গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী: অসমৰ ‘জাতীয় ফল’ হিচাপে মৰ্যাদা লাভ কৰিলে কাজিনেমুৱে । যোৱা ১২ ফেব্ৰুৱাৰীত ৰাজ্যিক কেবিনেটে কাজিনেমুক অসমৰ ‘জাতীয় ফল’ হিচাপে মৰ্যাদা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে । অসম বিধানসভাৰ বাজেট অধিৱেশনত মঙলবাৰে কৃষি মন্ত্ৰী অতুল বৰাই কেবিনেটৰ এই সিদ্ধান্তৰ কথা ঘোষণা কৰে ।
বিধানসভাত তেওঁ কয়, ‘‘ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বজাৰত বিশেষভাৱে সমাদৃত ঔষধি গুণসম্পন্ন অসমৰ কাজিনেমুৱে ৰাজ্যৰ ‘জাতীয় ফল’ হিচাপে মৰ্যাদা লাভ কৰিলে । যোৱা ১২ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অধ্যক্ষতাত অনুষ্ঠিত হৈ যোৱা অসম কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্তৰ বিষয়ে আজি অসম বিধানসভাৰ পবিত্ৰ সদনত ঘোষণা কৰি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ ।’’
মন্ত্ৰী বৰাই লগতে কয়, ‘‘অসমৰ বাহিৰে ক’তো নোপোৱা জি আই টেগ বিশিষ্ট কাজিনেমু গামোচাৰ দৰেই আমাৰ স্বকীয়তা আৰু স্বাভিমানৰ প্ৰতীক । সেয়েহে এই টেঙাজাতীয় ফলবিধক জাতীয় ফল হিচাপে ঘোষণা কৰাৰ খবৰে ৰাজ্যখনৰ কৃষক তথা কৃষিখণ্ডৰে জড়িত সকলোকে নিশ্চিতভাৱে আনন্দিত আৰু গৌৰৱান্বিত কৰিব । এই দূৰদৰ্শী তথা ঐতিহাসিক পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ।’’
তেওঁআৰু কয়, ‘‘এই অভিনৱ পদক্ষেপে স্বাস্থ্যৰ বাবে অতি উপকাৰী, সুঘ্ৰাণযুক্ত কাজিনেমুৰ প্ৰতি দেশ-বিদেশৰ ক্ৰেতা, উদ্যোগীৰ গুৰুত্ব বহুখিনি বৃদ্ধি পাব আৰু আমাৰ ৰাজ্যখনকো সংসাধিত কৃষি-উদ্যোগ স্থাপনৰ লগতে বাণিজ্যিক দিশতো যথেষ্ট লাভৱান কৰিব বুলি মই দৃঢ় বিশ্বাসী ।’’
কৃষিমন্ত্ৰীগৰাকীয়ে জনায় যে ২০১৮ চনৰ ৫ জানুৱাৰীত কাজিনেমুৰ ভৌগোলিক স্বীকৃতি বিচাৰি চি আৰ এছ ন-দিহিং নেমু টেঙা উন্নয়ন সমিতিয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত আবেদন জনাইছিল । ২০১৯ চনত কাজিনেমুৱে ভৌগলিক স্বীকৃতি লাভ কৰে ।
তেওঁ আৰু কয়, ‘‘ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ তথ্য মতে পূৰ্বতে অসমৰ বৰ্ণিহাটত (বৰ্তমান মেঘালয়ত) এই কাজিনেমু প্ৰথমবাৰ দেখা গৈছিল । বৰ্তমান অসমৰ বাক্সা, কামৰূপ, চিৰাং, মৰিগাঁও, কোকৰাঝাৰ, নগাঁও, তিনিচুকীয়া, গোৱালপাৰা আদি জিলা কাজিনেমুৰ খেতি হয় । কাজিনেমুৰ খেতিয়ে অসমৰ ১৫.৯০ হেক্টৰ কৃষি ভূমি সামৰি আছে ।
অসমত বছৰি ১.৫৮ লাখ মেট্ৰিক টন কাজিনেমু উৎপাদন হয় । যোৱা দুটা বছৰত অসমৰ পৰা ৭০ হাজাৰ কাজিনেমু লণ্ডন আৰু মধ্য প্ৰাচ্যৰ কেবাখনো দেশলৈ ৰপ্তানি হৈছে । অসমত কাজিনেমু খেতিৰ সম্প্ৰসাৰণ যথেষ্ট থল আছে ।
উল্লেখ্য যে কাজিনেমু এক প্ৰকাৰৰ বিশেষ প্ৰজাতিৰ নেমু । কাজিনেমুৰ কিছুমান বৈশিষ্ট্য আছে যাৰ বাবে ই আন নেমুতকৈ পৃথক । বিশেষকৈ ইয়াৰ গোন্ধ আন নেমুতকৈ বেলেগ আৰু আকৃতি তুলনামূলকভাৱে ডাঙৰ । সচৰাচৰ কাজিনেমুত গোটেই বছৰৰ জুৰি ফল লাগে । কাজিনেমুৰ যথেষ্ট ঔষধি গুণ আছে । কাজিনেমু প্ৰায় ২০ৰ পৰা ২৫ বছৰ পৰ্যন্ত জীয়াই থাকে । কাজিনেমু গছত গোটেই বছৰ জুৰি ফল লাগে । মন্ত্ৰী অতুল বৰাই কয় যে কাজিনেমু অসমৰ পৰম্পৰা, সংস্কৃতি আৰু ঐতিহৰ বাহক ।
লগতে পঢ়ক: ৰজাপুখুৰী শ্যাম গাঁৱত নিশাৰ আলহী হ’ব মুখ্যমন্ত্ৰী