ETV Bharat / state

লোকশিল্পী ধৰ্মেশ্বৰ নাথ-চিত্ৰশিল্পী দুৰ্লভ ভট্টাচাৰ্যলৈ 'বিষ্ণু ৰাভা বঁটা' - BISHNU RABHA AWARD

author img

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 7:19 PM IST

Bishnu Rabha award 2024: বিষ্ণু ৰাভা দিৱসত ৰাজ্য় চৰকাৰে 'বিষ্ণু ৰাভা বঁটা'ৰ লগতে ৯ গৰাকী বিশিষ্ট ব্যক্তিক বিভিন্ন শিতানত প্ৰদান কৰিব বঁটা । চলচ্চিত্র নির্মাতা আনোৱাৰ হুছেইনক প্ৰদান কৰা হ'ব ৰাষ্ট্রীয় পর্যায়ৰ 'আজান পীৰ বঁটা' ।

Minister Bimal Bara
চৰকাৰে বিভিন্ন শিতানত প্ৰদান কৰিব বঁটা (ETV BHARAT ASSAM)

মৰাণ, ১৮ জুন: ২০ জুনত ৰাজ্যত পালন কৰা হ'ব বিষ্ণু ৰাভা দিৱস । বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটোত প্ৰতিবছৰৰ দৰে এইবাৰো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ উদ্যোগত পালন কৰা হ'ব । এইবাৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ উদ্যোগত আৰু দৰং জিলা প্ৰশাসনৰ সহযোগত দৰং মহাবিদ্যালয়ত কেন্দ্রীয়ভাৱে বিষ্ণু ৰাভা দিৱসৰ আয়োজন কৰা হৈছে । এই অনুষ্ঠানতে ৰাজ্যৰ দুগৰাকী বিশিষ্ট ব্যক্তিক 'বিষ্ণু ৰাভা বঁটা' প্ৰদান কৰিব সাংস্কৃতিক পৰিক্ৰমা বিভাগে । মৰাণত মঙলবাৰে আনুষ্ঠানিকভাৱে বিশিষ্ট ব্যক্তি দুগৰাকীৰ নাম ঘোষণা কৰিলে মন্ত্ৰী বিমল বড়াই । এই বৰ্ষৰ 'বিষ্ণু ৰাভা বঁটা' বিশিষ্ট লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু বিশিষ্ট চিত্ৰশিল্পী দুৰ্লভ ভট্টাচাৰ্যলৈ আগবঢ়োৱা হৈছে ।

এই অনুষ্ঠানতে অসমৰ কলা-সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান আগবঢ়াই অহা ৯ গৰাকী বিশিষ্ট ব্যক্তিক বিভিন্ন শিতানত বঁটা প্ৰদান কৰা হ'ব বুলিও কয় মন্ত্ৰী বিমল বড়াই । উক্ত অনুষ্ঠানত প্রবীণ চলচ্চিত্র নির্মাতা আনোৱাৰ হুছেইনক ৰাষ্ট্রীয় পর্যায়ৰ 'আজান পীৰ বঁটা' প্ৰদান কৰা হ'ব । লগতে ৰাজ্যিক পৰ্যায়ৰ বঁটাসমূহ ক্ৰমে বিশিষ্ট সংগীত শিল্পী শাশ্বতী ভট্টাচার্যক গীতিকবি 'পার্বতিপ্রসাদ বৰুৱা বঁটা', বিশিষ্ট শিল্পী তথা শিক্ষয়িত্রী বন্দনা দত্তক 'অমলপ্রভা দাস বঁটা', বিশিষ্ট সমাজ সেৱিকা ড৹ সুনীতা চাংকাকতিক 'চন্দ্রপ্রভা শইকীয়ানী বঁটা' প্ৰদান কৰা হ'ব ।

তদুপৰি বিশিষ্ট সাহিত্যিক ড৹ কৰবী ডেকা হাজৰিকাক 'মামণি ৰয়ছম গোস্বামী বঁটা', বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰাক 'চৈয়দ আব্দুল মালিক বঁটা',বিশিষ্ট সাহিত্যিক তৰেন চন্দ্ৰ বড়োক 'আহমদ আলী বাঁশকান্দি বঁটা', বিশিষ্ট কবি আনিছ উজ-জামানক 'গণেশ গগৈ বঁটা', বিশিষ্ট সাহিত্যিক- সমাজসেৱী জীৱেশ্বৰ মহনক 'বীৰ ৰাঘৱ মৰাণ বঁটা'ৰে সন্মানিত কৰা হ'ব । দৰং মহাবিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি এই বঁটা প্ৰদান কৰিব বুলি সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে সদৰী কৰিছে ।

লগতে পঢ়ক:Assam govt announces award: আঠ গৰাকী বিশিষ্ট ব্যক্তিলৈ সাতটা বঁটা ঘোষণা ৰাজ্য চৰকাৰৰ

ডিব্ৰুগড়ত কেন্দ্ৰীয় কলাগুৰু বিষ্ণু ৰাভা দিৱস: বিশিষ্ট শিল্পীলৈ সন্মান চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.