ETV Bharat / state

ফলাফলৰ পাচতেই লখিমপুৰ-হোজাইত আনন্দৰ বন্যা - Assam HS Result 2024

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 12:01 PM IST

HS Result 2024 : বৃহস্পতিবাৰে ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল । ঘোষিত ফলাফল অনুসৰি লখিমপুৰ জিলাত দহ সহস্ৰাধিক শিক্ষার্থীয়ে সফলতা লাভ কৰে । আনহাতে হোজাইত জিলিকি ৰ’ল শংকৰদেৱ জুনিয়ৰ কলেজ ৷

Assam HS Result 2024 students shine with good marks in lakhimpur and hojai
সফলতাৰে উত্তীৰ্ণ শিক্ষাৰ্থী (ETV BHARAT ASSAM)
আনন্দৰ বন্যা (ETV BHARAT ASSAM)

লখিমপুৰ/হোজাই, 10 মে’ : লখিমপুৰত দহ সহস্ৰাধিক শিক্ষার্থীয়ে পাৰ কৰিলে উচ্চতৰ মাধ্যমিকৰ দেওনা । বৃহস্পতিবাৰে ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল । লখিমপুৰ জিলাত এইবাৰ এই পৰীক্ষাত দহ সহস্ৰাধিক শিক্ষার্থী বিভিন্ন বিভাগত উত্তীৰ্ণ হয় । জিলাখনত এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীর্ণ হৈছিল ১১ হেজাৰ ৬৯৯ জন শিক্ষার্থী । ইয়াৰে ১০ হেজাৰ ৮৫৭ জন শিক্ষাৰ্থী উত্তীৰ্ণ হয় । জিলাখনত এইবাৰ এই পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হ’ল ৯২.৮ শতাংশ ।

Assam HS Result 2024
লখিমপুৰ জিলাত দহ সহস্ৰাধিক শিক্ষার্থী উত্তীৰ্ণ (ETV BHARAT ASSAM)

উল্লেখ্য যে, এইবাৰ লখিমপুৰ জিলাখনত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীর্ণ হোৱা সকল হ’ল-

কলা শাখাত উত্তীৰ্ণ শিক্ষার্থী

  • ৯ হেজাৰ ৮৮ জন শিক্ষার্থীৰ ১ হেজাৰ ৯৭৯ জন প্ৰথম বিভাগ
  • ৪ হেজাৰ ১৪ জন দ্বিতীয় বিভাগ
  • ২ হেজাৰ ৫৭৮ জন শিক্ষার্থী তৃতীয় বিভাগ

তেনেদৰে বিজ্ঞান শাখাত উত্তীৰ্ণ শিক্ষার্থী

  • ২ হেজাৰ ২০২ জন শিক্ষার্থীৰ ৭৬৮ জন প্ৰথম বিভাগ
  • ৭৯৪ জন দ্বিতীয় বিভাগ
  • ৩৬৬ জন শিক্ষার্থী তৃতীয় বিভাগ

বাণিজ্য শাখাত উত্তীৰ্ণ শিক্ষার্থী

  • ৩৯৮ জন শিক্ষার্থীৰ ৮৪ জন প্ৰথম বিভাগ
  • ১৬৪ জন দ্বিতীয় বিভাগ
  • ১০০ জন তৃতীয় বিভাগ

বৃত্তিমুখী শিক্ষাত উত্তীৰ্ণ শিক্ষার্থী

  • ১১ জন শিক্ষার্থীৰ ১ জন প্ৰথম বিভাগ
  • ৬ জন দ্বিতীয় বিভাগ
  • ৩ জন তৃতীয় বিভাগ

ঘোষিত ফলাফল অনুসৰি জিলাখনত কলা শাখাত ৮ হেজাৰ ৫৭১ জন, বিজ্ঞান শাখা ত ১ হেজাৰ ৯২৮ জন, বাণিজ্য শাখাত ৩৪৮ জন আৰু বৃত্তিমুখী শিক্ষা শাখাত ১০ জন শিক্ষার্থী উত্তীৰ্ণ হয় । আনহাতে, এই পৰীক্ষাত ৮৪২ গৰাকী শিক্ষার্থী অনুত্তীৰ্ণ হৈ ৰয় ।

হোজাই :-

আনহাতে হোজাইতো পৰিলক্ষিত উছৱমুখৰ পৰিৱেশ ৷ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলক লৈ উৎফুল্লিত হোজাইৰ শংকৰদেৱ জুনিয়ৰ কলেজৰ ছাত্ৰ-ছাত্ৰী । হোজাই চহৰৰ এখন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান শংকৰদেৱ জুনিয়ৰ কলেজ ।

Assam HS Result 2024
সফলতাৰ হাঁহি (ETV BHARAT ASSAM)

হোজাই শংকৰদেৱ জুনিয়ৰ কলেজৰ পৰা প্ৰতি বছৰে শীৰ্ষ প্ৰথম ১০ টা স্থানৰ পৰা ১ টা বা ২ টাকৈ স্থান অধিকাৰ কৰি আহিছে । এইবাৰো জিলিকি উঠিল 93 শতাংশ নম্বৰ লাভ কৰি বাণিজ্য বিভাগৰ পৰা প্ৰণয় শৰ্মা ৷

তাৰোপৰি উৰ্ত্তীণ শিক্ষাৰ্থীৰ সংখ্যা এনেধৰণৰ -

  • ৯০ শতাংশৰে ৫ জন
  • ৮০ শতাংশৰে ৪১ জন
  • ষ্টাৰ মাৰ্ক ৭৬ জন
  • প্ৰথম বিভাগত ১৯৪ জন

এই ফলাফলৰ বাবে উৎফুল্লিত শংকৰদেৱ জুনিয়ৰ কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল ৷

লগতে পঢ়ক :

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰ হাৰত জিলিকিল কেইবাখনো শিক্ষানুষ্ঠান - Assam HS Result 2024

ৰাজ্যৰ ভিতৰত বিজ্ঞান শাখাত চতুৰ্থ, কলা শাখাত পঞ্চম স্থান যোৰহাটৰ - Assam HS RESULT 2024

শীৰ্ষস্থান প্ৰত্যাহাৰৰ সিদ্ধান্তক আদৰণি একাংশ শিক্ষাৰ্থীৰ - Rank holders of HS Result

দৰিদ্ৰতা নেওচি বৈষ্ণৱী হেমৰম জিলিকিল উচ্চতৰ মাধ্যমিক পৰীক্ষাত - Assam HS Result 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.