ETV Bharat / state

ব্যক্তিগত বিল-জলাশয়-পুখুৰী সংৰক্ষণ কৰাৰ বাবে আহিব নতুন বিধেয়ক: কেবিনেটৰ সিদ্ধান্ত - DECISION OF CABINET MEETING

author img

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 10:50 PM IST

Assam Cabinet Meeting: মুখ্যমন্ত্রীৰ পৌৰোহিত্যত আজি অনুষ্ঠিত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও ডাঙৰ সিদ্ধান্ত লোৱা হয় ৷ এই অনুসৰি, ৬ বিঘাতকৈ অধিক ভূমিৰ ব্যক্তিগত মালিকানাধীন জলাশয় নাইবা পুখুৰী থাকিলে পুতিব নোৱাৰিব, সংৰক্ষিত জলাশয়, জান-জুৰি নাইবা পুখুৰী দখল কৰিলে তিনিবছৰ পৰ্যন্ত কাৰাদণ্ডৰ লগতে এক লাখ টকাৰ জৰিমনা বিহা হ’ব ৷ স্কুল শিক্ষা বিভাগৰ অধীনলৈ যাব পেঞ্চন সেৱা কেন্দ্ৰ, অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰে আদায় দিব পাৰিব মাটিৰ খাজনা ৷

Assam Cabinet Meeting
ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক (Pijush Hazarika X Account)

গুৱাহাটী, ১৩ আগষ্ট: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত মঙলবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্রী কেশৱ মহন্ত আৰু যোগেন মোহনে ।

  • নগৰ তথা মহানগৰৰ কৃত্রিম বানপানী ৰোধৰ বাবে নতুন বিধেয়ক :

নগৰ তথা মহানগৰ অঞ্চলত হৈ থকা কৃত্রিম বানপানী প্ৰতিৰোধৰ বাবে এখন নতুন বিল এইবাৰ বিধানসভাত উত্থাপন কৰা হ'ব । অসম নগৰ এলেকা জলাশয় সংৰক্ষণ আৰু সংবৰ্দ্ধন বিধেয়ক-২০২৪ আগন্তুক বিধানসভাৰ অধিৱেশনত উত্থাপনৰ বাবে কেবিনেটত সিদ্ধান্ত লোৱা হয় । এই বিধেয়কৰ যোগেদি ৰাজ্যৰ সকলো নগৰাঞ্চলৰ সকলো জলাশয় ইয়াৰ অন্তৰ্ভুক্ত হ’ব । সকলো প্ৰাকৃতিক জান-জুৰি ইয়াত অন্তৰ্ভুক্ত হৈছে । ইয়াত চৰকাৰী জলাশয়ৰ উপৰি ২ একৰৰ ওপৰৰ ব্যক্তিগত জলাশয়ো থাকিব ।

নগৰ তথা মহানগৰত ৬ বিঘাতকৈ অধিক ভূমিৰ ব্যক্তিগত মালিকানাধীন জলাশয় নাইবা পুখুৰী থাকিলে এই বিধেয়কৰ অধীনলৈ আহিব । যিটো সংৰক্ষণ আৰু সংবৰ্দ্ধন কৰা হ'ব আৰু ব্যক্তিগত হ'লেও পুতিব নোৱাৰিব । ইয়াৰ বাবে দুখন কমিটি গঠন কৰা হ’ব । এখন ৰাজ্যিক পৰ্যায়ৰ আৰু আনখন জিলা পৰ্যায়ৰ । এই কমিটিসমূহে তিনি মাহৰ ভিতৰত সকলো চাৰ্ভে সম্পূৰ্ণ কৰি প্ৰতিবেদন ৰাজ্যিক কমিটিলৈ প্ৰেৰণ কৰিব । এইক্ষেত্রত ৰাইজৰ ওজৰ-আপত্তি গ্ৰহণৰো ব্যৱস্থা থাকিব । সকলো হোৱাৰ পাছত সেইসমূহ ৰাজ্য চৰকাৰে সংৰক্ষণ কৰিব ।

সংৰক্ষিত জলাশয়, জান-জুৰি নাইবা পুখুৰী কোনোৱে দখল কৰিলে তিনিবছৰ পৰ্যন্ত কাৰাদণ্ড আৰু এক লাখ টকাৰ জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ দ্বাৰা কৃত্রিম বানপানীৰ পৰা সকাহ পোৱা যাব বুলি ধাৰণা কৰা হৈছে । এই বিলখন বিধানসভাই গৃহিত কৰিলে খৰটকীয়াভাৱে তিনিমাহৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব । আনহাতে ফ’ৰেষ্ট আৰু ফিচাৰী বিভাগৰ অন্তৰ্গত এনে জলাশয় তথা পুখুৰী বিভাগীয়ভাৱে সংৰক্ষণ কৰিব ।

  • ৰাজহ বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত :

কেবিনেটৰ সিদ্ধান্ত অনুসৰি মাটিৰ খাজনা অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰে আদায় দিব পাৰিব । এই সুবিধা অহা এবছৰলৈকে থাকিব । আনহাতে মৌজাদাৰসকলৰ কমিচনৰ ৩০ শতাংশ তেওঁলোকৰ একাউণ্টত জমা হ’ব । ভূমিৰ গৰাকীয়ে প্ৰথমে নিজৰ মাটিৰ সন্দৰ্ভত পঞ্জীয়ন কৰিব লাগিব । বুধবাৰৰ পৰা এই ব্যৱস্থা কাৰ্যকৰী হ'ব ।

  • পেঞ্চন সেৱা কেন্দ্ৰৰ কাম শিক্ষা বিভাগৰ অধীনলৈ :

কেবিনেটত পেঞ্চন সেৱাকেন্দ্ৰৰ পৰা পেঞ্চনৰ কাম এতিয়াৰে পৰা শিক্ষা বিভাগৰ অধীনলৈ লৈ যোৱাৰ সিদ্ধান্ত লোৱা হয় । শিক্ষা বিভাগৰ পেঞ্চনাৰৰ সংখ্যা বেছি হোৱাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে । ৩৩ টা পেঞ্চন সেৱাকেন্দ্ৰৰ কাম ১ ছেপ্টেম্বৰৰ পৰা শিক্ষা বিভাগৰ অধীনত পৰিচালিত হ'ব ।

লগতে পঢ়ক: অনিশ্চয়তাত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ: ৰাজ্যসভা নিৰ্বাচন আৰু উপ-নিৰ্বাচনক লৈ ব্যস্ত মুখ্যমন্ত্ৰী - Assam cabinet expansion

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.