ETV Bharat / state

ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰশিক্ষণ অমান্য কৰা তিনি শিক্ষকক নিলম্বন শিক্ষা বিভাগৰ - Lok Sabha elections 2024

Assam govt suspended school headmaster : নিৰ্বাচনৰ প্ৰাকক্ষণত শিক্ষকক লৈ কঠোৰ হৈছে শিক্ষা বিভাগ ৷ ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰশিক্ষণ অমান্য কৰা তিনিজন শিক্ষকক নিলম্বন কৰিলে শিক্ষা বিভাগে ৷

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 9:51 AM IST

Assam government school headmaster suspended for attending training under influence of alcohol

ডিব্ৰুগড়, 4 এপ্ৰিল : দেশত সুস্থ গণতন্ত্ৰ স্থাপনৰ বাবে দেশত চলিত বৰ্ষৰ 19 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন । এই লোকসভা নিৰ্বাচনৰ বাবে দেশৰ সকলো ৰাজনৈতিক দলে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে । ইয়াৰ সমান্তৰালভাৱে দেশৰ নিৰ্বাচন আয়োগ সাজু হৈছে শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ।

ইতিমধ্যে জিলাই জিলাই প্ৰশাসনে সকলো বিভাগৰ বিষয়াক নিৰ্বাচনৰ বাবে নিৰ্বাচিত কৰি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে । বিশেষকৈ প্ৰতিবছৰৰ দৰে এইবাৰো শিক্ষক-শিক্ষয়িত্ৰীসকলক নিবাৰ্চনী প্ৰক্ৰিয়াত জড়িত কৰাইছে নিৰ্বাচন আয়োগে । দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ প্ৰাকক্ষণত শিক্ষকক লৈ কঠোৰ হৈছে শিক্ষা বিভাগ ।

ডিব্ৰুগড়ত নিৰ্বাচনৰ প্ৰশিক্ষণ অমান্য কৰা তিনিজন শিক্ষকক নিলম্বন কৰিলে শিক্ষা বিভাগে । ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয়ে জানিবলৈ দিয়া অনুসৰি ভগামূৰ তিনিআলি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী জেউতি দাসে 21 মাৰ্চ আৰু 26 মাৰ্চত নিৰ্বাচনী প্ৰশিক্ষণৰ বাবে অনুপস্থিত থকাৰ দৰে হাতিআলি খাতিগাধৈ প্ৰাথমিক বিদ্যালয়ৰ সহঃ শিক্ষক ফজলুল ৱাহিদ নামৰ শিক্ষকগৰাকীয়েও 21 মাৰ্চ আৰু 26 মাৰ্চত নিৰ্বাচনী প্ৰশিক্ষণৰ বাবে অনুপস্থিত থকা বাবে নিলম্বন কৰিছে শিক্ষা বিভাগে ।

লগতে 29 মাৰ্চ তাৰিখে প্ৰশিক্ষণৰ স্থানত অধিক মাত্ৰাত মদ্যপান কৰি উপস্থিত থকা কঠালগুৰি এম ভি স্কুলৰ প্ৰধান শিক্ষক ৰন্টু বৰুৱাক নিলম্বন কৰিছে শিক্ষা বিভাগে । ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয়ে বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিলম্বনৰ নিৰ্দেশনা জাৰি কৰিছে । এই ঘটনাই ডিব্ৰুগড়ৰ শিক্ষক সমাজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ।

লগতে পঢ়ক : জনতাৰ সমস্যাক লৈ কাৰো কোনো কথা নাই; প্ৰচাৰৰ নামত কেৱল বোকা ছটিওৱাৰ ৰাজনীতি - Lok Sabha election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.