ETV Bharat / state

অসমক মৎস্য উৎপাদনত আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্য় চৰকাৰৰ: কেশৱ মহন্ত - NATIONAL FISH FARMERS DAY

NATIONAL FISH FARMERS DAY 2024: ২০০১ চনৰ পৰা দেশত পালন কৰি অহা হৈছে 'ৰাষ্ট্ৰীয় মীন পালক দিৱস' । উল্লেখ্য় যে ১৯৫৭ চনৰ ১০ জুলাইত ভাৰতত প্ৰথমবাৰৰ বাবে কটকত অধ্য়াপক ড৹ হীৰালাল চৌধুৰী আৰু ড৹ কে এইচ আলিকুনহিয়ে কাৰ্প মাছৰ আৱিষ্ট প্ৰজনন কৰি কৃতকাৰ্যতা লাভ কৰিছিল ।

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 1:18 PM IST

NATIONAL FISH FARMERS DAY 2024
অসমত মৎস পালনৰ বাবে বিশেষ আঁচনি প্ৰস্তুত (ETV BHARAT ASSAM)

কলিয়াবৰ, ১০ জুলাই: আজি ৰাষ্ট্ৰীয় মীন পালক দিৱস । দেশৰ মৎস্য উৎপাদনত সহায়ক হোৱাকৈ মৎস্য প্ৰজননৰ এক কৌশল আজিৰ দিনটোতে উদ্ভাৱন হোৱাৰ চিন স্বৰূপে যোৱা ২০০১ চনৰ পৰা পালন কৰি আহিছে ৰাষ্ট্ৰীয় মীন পালক দিৱস । এইবেলি কেন্দ্ৰীয় চৰকাৰে আৰু কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানৰ সহযোগত মৎস পালনৰ বাবে বিশেষ আঁচনি প্ৰস্তুত কৰিছে অসম চৰকাৰে ।

এই পদক্ষেপৰ বিষয়ে মীন মন্ত্ৰী কেশৱ মহন্তই কয়, "অসমক মৎস্য উৎপাদনত আত্মনিৰ্ভৰশীল কৰিবলৈ আমি সংকল্পবদ্ধ । এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ, এছিয়ান ডেভেল'পমেণ্ট বেংক, বিশ্ব বেংক আৰু জাতিষ্কাৰ সহযোগত মৎস্য উৎপাদন বৃদ্ধিৰ বাবে আঁচনি গ্ৰহণ কৰিছো যাতে অসম মৎস উৎপাদনত স্বাৱলম্বী হয় । "

অসমৰ জলাশয়সমূহতো থলুৱা মাছৰ উৎপাদনৰ বাবে জাইকাইৰ সহযোগত বিশেষ আঁচনি যুগুতোৱাৰ কথা মীন মন্ত্ৰী গৰাকীয়ে সদৰী কৰে । মৎস্য উৎপাদন বৃদ্ধিৰ বাবে চৰকাৰে লোৱা এই পদক্ষেপ সমূহে অসমৰ মাছৰ চাহিদা পূৰণ হোৱাৰ লগতে মৎস্য পালক আৰু এই জীৱিকাৰ প্ৰতি আগ্ৰহী সকলো উপকৃত হোৱাৰ লগতে নিবনুৱাসকলৰ একাংশ সংস্থাপিত হ'ব বুলি আশা কৰিব পাৰি ।

এই ক্ষেত্ৰত মৎস্য পালকসকলেও মীন পালনৰ বাবে বিশেষ সা-সুবিধা আশা কৰে । বিশেষকৈ চৰকাৰী আঁচনিৰ সফল ৰূপায়ন হোৱাতো বিচাৰে বুলি তেওঁ কয় ।

লগতে পঢ়ক:আজি বিশ্ব চকলেট দিৱস-২০২৪ - World Chocolate Day 2024

উল্লেখযোগ্য যে ১৯৫৭ চনৰ ১০ জুলাইত ভাৰতত প্ৰথমবাৰৰ বাবে ওড়িশাৰ কটকত অধ্য়াপক ড৹ হীৰালাল চৌধুৰী আৰু ড৹ কে এইচ আলিকুনহিয়ে কাৰ্প মাছৰ আৱিষ্ট প্ৰজনন কৰি কৃতকাৰ্যতা লাভ কৰিছিল । আধুনিকভাৱে আৱিষ্ট প্ৰজননৰ জৰিয়তে মাছ পোনা উৎপাদনৰ দ্বাৰা ড৹ চৌধুৰী আৰু ড৹ আলিকুনহিয়ে এক বিৰল কৃতিত্বৰ দাবীদাৰ হয় ।

দুয়োগৰাকীৰ এই আশাশুধীয়া প্ৰচেষ্টা আমাৰ মাজত যাতে চিৰস্মৰণীয় হৈ থাকে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ভাৰত চৰকাৰে ২০০১ চনৰ ১০ জুলাইৰ দিনটো ‘ৰাষ্ট্ৰীয় মীন পালক দিৱস’ হিচাপে ঘোষণা কৰে । তেতিয়াৰে পৰা ১০ জুলাইৰ দিনটো মীনপালক দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ।

কৃত্ৰিমভাৱে মাছৰ পোনা উৎপাদনৰ জৰিয়তে ভাৰতবৰ্ষত মীন উদ্যোগে আগবাঢ়ি গৈছে । স্মৰ্তব্য যে ভাৰতবৰ্ষত মৎস্য উদ্যোগৰ বিকাশত পোনা উৎপাদন প্ৰযুক্তিয়ে এক সবল ভূমিকা গ্ৰহণ কৰি আহিছে । মাছৰ পোনাৰ অভাৱৰ বাবেই ষাঠিৰ দশকলৈ মীন উদ্যোগে বিশেষভাৱে প্ৰতিষ্ঠা লাভ কৰিব পৰা নাছিল । সেই সময়ত মীনপালকসকলে নৈ, বিল আদি প্ৰাকৃতিক জলাশয়ৰ পৰা মাছৰ পোনা সংগ্ৰহ কৰিব লগা হৈছিল । কমন কাৰ্প, টিলাপিয়া আদি কেইবিধমান প্ৰজাতিৰ মাছৰ বাহিৰে বাকী কাৰ্প জাতীয় মাছে বন্ধ পানীত প্ৰাকৃতিকভাৱে প্ৰজনন নকৰে । প্ৰজননৰ বাবে এই মাছবিলাকক বোৱতী পানীৰ প্ৰয়োজন ।

লগতে পঢ়ক:ৰাষ্ট্ৰীয় মীন পালক দিৱস-২০২৪ : তাৎপৰ্য আৰু এই বৰ্ষৰ বিষয়বস্তু - NATIONAL FISH FARMERS DAY

আন্তৰ্জাতিক সমবায় দিৱস; সকলোৰে বাবে এক উন্নত ভৱিষ্যত গঢ়াৰ বাবে সমবায় - International Day of Cooperatives

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.