গুৱাহাটী: ৰাজ্যৰ শিক্ষাখণ্ডৰ মান উন্নত হ'বলৈ এতিয়াও বহু দূৰ । নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি ৰাজ্যত শিক্ষা ব্যৱস্থা আৰম্ভ হৈছে যদিও ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ অভাৱ এতিয়াও দূৰ হোৱা নাই । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে বিদ্যালয় শিক্ষাৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয় শিক্ষানুষ্ঠানলৈকে কেতবোৰ চমক সৃষ্টি কৰিব পৰা ঘোষণা কৰি আহিছে যদিও ৰাজ্যখনত এতিয়াও উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ অভাৱ আছে ।
লক্ষণীয় বিষয় যে শিক্ষাৰ্থীৰ বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰাৰ কোনো ব্যৱস্থা কৰা হোৱা নাই । শেহতীয়াকৈ উত্তৰ-পূব পৰিষদৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে অসমত প্ৰতি লাখ জনসংখ্যাৰ (১৮ বছৰৰ পৰা ২৩ বছৰ বয়স পর্যন্ত) বিপৰীতে মহাবিদ্যালয়ৰ সংখ্যা ৰাষ্ট্ৰীয় গড় হাৰতকৈ অতি কম । আনকি অসমৰ এই হাৰ উত্তৰ-পূবৰ অন্যান্য ৰাজ্যকেইখনতকৈও বেয়া ।
থাকিব লাগে ৩১ খন আৰু আছে ১৬ খন
যিসময়ত দেশৰ ৰাষ্ট্ৰীয় গড় হিচাপত প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে ৩১ খনকৈ মহাবিদ্যালয় আছে তেনে সময়তে অসমত মহাবিদ্যালয় আছে মাত্ৰ ১৬ খনহে । সৰ্বভাৰতীয় উচ্চ শিক্ষা জৰীপ আৰু শিক্ষা মন্ত্ৰালয়ৰ উদ্ধৃতি দি উত্তৰ-পূব পৰিষদে প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদনত ইয়াকে লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰা হৈছে । প্ৰতিবেদনৰ তথ্য মতে অসমত মুঠ কলেজৰ সংখ্যা ৫৬০ খন ।
অর্থাৎ জনসংখ্যা অনুসৰি প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে মাত্ৰ ১৬ খনকৈ কলেজ আছে আৰু প্ৰতিখন চৰকাৰী কলেজত গড় হিচাপত ৯৮০ গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিব পৰাৰ সুবিধা আছে । অসমৰ অধিকাংশ কলেজত শিক্ষকৰ খালী পদৰ সংখ্যা অধিক হোৱা বাবে নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলে ঠিকমতে শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হ'ব লগা হৈছে । তথ্য অনুসৰি প্ৰাদেশীকৃত আৰু চৰকাৰী মহাবিদ্যালয়ৰ সংখ্যা ৪৫২ খন । ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় আছে ৮৩ খন আৰু ব্যক্তিগত কিন্তু সাহাৰ্যপ্ৰাপ্ত কলেজৰ সংখ্যা হ'ল ২৫ খন । সেই হিচাপত ব্যক্তিগত খণ্ডৰ কলেজৰ সংখ্যা ১০৮ খন ।
লগতে পঢ়ক: ৰাজ্য চৰকাৰে দিব আছুতীয়াকৈ গণিত শিক্ষকৰ নিযুক্তি
উত্তৰ-পূবৰ আন ৰাজ্যৰ কিছু তথ্য
অসমৰ বিপৰীতে উত্তৰ-পূবৰ অন্যান্য ৰাজ্যত মহাবিদ্যালয় সংখ্যাত কম হ'লেও জনসংখ্যাৰ (১৮ বছৰৰ পৰা ২৩ বছৰ পর্যন্ত) তুলনাত বেছি । অৰুণাচল প্ৰদেশত প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে আছে ২৭ খনকৈ মহাবিদ্যালয় । সেইদৰে মণিপুৰত প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে আছে ৩৩ খন মহাবিদ্যালয় । মেঘালয়ত আছে ২৩ খন মহাবিদ্যালয় । আনহাতে প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে মিজোৰামত আছে ৩১ খন কলেজ, নাগালেণ্ডত আছে ২৮ খন কলেজ আৰু ছিকিমত আছে ৩০ খনকৈ কলেজ । অৱশ্যে এইক্ষেত্ৰত অসমতকৈও শোচনীয় অৱস্থা ত্ৰিপুৰাৰ ।
ত্ৰিপুৰাত প্ৰতিলাখ জনসংখ্যাৰ বিপৰীতে আছে মাত্ৰ ১৩ খনকৈ মহাবিদ্যালয় । লক্ষণীয় বিষয় যে ইয়াৰ পিছতো ৰাষ্ট্ৰীয় গড় হাৰতকৈ উত্তৰ-পূবত প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে মহাবিদ্যালয়ৰ সংখ্যা বহু কম । তথ্য মতে উত্তৰ-পূবত এই সংখ্যা ১৯ । অৰ্থাৎ প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে উত্তৰ-পূবত ১৯ খন কলেজ আছে ।
হিতাধিকাৰী সৃষ্টিত অধিক গুৰুত্ব চৰকাৰৰ
পৰিতাপৰ কথা যে ৰাজ্য চৰকাৰে শিক্ষা ব্যৱস্থাৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ বিপৰীতে হিতাধিকাৰীৰে চমক সৃষ্টিত অধিক মনোনিৱেশ কৰি আহিছে । ৰাজ্য চৰকাৰে ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ সুযোগ দিবৰ বাবে শিক্ষানুষ্ঠান স্থাপন, শিক্ষানুষ্ঠানবোৰত খালী হৈ থকা শিক্ষক পদ পূৰণ কৰি শিক্ষাৰ্থীক সুবিধা প্ৰদান কৰাতকৈ চমক সৃষ্টিতহে গুৰুত্ব দি আহিছে ।
চৰকাৰী কলেজৰ আসনৰ সংখ্যা
অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ তথ্য অনুসৰি ৰাজ্যত থকা চৰকাৰী মহাবিদ্যালয়সমূহত স্নাতক পৰ্যায়ত থকা কলা-বিজ্ঞান আৰু বাণিজ্য শাখাৰ আসনৰ সংখ্যা হৈছে কলা শাখাত ১,৬৬,২৫৪ খন, বিজ্ঞান শাখাত ৪০,০৫২ খন আৰু বাণিজ্য শাখাত ২৯,৩৩০ খন । সেই হিচাপত বৰ্তমান সময়ত স্নাতক পৰ্যায়ৰ শিক্ষাত ৰাজ্যৰ চৰকাৰী মহাবিদ্যালয়ত মুঠ আসন আছে ২,৩৫,৬৩৬ খন ।
চৰকাৰী কলেজত খালী হৈ আছে শিক্ষকৰ পদ
আনহাতে ৰাজ্যখনত বৰ্তমান সময়ত চৰকাৰী মহাবিদ্যালয়ত বিজ্ঞান শাখাত ২৯২ টা, কলা শাখাত ৬০৩ টা আৰু বাণিজ্য শাখাত ৭১ টা সহকাৰী অধ্যাপক তথা শিক্ষক পদ খালী হৈ আছে । যিসময়ত চৰকাৰী কলেজৰ আসনৰ অভাৱত শিক্ষার্থীয়ে যথেষ্ট ধন খৰচ কৰি ব্যক্তিগত খণ্ডৰ কলেজত অধ্যয়ন কৰিব লগাত পৰিছে সেই একে সময়তে চৰকাৰী মহাবিদ্যালয়ত শিক্ষকৰ অভাৱত শিক্ষার্থীয়ে শিক্ষাগ্ৰহণত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে ।
লগতে পঢ়ক: বিদ্যালয়-মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰৰ নতুন চিন্তা-চৰ্চা