ETV Bharat / state

উজনি, মিঞা আৰু মাছ: প্ৰয়োজনত উজনিলৈ মাছ-পাচলি পঠোৱাত নিজেই নেতৃত্ব ল’ব পদ্ম হাজৰিকাই - Assam Miya controversy

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 5:14 PM IST

Controversy over Miya Muslims: মধ্য অসমৰ মৎস্য ব্যৱসায় মিঞাৰ দখলত আছে আৰু মৎস্য ব্যৱসায়ী সন্থাই উজনি অসমলৈ মাছ যোগান নধৰাৰ হুংকাৰ দিছে ৷ এই হুংকাৰৰ বিৰুদ্ধে মন্তব্য কৰি অসমীয়া যুৱকক কৰ্ম সংস্কৃতি গঢ়িবলৈ আহ্বান জনালে বিধায়ক পদ্ম হাজৰিকাই ৷

BJP MLA Padma Hazarika
মিঞা বিতৰ্ক সন্দৰ্ভত বিধায়ক পদ্ম হাজৰিকাৰ মন্তব্য (ETV Bharat Assam)

গুৱাহাটী, ২৭ আগষ্ট: নগাঁৱৰ মৎস্য ব্যৱসায়ী সন্থাই উজনিলৈ মাছৰ যোগান বন্ধ কৰা হ’ব বুলি হুংকাৰ দিয়াৰ সন্দৰ্ভত ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি বিধায়ক পদ্ম হাজৰিকাই । মিঞাক উজনি অসম ত্যাগ কৰাৰ বাবে কেইবাটাও জাতীয় সংগঠনে দিয়া ভাবুকিৰ পাছতে নগাঁৱৰ মৎস্য ব্যৱসায়ী সন্থাই উজনি অসমলৈ মাছ নপঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

বিধায়ক পদ্ম হাজৰিকাৰ মন্তব্য (ETV Bharat Assam)

এই সন্দৰ্ভত মঙলবাৰে বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক পদ্ম হাজৰিকাই কয় - ‘‘তেওঁলোকে ভাবিব নালাগে যে নগাঁৱৰ পৰা মাছ নপঠালে শিৱসাগৰ আৰু তিনিচুকীয়াৰ মানুহে মাছ খাবলৈ নাপাব । শিৱসাগৰৰ মানুহে মাছ খাবলৈ পাবই ৷ প্ৰয়োজনত কন্যকাৰ মাছ শিৱসাগৰ, তিনিচুকীয়ালৈ পঠিওৱা হ’ব । ইতিমধ্যে কন্যকা পৰিয়ালে মাছ উৎপাদন বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছে । প্ৰয়োজনত গৰুখুঁটিৰ প্ৰকল্পৰ পৰা উজনিলৈ শাক-পাচলি পঠাবলৈ আমি সাজু আছো । এনে ভাবুকিৰ পৰা বিৰত থাকক । প্ৰয়োজনত মাছ, শাক-পাচলি উজনিলৈ পঠিওৱাৰ ক্ষেত্ৰত মই নিজে নেতৃত্ব ল’ম ।’’

পদ্ম হাজৰিকাই আৰু কয়, ‘‘আমাৰ নিজৰ কাম কৰা মানুহ নাই বাবে উজনিত বেলেগে সুযোগ পাইছে । আমি কাম কৰিব লাগিব । নহ'লে এনে ভাবুকি আহিব । জাতীয় সংগঠনসমূহ ফিল্ডলৈ যাওক । আমাৰ মানুহ নাই বাবে মিঞাই সুবিধা ল’বই । কৰ্মসংস্কৃতিৰ যাত্ৰা আগুৱাই নিলে এনে পৰিস্থিতি আহিবলৈ নাপায় ।’’

উল্লেখ্য যে নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাই অনিৰ্দিষ্ট কাললৈ উজনি অসমলৈ মাছৰ যোগান বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । উজনি অসমৰ পৰিৱৰ্তে এতিয়াৰ পৰা মাথো গুৱাহাটীলৈহে মাছ ৰপ্তানি কৰিব নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাই । উজনিত ‘মিঞা হাটাও’ অভিযানৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাই । যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: সদনৰ মজিয়াত মুখ্যমন্ত্ৰীৰ ৰুদ্ৰমূৰ্তি : নামনিৰ মিঞাক উজনিলৈ যাব নিদিওৱেই, যি কৰে কৰক - Assam Assembly Autumn Session

অনিৰ্দিষ্টকাললৈ উজনি অসমলৈ মাছ ৰপ্তানি নকৰাৰ সিদ্ধান্ত মৎস্য ব্যৱসায়ীৰ - Miya Controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.