ETV Bharat / state

অসম আৰক্ষীৰ কমাণ্ডো পাপৰি কলিতা ওৰফে কুঁহিক নিলম্বন - Kuhi

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 6:16 PM IST

Assam Police commando Papori Kalita : ইনষ্টাগ্ৰামত জুৱাৰ এপৰ বিজ্ঞাপন দি চাকৰি হেৰুৱালে সামাজিক মাধ্যমত বিশেষভাৱে জনপ্ৰিয় অসম আৰক্ষীৰ এগৰাকী মহিলা জোৱান পাপৰি কলিতা ওৰফে কুঁহিয়ে ।

Assam Police commando Papori Kalita
অসম আৰক্ষীৰ কমাণ্ডো পাপৰি কলিতা ওৰফে কুঁহিক নিলম্বন (Etv Bharat ASSAM)

গুৱাহাটী, ৩০ মে' : সম্প্ৰতি সামাজিক মাধ্যম আমাৰ সকলোৰে জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশলৈ পৰিৱৰ্তিত হৈছে ৷ পুৱা চকুকেইটা মেলাৰ পৰা ৰাতি শোৱাৰ সময়লৈ আমি প্ৰায় সামাজিক মাধ্যমতে সময় অতিবাহিত কৰে ৷ তেনেকৈ সামাজিক মাধ্যমৰ কিছু চেহেৰা আমাৰ বাবে সততে চিনাকি হৈ পৰে ৷

সামাজিক মাধ্যমত বিশেষভাৱে জনপ্ৰিয় অসম আৰক্ষীৰ এগৰাকী মহিলা জোৱান । নাম পাপৰি কলিতা ওৰফে কুঁহি। অসম আৰক্ষীৰ বীৰাংগনা কমাণ্ডো হিচাপে কৰ্মৰত পাপৰি কলিতা স‍ামাজিক মাধ্যমত 'কুঁহি' ৰূপে পৰিচিত । এগৰাকী ইউটিউবাৰ হিচাপে বিশেষভাৱে প্ৰসিদ্ধি লাভ কৰা পাপৰি কলিতা ওৰফে কুঁহিক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে । তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ । অনলাইন জুৱাৰ এপৰ বিজ্ঞাপন প্ৰচাৰৰ অভিযোগত নিলম্বন কৰা হৈছে কুঁহিক ।

লক্ষণীয় বিষয় যে সামাজিক মাধ্যমত জনপ্ৰিয়তা অৰ্জন কৰা পাপৰি কলিতাই অনলাইন জুৱাৰ এপৰ যোগেদি প্ৰচাৰ চলাইছিল । যিটো এগৰাকী আৰক্ষীৰ বাবে নীতি বিৰোধ । 'ৰামী' নামৰ এটা জুৱাৰ এপৰ যোগেদি চলোৱা প্ৰচাৰৰ অভিযোগত কুঁহিক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে ।

এটা ইউটিউব চেনেলৰ জৰিয়তে প্ৰচাৰ কৰিছিল এই জুৱা এপটোৰ । উল্লেখ্য যে, 'kuhi 33' নামেৰে পাপৰি কলিতাৰ আছে এটা ইউটিউব চেনেল । য’ত আছে 1 লাখ 41 হাজাৰ চাবস্ক্ৰাইবাৰ । আনহাতে ফেচবুক আৰু ইনষ্টাগ্ৰামতো পাপৰি কলিতাৰ আছে যথেষ্ট অনুৰাগী । য'ত বিভিন্ন ধৰণৰ ভিডিঅ’ আপলোড কৰে কুঁহিয়ে । মান্দাকাটাস্থিত কমাণ্ডো বাহিনীৰ অধিনায়কে এক নিৰ্দেশ যোগে পাপৰি কলিতা ওৰফে কুঁহিক নিলম্বন কৰে ৷

লগতে পঢ়ক: পুনৰ আহি আছে বি এম আই টেষ্ট; মেদবহুল আৰক্ষীৰ বাবে হাতত সময় আছে তিনিমাহ - BMI TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.