ETV Bharat / state

আলফাৰ হৈ বোমা সংস্থাপন কৰিছিল চুবুৰীয়া ৰাজ্যৰ লোকে - ULFA I bomb plant case

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 6:06 PM IST

ULFA I bomb plant case: আলফা স্বাধীনৰ বোমা সংস্থাপন গোচৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত ক্ষিপ্ৰতাৰে আগবাঢ়িছে । ইতিমধ্যে এই নেটৱৰ্কৰে জড়িত লোকৰ তথ্য আৰক্ষীৰ হাতত পৰিছে । শীঘ্ৰে সকলো লোককে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিশ্ৰুতি আৰক্ষীৰ সঞ্চালক প্ৰধানৰ ।

GP Singh
আলফাৰ হৈ বোমা সংস্থাপন কৰিছিল চুবুৰীয়া ৰাজ্যৰ লোকে (ETV Bharat)

গুৱাহাটী,৭ ছেপ্টেম্বৰ : স্বাধীনতা দিৱসৰ দিনটোত আলফা স্বাধীনে অসমৰ বিভিন্ন জিলাত বোমা সংস্থাপন কৰাক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । ৰাজ্যৰ কেইবাখনো জিলাত উদ্ধাৰ হৈছিল বোমা । একেদৰে আলফাই দাবী কৰাৰ পিছতো কিছুমান স্থানৰ পৰা বোমা উদ্ধাৰ কৰিব নাছিল অসম আৰক্ষীয়ে । ঘটনাৰ পিছতে অসম আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

আলফাৰ বোমা সংস্থাপন

বোমা সংস্থাপনৰ ঘটনাত জড়িত থকাৰ সন্দেহত ইতিমধ্যে আৰক্ষীয়ে কেইবাজনো লোকক আটক কৰাৰ লগতে বিভিন্নজনক জেৰাও অব্যাহত ৰাখিছে । ইয়াৰ মাজতে আলফা স্বাধীনৰ বোমা সংস্থাপন গোচৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ গুৰুত্বপূৰ্ণ ঘোষণা । আৰক্ষী সঞ্চালক প্ৰধানৰ মতে চুবুৰীয়া ৰাজ্যৰ লোকো জড়িত আছিল এই ঘটনাত ।

আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিক্ৰিয়া

শনিবাৰে গুৱাহাটীত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়,"ঘটনা সন্দৰ্ভত যথেষ্ট অগ্ৰগতি হৈছে । কেইবাজনো লোকক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছো । শিৱসাগৰত বোমা সংস্থাপন কৰা লোকক আমি কৰায়ত্ত কৰিছো । গুৱাহাটীতো আমি কেইবাজনকো কৰায়ত্ত কৰিছো । অসমত বোমা সংস্থাপন কৰা কেইবাজনৰো লিংক বহিঃৰাজ্যৰ লগত আছে । আমি গোটেই নেটৱৰ্কৰ তথ্য লাভ কৰিছো । অতি সোনকালে আৰক্ষীয়ে সকলোকে কৰায়ত্ত কৰিব । মই আশা কৰিছো কম দিনৰ ভিতৰত যিসকল মানুহে সংস্থাপন কৰিছিল আৰু এই ঘটনাত জড়িত আছিল কৰায়ত্ত কৰিবলৈ সক্ষম হ'ম । কিছুমান লোক চুবুৰীয়া ৰাজ্যৰ আছিল । তেওঁলোকৰ নাম আমি লাভ কৰিছো । আইনগতভাৱে যি ব্যৱস্থা ল'ব লাগে আমি ল'বলৈ সক্ষম হ'ম ।"

লগতে পঢ়ক :জাননী পোৱাৰ পিছতো নাহিলে চুমী বৰাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব: ডি জি পি - DGP Assam GP Singh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.