তেজপুৰ, ৯ মাৰ্চ : অসম চৰকাৰৰ জনসংযোগ বিভাগে সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিষ্ঠিত ইউ টিউবাৰসকলৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিছে ৷ প্ৰথমবাৰৰ বাবে চৰকাৰে জনসংযোগৰ জৰিয়তে কমেও একলাখ অনুৰাগী থকা প্ৰতিষ্ঠিত ইউ টিউবাৰসকলৰ পৰা প্ৰপজেলৰ জাননী জাৰি কৰিছে ৷ চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ বহুল প্ৰচাৰৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে ।
যোৱা 7 মাৰ্চত 452766/1 নম্বৰৰ জাননীযোগে ৰাজ্যৰ ইউ টিউবাৰসকলৰ পৰা আৰ ই পি অৰ্থাত ৰিকুৱেষ্ট ফৰ প্ৰপজেলৰ বাবে আবেদন বিচাৰিছে ।
কমেও এক লাখ চাবছক্ৰাইবাৰ থকা ইউটিউবাৰসকলে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত তেওঁলোকৰ নাম পঞ্জীয়ন কৰিবলৈ আবেদন কৰিব পাৰিব । জনসংযোগৰ সঞ্চালক মানবেন্দ্ৰ দেৱ ৰয়ে এক জাননীৰ জৰিয়তে জনসংযোগ বিভাগৰ পৰ্টেলযোগে ইউটিউবাৰসকলে নিবিদা প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে ।
- " class="align-text-top noRightClick twitterSection" data="">
উল্লেখ্য যে চৰকাৰে বৰ্তমান ইউ টিউবাৰসকলৰ জৰিয়তে উন্নয়নৰ খতিয়ানৰ প্ৰতি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে । চৰকাৰৰ যিসমূহ কল্যাণমূলক কাম জনসংযোগৰ জৰিয়তে সংবাদ মাধ্যম, টেলিভিছন আদিত প্ৰকাশ কৰা হয় সেইসমূহ এতিয়াৰে পৰা ইউটিউবাৰৰ জৰিয়তে ৰাইজৰ মাজলৈ লৈ যাব বিচাৰিছে ৷ ফলত নিজৰ মোবাইল ফোনটোতে কোনো ব্যক্তিয়ে চৰকাৰৰ আঁচনি, কাম-কাজসমহৰ বিষয়ে জানিবলৈ সক্ষম হ’ব ৷
জাননী অনুসৰি ৮ মাৰ্চৰ পৰা অহা ২২ মাৰ্চৰ ভিতৰত প্ৰতিস্থিত ইউ টিউবাৰসকলে নিৰ্দিষ্ট পৰ্টেলত তেওঁলোকৰ তথ্য দাখিল কৰিব লাগিব । অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই তেওঁৰ ‘X’ হেণ্ডেলত এই বিষয়ে উল্লেখ কৰি জনায় যে চৰকাৰৰ উন্নয়ন কাৰ্যসূচীৰ বিষয়ে ইউটিউবাৰ সকলে জনাব লাগিব ৷ অৱশ্য ইউ টিউবাৰসকল অসমৰ হ’ব লাগিব ৷
লগতে পঢ়ক: বিজেপি চৰকাৰে প্ৰৱঞ্চনা কৰাৰ অভিযোগ, ভোট নিদিয়াৰ হুংকাৰ চাহ শ্ৰমিক ৰাইজৰ