্ধাৰ বৃহৎ অস্ত্ৰভাণ্ডাৰ - Assam Police

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 7:19 PM IST

Arms and ammunition in Tinsukia : তিনিচুকীয়া আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা ৷ উদ্ধাৰ কৰিছে বৃহৎ অস্ত্ৰভাণ্ডাৰ ৷ ১৫ আগষ্টৰ পূৰ্বৰ পৰা আলফা স্বাধীনৰ এটা দলে আপাৰদিহিং বনাঞ্চলত শিবিৰ পাতি থকা বুলি উল্লেখ কৰিছে আৰক্ষীয়ে ৷

Arms and ammunition in Tinsukia
পেঙেৰীৰ আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত উদ্ধাৰ বৃহৎ অস্ত্ৰভাণ্ডাৰ (ETV Bharat Assam)

তিনিচুকীয়া, ৩১ আগষ্ট : তিনিচুকীয়া আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা ৷ তিনিচুকীয়াৰ আৰক্ষীয়ে পেঙেৰীৰ আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ অস্ত্ৰভাণ্ডাৰ ৷

শনিবাৰে তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এই কথা ব্যক্ত কৰিলে উজনি অসমৰ আৰক্ষী মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকাই ৷ হাজৰিকাই লগতে কয়, ‘‘শুকুৰবাৰে নিশাৰ পৰা তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসৰ নেতৃত্বত আপাৰদিহিং বনাঞ্চলত এক বিশেষ অভিযান চলোৱা হয় ৷ ১৫ আগষ্টৰ পূৰ্বৰ পৰা আলফা স্বাধীনৰ এটা দলে ম্যানমাৰৰ পৰা আহি শিৱিৰ পাতি থকা বুলি খবৰ আছিল আৰু সেই খবৰৰ ভিত্তিত ধাৰাবাহিকভাৱে চলাই থকা অভিযানৰ ফলতেই এই সাফল্য লাভ কৰিবলৈ সক্ষম হৈছো । এই সাফল্যৰ জৰিয়তে বহুজনৰ প্ৰাণ বচাবলৈ সক্ষম হৈছো ৷’’

ইফালে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলিপে সদৰী কৰে যে অস্ত্ৰখিনি লুকুৱাই থোৱাৰ সময়তে সেনাৰ সৈতে চলোৱা যুটীয়া অভিযানত এই সফলতা লাভ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ এইপৰ্যন্ত বিষয়টোৰ সংক্ৰান্তত কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও তদন্ত অব্যাহত আছে ৷ আৰক্ষীয়ে উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে HK33 ৰাইফল এটা, দুটা HK মেগজিন, শতাধিক সক্ৰিয় গুলী আৰু এক কেজি বিস্ফোৰক ৷

এই এক কেজি বিস্ফোৰকৰ জৰিয়তে নিৰ্মাণ কৰা আই ই ডিয়ে ৫-১০ গৰাকী লোকৰ প্ৰাণ ল’ব পাৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ ইয়াৰ উপৰিও অধিক বিস্ফোৰক নতুবা মাৰণাস্ত্ৰ ক’ৰবাত আছে নেকি তাৰ অনুসন্ধান চলোৱাৰ লগতে আলফা স্বাধীনৰ দলটোৰ গতিবিধি লক্ষ্য কৰি থকা হৈছে বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিছে ৷

অভিযানত নেতৃত্ব লোৱা অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসে সদৰী কৰা অনুসৰি শুকুৰবাৰে মাজনিশাৰ পৰা সেনাৰ সৈতে অভিযান আৰম্ভ হয় যদিও পুৱতি নিশাহে সফলতা লাভ কৰিবলৈ সক্ষম হয় । অসম-অৰুণাচল সীমান্তৰ বিদ্ৰোহী সংগঠনৰ গতিবিধিৰ খবৰ থকাৰ লগতে এতিয়াও সকলো চোৰাং পথ বন্ধ কৰি ৰখা হৈছে আৰু বনাঞ্চলখনত অভিযান চলাই থকা হৈছে ৷

লগতে পঢ়ক : পৰেশ বৰুৱাক সদনৰ মজিয়াৰ পৰাই আহ্বান মুখ্যমন্ত্ৰীৰ

আলফা(স্বা)ৰ শক্তি নাই বুলি ক’ব নোৱাৰি, সকলো আছে তেওঁলোকৰ : মুখ্যমন্ত্ৰী ড৹ শৰ্মা

আলফা এতিয়াও অসমত প্ৰভাৱশালী, ম্যানমাৰৰ শিৱিৰত এতিয়াও আছে ৪০০ ল’ৰা : মুখ্যমন্ত্ৰীৰ অকপট স্বীকাৰোক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.