ETV Bharat / state

শিশু শ্ৰমিক উদ্ধাৰৰ ক্ষেত্ৰত অসমৰ প্ৰদৰ্শন উন্নত : ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষ - NCPCR chairman Priyank Kanungo

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 8:26 AM IST

NCPCR chairman press meet in Guwahati : ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষ প্ৰীয়ানক কানোংগ’ৰ গুৱাহাটীত সংবাদমেল ৷ পৰ্যালোচনা বৈঠকলৈ আমন্ত্ৰণ ৰাজ্য চৰকাৰৰ 15 টাকৈ বিভাগক ৷ বৈঠকত উপস্থিত নাথাকিল স্বাস্থ্য বিভাগৰ কোনো বিষয়া । শিশু শ্ৰমিক উদ্ধাৰৰ ক্ষেত্ৰত অসমৰ ভূমিকা আন ৰাজ্যতকৈ উন্নত বুলি উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে ৷

Assam is doing better than other states in rescuing child labour NCPCR chairman Priyank Kanungo
ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষ প্ৰীয়ানক কানোংগ’ৰ সংবাদমেল (ETV Bharat Assam)

গুৱাহাটী, 22 জুন : ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগ আৰু অসম ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ উদ্যোগত শুকুৰবাৰে অনুষ্ঠিত হৈ যায় শিশুৰ বিভিন্ন দিশ সামৰি পৰ্যালোচনা বৈঠক । মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী কাৰ্যালয়ত অনুষ্ঠিত হয় এই বৈঠকখনৰ । পৰ্যালোচনা বৈঠকখনত ৰাজ্য চৰকাৰৰ 15 টাকৈ বিভাগক আমন্ত্ৰণ জনোৱা হৈছিল যদিও স্বাস্থ্য বিভাগৰ কোনো বিষয়া বৈঠকখনত উপস্থিত নাথাকিল ।

বৈঠকৰ অন্তত ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষ প্ৰীয়ানক কানোংগ’ই এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলত কানোংগ’ই কয়, "শিশু শিক্ষা অধিকাৰ আইনৰ দ্বাৰা আৰ্থিকভাৱে দুৰ্বল শিশুসকলৰ বাবে ব্যক্তিগত বিদ্যালয়ত 25% আসন সংৰক্ষণৰ নিয়ম আছে । এই 25% সংৰক্ষিত আসনৰ সম্পূৰ্ণ খৰচ বহন কৰিব লাগিব ৰাজ্য চৰকাৰে । বৰ্তমানলৈকে এই আইনৰ কাৰ্যকৰী হোৱা নাই । সেয়েহে আমি অহা 20 দিনৰ ভিতৰত আয়োগক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছো ।"

লগতে পঢ়ক: চিকিৎসক দম্পতীৰ বিৰুদ্ধে বনকৰা কিশোৰীক শাৰীৰিক নির্যাতন চলোৱাৰ অভিযোগ; পলাতক অভিযুক্ত - Child Labour Torture

ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষগৰাকীয়ে লগতে কয়, "অসমে শিশু শ্ৰমিক উদ্ধাৰৰ ক্ষেত্ৰত আন ৰাজ্যতকৈ ভাল দৰে কাম কৰি আছে । বিগত বৰ্ষত 289 টা গোচৰ ৰুজু কৰা হৈছিল, এই বৰ্ষত বৰ্তমানলৈ 20 টা গোচৰ ৰুজু হৈছে ।"

আনহাতে, পৰ্যালোচনা বৈঠকত শিশু সুৰক্ষা সন্দৰ্ভত হোৱা আলোচনা সম্পৰ্কত অধ্যক্ষগৰাকীয়ে কয়, "POCSO গোচৰসমূহৰ এজাহাৰ শিশু সুৰক্ষা আয়োগত দিব লাগে । বিগত দুটা বছৰ ধৰি লক্ষ্য কৰা হৈছে যে শিশু সুৰক্ষা আয়োগৰ গোচৰ আৰু আৰক্ষীৰ গোচৰৰ মাজত বহুত পাৰ্থক্য আছে । সেয়েহে শিশুৰ গোচৰৰ ক্ষেত্ৰত অলপ বেলেগকৈ, বিশেষ গুৰুত্ব সহকাৰে তদন্ত কৰিব লাগে ।"

সমান্তৰালভাবে, ব্যক্তিগত বিদ্যালয়সমূহত থকা হোষ্টেলসমূহত ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ নীতি-নিয়মসমূহ কাৰ্যকৰী কৰিবৰ বাবে আবেদন জনোৱা হয় বুলিও আয়োগৰ অধ্যক্ষ প্ৰীয়ানক কানোংগ’ই সংবাদমেলত উল্লেখ কৰে ।

লগতে পঢ়ক: ধোঁৱাচাঙত শিশু শ্ৰমিক আইন; শিশু শ্ৰমিক সুৰক্ষা গোটৰ অভিযানত উদ্ধাৰ 11 টাকৈ শিশু শ্ৰমিক - Child labour rescue in guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.