ETV Bharat / state

অসম কলেজ শিক্ষক সংস্থাৰ গোলাঘাট মাণ্ডলিক সমিতিৰ সপ্তদশ বাৰ্ষিক অধিৱেশন - Golaghat Zones

Assam College Teachers Association : অসম কলেজ শিক্ষক সংস্থাৰ গোলাঘাট মাণ্ডলিক সমিতিৰ সপ্তদশ বাৰ্ষিক অধিৱেশন সম্পন্ন ৷ প্ৰশান্ত বৰাক সভাপতি আৰু ড৹ ৰঞ্জন বৰঠাকুৰক সম্পাদক হিচাপে লৈ মণ্ডলৰ নতুন সমিতি গঠন কৰা হয় ৷

Assam College Teachers Association
কলেজ শিক্ষক সংস্থাৰ গোলাঘাট মাণ্ডলিক সমিতিৰ বাৰ্ষিক অধিৱেশন
author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 9:42 PM IST

সৰুপথাৰ, 20 জানুৱাৰী : 19 জানুৱাৰী শুকুৰবাৰে দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত অনুষ্ঠিত হয় অসম কলেজ শিক্ষক সংস্থাৰ গোলাঘাট মাণ্ডলিক সমিতিৰ সপ্তদশ বাৰ্ষিক অধিৱেশন ৷ পুৱা 16 খন মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰাৰ লগতে মাণ্ডলিক সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি জ্যোতিপ্ৰসাদ দত্তই ৷ স্মৃতি তৰ্পণ কৰে সম্পাদক সত্যব্ৰত দত্তই ৷ পুৱা 10 বজাৰ পৰা অনুষ্ঠিত হোৱা মহিলা কোষৰ সভাত সভাপতিত্ব কৰে ড৹ শান্তিছায়া বৰুৱাই ৷ প্ৰতিবেদন পাঠ কৰে আহ্বায়িকা ড৹ নন্দিতা হালৈয়ে ৷

Assam College Teachers Association
কলেজ শিক্ষক সংস্থাৰ গোলাঘাট মাণ্ডলিক সমিতিৰ অধিৱেশন

11 বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত সভাপতিত্ব কৰে জ্যোতিপ্ৰসাদ দত্তই ৷ আদৰণি ভাষণ আগবঢ়ায় বিক্ৰম জ্যোতি মহন্তই ৷ সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ ড৹ সান্তনা দত্ত ৷ সভাত বাৰ্ষিক প্ৰতিবেদন আৰু বিত্তীয় প্ৰতিবেদন উপস্থাপন কৰে সম্পাদক সত্যব্ৰত দত্তই ৷ প্ৰতিনিধি সভাত কেন্দ্ৰীয় পৰ্যবেক্ষকৰ উপস্থিতিত প্ৰশান্ত বৰাক সভাপতি আৰু ড৹ ৰঞ্জন বৰঠাকুৰক সম্পাদক হিচাপে লৈ মণ্ডলৰ নতুন সমিতি গঠন কৰা হয় ৷ কাৰ্যনিৰ্বাহক সদস্য হিচাপে নিৰ্বাচিত হয় ড৹ গীতিমা বৰা হাজৰিকা ৷

প্ৰতিনিধি সভাত মণ্ডলৰ হৈ প্ৰায় 11 টা প্ৰস্তাৱ প্ৰস্তুত কৰা হয় ৷ ইয়াৰ পাছতেই মণ্ডলৰ অৱসৰ প্ৰাপ্ত শিক্ষক সকলক সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে উপ-সভাপতি ড৹ অনন্ত গগৈয়ে ৷ 3 বজাৰ পৰা জ্যোতিপ্ৰসাদ দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত আদৰণি ভাষণ পাঠ কৰে ড৹ নিৰঞ্জন হালৈয়ে ৷ সভাত কেন্দ্ৰীয় সমিতিৰ বিত্ত সম্পাদক দেৱপ্ৰসাদ গগৈ, শৈক্ষিক সম্পাদক প্ৰাঞ্জল গগৈ আৰু কাৰ্যনিৰ্বাহক ক্ৰমে ড৹ সান্তনা দত্ত আৰু ড৹ দেৱজিৎ দত্ত উপস্থিত থাকি শিক্ষক সকলৰ বিভিন্ন সমস্যা আৰু সমাধানৰ দিশ সন্দৰ্ভত ব্যক্তব্য আগবঢ়ায় ৷ মুকলি সভাত মণ্ডলৰ মুখপত্ৰ “ধনশিৰি” আৰু গৱেষণা ধৰ্মী গ্ৰন্থ “বীক্ষা”উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক বিজিত ৰঞ্জন শইকীয়াই ৷

বীক্ষাৰ সম্পাদক ড৹ যুগল জ্যোতি বৰা, সহ-সম্পাদক অমৰ বৰদলৈ আৰু ধ্ৰুৱ চৰ্দাৰ তথা ধনশিৰিৰ সম্পাদকত্ৰয় ইভাৰাণী হাজৰিকা, দুৰ্লভ বৰা আৰু ড৹ ৰত্নজিৎ গগৈক মণ্ডলৰ তৰফৰ পৰা সম্বৰ্ধনা জনায় সত্যব্ৰত দত্তই ৷ শলাগৰ শৰাই আগবঢ়ায় ড৹ ধীৰেণ তামুলীয়ে ৷

লগতে পঢ়ক : ২২ জানুৱাৰীত এক লক্ষাধিক বন্তিৰে প্ৰজ্বলিত হ’ব বশিষ্ঠ মন্দিৰৰ প্ৰাংগণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.