ETV Bharat / state

অপৰিৱৰ্তিত বান পৰিস্থিতি : জিলাই জিলাই মন্ত্ৰীৰ পদাৰ্পন - Assam flood 2024 - ASSAM FLOOD 2024

Current situation of Assam flood : বানপীড়িত এলেকা পৰিদৰ্শন কৰি বিভিন্ন পন্থা হাতত লৈছে ৰাজ্যৰ মন্ত্ৰীসকলে ৷ প্ৰদান কৰিছে সাহায্য় ৷ প্ৰায়সমূহ ঠাইতে অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি ৷

Current situation of Assam flood
কলিয়াবৰত মন্ত্ৰী অতুল বৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 11:01 PM IST

নিউজ ডেস্ক, 4 জুলাই : অপৰিৱৰ্তিত হৈ আছে ৰাজ্যৰ বান পৰিস্থিতি ৷ প্ৰতিখন জিলাত বাহৰ পাতিছে মন্ত্ৰীয়ে ৷ বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক দিয়া হৈছে এককালীন সাহায্য় ৷

কলিয়াবৰত মন্ত্ৰী অতুল বৰা (ETV Bharat Assam)

মৃত্যুৰ ৪৮ ঘন্টাৰ ভিতৰতে দিলে সাহায্যৰ ধন

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বৃহস্পতিবাৰে পৰিদৰ্শন কৰে তিনিচুকীয়া জিলাৰ বান পৰিস্থিতি ৷ বানৰ ফলত মৃত্যুমুখত পৰা এজন লোকৰ নিকটাত্মীয়ৰ হাতত ৪ লাখ টকাৰ এককালীন সাহায্যৰ চেক প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে । ছৈখোৱাৰ ন-বৰমুৰা গাঁৱৰ শ্বিলবানু তিৰ্কীৰ বাসভৱনত উপস্থিত হৈ তেওঁৰ পত্নীৰ হাতত এক কালীন সাহায্যৰ চেক প্ৰদান কৰে ৰণজিৎ কুমাৰ দাসে ৷ উল্লেখযোগ্য যে মঙলবাৰে নিজৰ ঘৰৰ ওচৰতে নাও দুৰ্ঘটনাত মৃত্যুমুখত পৰিছিল শ্বিলবানু তিৰ্কী ।

কাছাৰৰ বান পৰিস্থিতি :

ক্ৰমাৎ অৱনতি ঘটিছে কাটিগড়াৰ বান পৰিস্থিতিৰ ৷ বানপীড়িতসকলে আশ্ৰয় লৈছে শিৱিৰত ৷ কাটিগড়াত বানৰ কৱলত পৰিছে ৮৫ খন গাঁও ৷ ৯০ হেজাৰ লোক বানৰ কৱলত পৰিছে ৷ চাৰিটা শিৱিৰত আশ্ৰয় লৈছে বানাক্ৰান্তই ৷ ৰাজাটিলা-সাদিৰখাল পথ পানীৰ তলত থকাৰ ফলত ১০ খন গাঁৱৰ লোকৰ যাতায়ত বন্ধ হৈ পৰিছে৷ একাঠু পৰ্যন্ত পানী হৈছে বাসগৃহসমূহত ৷

কলিয়াবৰত বানৰ বুজ ল’লে অতুল বৰাই :

বৃহস্পতিবাৰে কলিয়াবৰত উপস্থিত হয় মন্ত্ৰী অতুল বৰা ৷ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে জখলাবন্ধাৰ আশ্ৰয় শিৱিৰত উপস্থিত হৈ বানাক্ৰান্তৰ অভাৱ-অভিযোগৰ বুজ লয় ৰাজ্যৰ কৃষি আৰু পশুপালন মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে বানাক্ৰান্ত ৰাইজৰ প্ৰয়োজনীয় সা-সামগ্ৰীৰ লগতে পশুখাদ্যৰ যাতে অভাৱ নহয় তাৰ বাবে ৰাজ্য চৰকাৰে প্ৰতি ক্ষণতে তদাৰক কৰি আছে ৷ নগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত বান বিষয়ক বৈঠকত সামগ্ৰীকভাৱে আটাইবোৰ বিষয় সামৰি আলোচনা কৰা হয় ৷

জোনাইত সৰ্বস্বান্ত ৪৯ টা পৰিয়াল :

শিৱিৰত আশ্ৰয় লৈ আছে জোনাইৰ শিৱগুৰি গাঁৱৰ প্ৰায় ৪৯ টা পৰিয়ালে ৷ বৃহস্পতিবাৰে জোনাই চেম্বাৰ অৱ কমাৰ্চৰ তৰফৰ পৰা আশ্ৰয় শিৱিৰত থকা পৰিয়ালসমূহক বিভিন্ন সামগ্ৰী যোগান ধৰা হয় ৷ পোন প্ৰথমবাৰৰ বাবে জোনাই চেম্বাৰ অৱ কমাৰ্চে এনে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে ৷ পৰৱৰ্তী সময়ত কমাৰ্চৰ সকলো সদস্যৰ সৈতে আলোচনা কৰি বানাক্ৰান্ত পৰিয়ালসকলক অধিক সামগ্ৰী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব জানিব পৰা গৈছে ৷

লগতে পঢ়ক: কান্ধত গামোচা লোৱা প্ৰধানমন্ত্ৰীয়ে পেটত গামোচা বান্ধি থকাসকলৰ দুৰ্দশা বুজক : আছু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.