ETV Bharat / state

কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা: 50,618 গৰাকী উত্তীৰ্ণ, উত্তীৰ্ণৰ হাৰ 42.56 শতাংশ - HSLC Compartmental Exam 2024 - HSLC COMPARTMENTAL EXAM 2024

HSLC Compartmental Exam 2024 : পুৱা ১১ বজাৰ লগে লগে ঘোষণা কৰা হ’ল চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ৷ অসম মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰে এই ফলাফল ৷ কিমানগৰাকী পৰীক্ষাৰ্থী হ’ল উত্তীৰ্ণ ? পঢ়ক সবিশেষ...

HSLC COMPARTMENTAL EXAM 2024
অসম মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰে এই ফলাফল (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 1:33 PM IST

Updated : Jun 21, 2024, 2:26 PM IST

গুৱাহাটী, 21 জুন : শুকুৰবাৰে ঘোষণা কৰা হৈছে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ৷ পুৱা 11 বজাৰ লগে লগে ঘোষণা কৰা হয় এই ফলাফল ৷ অসম মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰে ফলাফলসমূহ ৷ পৰিষদৰ সচিবে এক নিৰ্দেশনাযোগে প্ৰকাশ কৰিছিল ফলাফল ঘোষণাৰ কথা ৷

HSLC COMPARTMENTAL EXAM 2024
আজি ঘোষণা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল (Etv Bharat)

মুঠ 51,648 গৰাকী আবেদনকাৰীৰ ভিতৰত পৰীক্ষাত অৱতীৰ্ণ হৈছিল 50,618 গৰাকী পৰীক্ষাৰ্থী ৷ অৱতীৰ্ণ পৰীক্ষাৰ্থীসকলৰ ভিতৰত 151 গৰাকীয়ে প্ৰথম বিভাগ, 8,812 গৰাকীয়ে দ্বিতীয় বিভাগ আৰু 12,579 গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৷ অৰ্থাৎ মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত 21,542 গৰাকীয়ে উত্তীৰ্ণ হয় ৷ উত্তীৰ্ণৰ শতকৰা হাৰ হৈছে 42.56 শতাংশ ৷ ইয়াৰ বিপৰীতে 1,030 গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন কৰাৰ পিছতো কিন্তু অৱতীৰ্ণ নহ’ল পৰীক্ষাত ৷

উল্লেখ্য যে, উত্তীৰ্ণৰ হাৰ সৰ্বাধিক মৰিগাঁৱত আৰু সৰ্বনিম্ন বঙাইগাঁও জিলাত ৷ সেই অনুসৰি, 72.16 শতাংশৰে মৰিগাঁও জিলাই দখল কৰে শীৰ্ষস্থান, বিপৰীতে 16.87 শতাংশ উত্তীৰ্ণৰে তালিকাৰ অন্তিম স্থানত থাকে বঙাইগাঁও জিলা ৷ তাৰপিছতে 68.89 শতাংশ উত্তীৰ্ণৰে দ্বিতীয় স্থানত আছে ধেমাজি আৰু 65.92 শতাংশ উত্তীৰ্ণৰে তালিকাৰ তৃতীয় স্থান দখল কৰে কোকৰাঝাৰ জিলাই ৷

এই পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীসকলে ছেবাৰ ৱেবছাইট sebaonline.org ত নাইবা seba result এপত ফলাফলসমূহ লাভ কৰিব পাৰিব বুলি ইতিমধ্যে পৰিষদে জনাইছে ৷ একেদৰেই মাৰ্কশ্বিটসমূহো ডাউনলোড কৰিব পাৰিব ৷ চলিত বৰ্ষৰ মে’ আৰু জুনত অনুষ্ঠিত হৈছিল এই কম্পাৰ্টমেণ্টেল পৰীক্ষা ৷

লগতে পঢ়ক: HSLC Compartmental exam: ৪ জুলাইৰ পৰা ৮ জুলাইলৈ অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা

চলিত বৰ্ষৰে 20 এপ্ৰিলত ঘোষণা হৈছিল মেট্ৰিকৰ ফলাফল ৷ অনুত্তীৰ্ণ প্ৰাৰ্থীসকলৰ যাতে চলিত শিক্ষাবৰ্ষটো ক্ষতি নহয়, তাৰ বাবে কম্পাৰ্টমেণ্টেল পৰীক্ষা মে' মাহত অনুষ্ঠিত কৰি জুনৰ ভিতৰত ফলাফল ঘোষণা কৰাৰ লক্ষ্য হৈছিল ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৷ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে আবেদন কৰিবলৈ 25 এপ্ৰিলৰ পৰা মুকলি কৰি দিয়া হৈছিল পৰ্টেল ৷

উল্লেখ্য যে, এইবেলি 16 ফেব্ৰুৱাৰীৰ পৰা 4 মার্চলৈ অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ ৰাজ্যৰ 913 টা পৰীক্ষাকেন্দ্ৰত 4,25,965 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে ফলাফল ঘোষণাৰ পিছত 3,17,317 গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হয় ৷ মুঠ প্ৰাৰ্থীৰ উত্তীৰ্ণৰ হাৰ আছিল 75.7 শতাংশ ৷ ইয়াৰ ভিতৰত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ আছিল 77.3% আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ আছিল 74.4% ৷ তদুপৰি তৃতীয় লিংগৰ অৱতীৰ্ণ প্ৰাৰ্থীসকলৰ ভিতৰত উত্তীৰ্ণৰ হাৰ আছিল 80% ৷

উল্লেখ্য যে, এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত পেপাৰ লিক হোৱাৰ বাবে তাৎক্ষণিকভাৱে পৰীক্ষা বাতিল, বিভিন্ন পৰীক্ষা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি আদি নানান উৎকণ্ঠাৰ মাজেৰে পাৰ হয় চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷

লগতে পঢ়ক: CBSEৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা বাতিলৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

Last Updated : Jun 21, 2024, 2:26 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.