ETV Bharat / state

লখিমপুৰত অসম মহিলা সংঘৰ প্ৰতিবাদ, মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ - Assam Mahila Sangha

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 8:56 PM IST

National Federation of Indian Women : নিখিল ভাৰত মহিলা ফেডাৰেশ্যনৰ অন্তর্ভুক্ত অসম মহিলা সংঘৰ ৰাজ্যজুৰি প্ৰতিবাদ ৷ লখিমপুৰতো সংঘৰ লখিমপুৰ জিলা সমিতিয়ে সমদল কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়াৰ লগতে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ ৷

ASSAM MAHILA SANGHA
লখিমপুৰত অসম মহিলা সংঘৰ প্ৰতিবাদ (ETV Bharat Assam)

লখিমপুৰ, ১২ ছেপ্টেম্বৰ : ৰাজ্যজুৰি অসম মহিলা সংঘৰ প্ৰতিবাদী কাৰ্যসূচী । দাবী পূৰণৰ হকে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ ৷ ভাৰতীয় মহিলা ফেডাৰেশ্যনৰ অন্তর্ভুক্ত অসম মহিলা সংঘই বৃহস্পতিবাৰে ৰাজ্যজুৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

প্ৰতিখন জিলা সদৰত সংঘৰ জিলা সমিতিসমূহে তেওঁলোকৰ বিভিন্ন দাবী পূৰণৰ হকে প্ৰতিবাদী সমদল কৰি জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে । আন জিলাৰ দৰে লখিমপুৰতো সংঘৰ লখিমপুৰ জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

চি পি আইৰ লখিমপুৰ জিলা সমিতিৰ কাৰ্যালয়ত সমবেত হৈ তেওঁলোকে সমদল কৰি আহি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে । প্ৰতিবাদী মহিলাসকলে কয়, "কেন্দ্ৰীয় চৰকাৰে নাৰী অধিকাৰ ৰক্ষাৰ কথা কৈ থাকিলেও নাৰীৰ বাবে আসন সংৰক্ষণ ব্যৱস্থা কৰা হোৱা নাই । মহিলাসকলৰ গণতান্ত্ৰিক অধিকাৰ কাৰ্যকৰী কৰিবলৈ আমি জনোৱা দাবী পূৰণ কৰিবই লাগিব ।"

প্ৰতিবাদকাৰীসকলে কয়, ‘‘ৰাজ্য চৰকাৰে ধৰ্ষণবিৰোধী কঠোৰতম আইন প্ৰণয়ন কৰক । কৰ্মস্থলীত মহিলাৰ সুৰক্ষা আইন সুনিশ্চিত কৰক । সংসদত পৰি থকা মহিলাৰ সুৰক্ষা আইন-২০২৩ বলৱৎ কৰক । নাৰীৰ সকলো গোচৰ ফাষ্টট্ৰেক আদালতৰ জৰিয়তে তদন্ত কৰি কমদিনৰ ভিতৰতে নিষ্পত্তি কৰক ।’’

মহিলাৰ সুৰক্ষা ব্যৱস্থাৱলীৰ উপৰি তেওঁলোকে আন কেতবোৰ দাবীও উত্থাপন কৰে । প্ৰতিবাদকাৰীসকলে কয়, ‘‘চৰকাৰে স্মার্ট মিটাৰ প্ৰচলন বন্ধ কৰক । বিদ্যুৎ মাচুল হ্ৰাস কৰক । ঔষধকে ধৰি নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ দামবৃদ্ধি ৰোধ কৰক । পূৰ্বৰ চৰকাৰৰ দিনত ৫৮ বছৰত মহিলা আৰু ৬০ বছৰত পুৰুষসকলৰ বাবে ৰে’ল যাত্ৰাত ৫০ শতাংশ ভাৰা ৰেহাই দিয়াৰ ব্যৱস্থা আছিল । কিন্তু পিছত সেয়া বন্ধ কৰি ৰখা হৈছিল । বৰ্তমানৰ ডাবল ইঞ্জিনৰ চৰকাৰে বৃদ্ধকালৰ সুবিধা পুনৰ ঘুৰাই দিয়াৰ ব্যৱস্থা কৰক ।’’

এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে তেওঁলোকে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে । কাৰ্যসূচীত অসম মহিলা সংঘৰ লখিমপুৰ জিলা সমিতিৰ সভানেত্ৰী নিৰলা শইকীয়া, সম্পাদিকা বিনু কাকতি দত্তসহ ভালেসংখ্যক মহিলাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : কোনে খালে আঁচনিৰ টকা ? সুবিচাৰৰ দাবীত ৰাজপথলৈ আহিল শ শ ৰাইজ

একাধিক দাবীৰে বৰপেটাত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সন্মুখীন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.