ETV Bharat / state

10 তাৰিখে দৰমহা লাগে যদি 100% কাম কৰিব লাগিব জলমিত্ৰসকলে; মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কঠোৰ সকীয়নি - PHED Minister Jayanta Mallabaruah

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 2:23 PM IST

Workshop on JJM : "100% কাম কৰা জলমিত্ৰসকলেহে 10 তাৰিখে দৰমহা লাভ কৰিব ৷ সমান্তৰালভাবে ভাল জলমিত্ৰক উৎসাহ যোগোৱাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে- "জল জীৱন মিছনৰ কৰ্মশালাত অংশগ্ৰহণ কৰি এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ৷

Jal Jeevan Mission
কৰ্মশালাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা (ETV Bharat Assam)

গুৱাহাটী, 29 জুন: ষ্টাফ কলেজত জনস্বাস্থ্য কাৰিকৰী বিভাগে দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে জল জীৱন মিছন কৰ্মশালাৰ । শুকুৰবাৰে জল জীৱন মিছন আৰু ’ARGHYAM’ ৰ মাজত স্বাক্ষৰিত হয় বুজাবুজিৰ স্বাক্ষৰ । অনুষ্ঠানত উপস্থিত থাকে জল জীৱন মিছনৰ অভিযন্তা বিষয়াসকলৰ লগতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ।

এই কৰ্মশালাত উপস্থিত থাকি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, "বৰ্তমানলৈকে 28 হাজাৰ আঁচনিৰ প্ৰায় 12 হাজাৰ আঁচনি সম্পূৰ্ণ কৰা হৈছে । আজি সেই 12 হাজাৰ আঁচনি কেনেকৈ পাব্লিক ডমেইনত আনিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰা হৈছে । অতি কমদিনৰ ভিতৰত সকলো আঁচনিয়েই পাব্লিক ডমেইনত থাকিব । আঁচনিসমূহৰ সকলো তথ্য থাকিব পাব্লিক ডমেইনত । কিছুমান অভিযন্তাৰ মনোবল ভাঙি পৰা পৰিলক্ষিত হৈছিল । একাংশ অভিযন্তাৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ উত্থাপিত হৈছে তাৰ বিৰুদ্ধে বিভাগীয় তদন্ত হৈছে ।"

লগতে পঢ়ক: কুম্ভকৰ্ণ নিদ্ৰাত বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগ : পাইপ বহুৱালে, কিন্তু নলহে নাই - Jal Jeevan Mission Corruption

সংবাদ মাধ্যমৰ ভূমিকাক সমালোচনা কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, "কিছুমান আঁচনি সম্পূৰ্ণ নৌহওঁতে স্থানীয় সাংবাদিকে নিউজ সম্প্ৰচাৰ কৰিছে ।"

জল জীৱন মিছন সফল কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই লগতে কয় যে, " জলমিত্ৰসকলৰ বাবে থাকিব নতুন এপৰ ব্যৱস্থা । এই এপটোৰ জৰিয়তে দৈনন্দিন কামৰ তথ্য দিব পাৰিব । 100% তথা কামত ফাঁকি নমৰাকৈ প্ৰতিদিনে কামত উপস্থিত থাকি কাম কৰা জলমিত্ৰসকলে মাহৰ 10 তাৰিখে দৰমহা লাভ কৰিব । ইতিমধ্যেই বিভাগীয় বিষয়াসকলক এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰা হৈছে । সমান্তৰালভাবে ভাল জলমিত্ৰক উৎসাহ যোগোৱাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷"

লগতে পঢ়ক: সৰুপথাৰত বাতৰি প্ৰকাশৰ পিছতহে গা লৰিল জল জীৱন আঁচনিৰ দায়িত্বত থকা ঠিকাদাৰৰ - Jal Jeevan Mission Assam

অসমৰ এখনো জিলাত সম্পূৰ্ণ হোৱা নাই 'জলজীৱন মিছন' আঁচনিৰ কাম - Jal Jeevan Mission

জল জীৱন মিছন আঁচনিত দুৰ্নীতি, বিশুদ্ধ খোৱাপানী বিচাৰি ৰাইজৰ হাহাকাৰ - Jal Jeevan Mission Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.