ETV Bharat / state

একাগ্ৰতা থাকিলে কি কৰিব নোৱাৰি ! হাফলঙৰ পিংকীয়ে দেখুৱাই দিলে আবু ধাবিত

আবু ধাবিৰ এগৰাকী প্ৰতিষ্ঠিত ট্ৰাম চালক পিংকী ৰায়ে ৷ পিছে পিংকী ৰায়ৰ এই যাত্ৰা আছিল তীব্ৰ প্ৰত্যাহ্বানমূলক ৷

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

ASSAM GIRL SHINES IN ABU DHABI
একাগ্ৰতা থাকিলে কি কৰিব নোৱাৰি ! (ETV Bharat Assam)

হাফলং: একাগ্ৰতা থাকিলে কি কৰিব পাৰি, ইয়াৰে এক জ্বলন্ত উদাহৰণ হৈছে ডিমা হাছাও জিলাৰ এগৰাকী মহিলা ৷ শিক্ষাগ্ৰহণৰ সময়ত কোনোদিনে জন্মভূমিৰ বাহিৰলৈ নোযোৱা এইগৰাকী মহিলাই স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছত কৰ্মৰ সন্ধানত বহিঃৰাষ্ট্ৰলৈ গৈ এতিয়া বহুতৰে বাবে বিশেষকৈ ডিমা হাছাও জিলাৰ মহিলাসকলৰ বাবে আদৰ্শ হৈ পৰিছে ৷ তেওঁ হৈছে ডিমা হাছাও জিলাৰ হাফলং চহৰৰ বাসিন্দা পিংকী ৰায় ৷

প্ৰৱল ইচ্ছাশক্তি আৰু নিজকে প্ৰতিষ্ঠিত কৰাৰ দৃঢ় সংকল্পৰ ফলত পিংকী ৰায়ে আজি নিজকে ডুবাইৰ এগৰাকী প্ৰতিষ্ঠিত ট্ৰাম চালক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৷ বৰ্তমান তেওঁ আবুধাবিত লোকো পাইলট হিচাপে নিয়োজিত হৈ আছে ৷ তেওঁৰ এই প্ৰৱল ইচ্ছাশক্তি থকাৰ বাবে এতিয়া ডিমা হাছাও জিলাৰ সকলো মহিলাৰ বাবে তেওঁ আদৰ্শ হৈ পৰিছে ৷ পিছে পিংকী ৰায়ৰ এই যাত্ৰা ইমান সহজসাধ্য নাছিল ৷ তীব্ৰ প্ৰত্যাহ্বানৰ মাজেৰে তেওঁ সুদূৰ ডুবাইত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় ৷

পিংকী ৰায় (ETV Bharat Assam)

পিংকী ৰায়ে তেওঁ এই যাত্ৰাৰ বিষয়ে সুঁৱৰি কয়, "২০০৯ চনত মই ডুবাইৰ মেট্ৰ’ত তিনি বছৰ প্ৰশিক্ষণ লোৱাৰ পিছতে ২০১৪ চনৰ অক্টোবৰত মই ট্ৰাম চালক হিচাবে কাম আৰম্ভ কৰো । ইয়াৰ পিছতে মোৰ পদোন্নতি হয় আৰু কিদৰে ট্ৰাম চলে ইয়াৰ পৰ্যবেক্ষণৰ দায়িত্ব দিয়া হয় । অৱশেষত ২০২৩ চনত আবুধাবিত প্ৰশিক্ষণ লোৱাৰ পাছত মই লোকো পাইলটৰ দায়িত্ব লওঁ ৷"

Dubai tram service
ডুবাইত ট্ৰাম চালকৰ আসনত পিংকী ৰায় (ETV Bharat Assam)

তেওঁ লগতে কয়, "মই ইতিহাস বিভাগত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিলো ৷ গতিকে এই যাত্ৰা মোৰ বাবে অতি প্ৰত্যাহ্বানমূলক আছিল ৷ লোকো পাইলটৰ দায়িত্ব লোৱাটো মোৰ বাবে চেলেঞ্জিং আছিল । কিন্তু লোকো পাইলটৰ দায়িত্ব ল’লেও মই ৰে’ল চলোৱা নাই । ৰে’লৰ গতিবিধি প্ৰত্যক্ষৰ দায়িত্ব আছিল মোৰ ওপৰত ৷"

Dubai tram service
ডুবাই ট্ৰাম সেৱা (ETV Bharat Assam)

শাৰদীয় দুৰ্গোৎসৱৰ বাবে গৃহ চহৰত উপস্থিত হোৱা পিংকী ৰায়ে নিজৰ অভিজ্ঞতা প্ৰকাশ কৰি কেনেকৈ ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতীসকলে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে তাৰেই উদাহৰণ দাঙি ধৰিছে ৷ তেওঁ যুৱ প্ৰজন্মক নিজৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে এটা লক্ষ্যত উপনীতত হোৱাৰ পূৰ্বে লাভ কৰা প্ৰত্যাহ্বান তথা সুযোগৰ পূৰ্ণ সুবিধা লাভ কৰাৰ আহ্বান জনায় ৷

লগতে পঢ়ক: প্ৰ-পত্ৰ পূৰণ কৰি চি বি আইক হিচাপ দিছে বিনিয়োগকাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.