ETV Bharat / state

ঘৰৰ ভিতৰতে থাকক... : অসহায় মুখ্যমন্ত্ৰীয়ে আহ্বান জনালে মহানগৰীৰ বাসিন্দাক - Guwahati Artificial Floods

author img

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 6:33 PM IST

Updated : Aug 7, 2024, 10:48 PM IST

Flood in Guwahati : কৃত্ৰিম বান আৰু প্ৰৱল বৰষুণৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মহানগৰীৰ বাসিন্দালৈ জনালে বিশেষ আহ্বান ৷ সোমবাৰৰ পৰা হোৱা কৃত্ৰিম বান নুশুকাওতেই পুনৰ মহানগৰীত প্ৰৱল বৰষুণ ৷ ভয়াৱহ পৰিস্থিতি হোৱাৰ আশংকা ৷

Flood in Guwahati
মুখ্যমন্ত্ৰীয়ে মহানগৰীৰ বাসিন্দালৈ জনালে বিশেষ আহ্বান (ETV Bharat Assam)

নিউজ ডেস্ক, 7 আগষ্ট : সোমবাৰে হোৱা ভয়ানক কৃত্ৰিম বান পৰিস্থিতি শাম নাকাটোতেই বুধবাৰে অৰ্থাৎ আজি বিয়লিৰ পৰা 'স্মাৰ্ট চিটী' গুৱাহাটীত পুনৰ আৰম্ভ হৈছে প্ৰৱল বৰষুণ ৷ ইতিমধ্যে বৰষুণৰ ফলত 'স্মাৰ্ট চিটী'ত পুনৰ সোমবাৰৰ পৰিস্থিতি পুনৰাবৃত্তিৰ আশংকাই দেখা দিছে ৷ 5 আগষ্টত গুৱাহাটীত হোৱা দুঘণ্টাৰ ধাৰাসাৰ বৰষুণে অচল কৰি তুলিছিল স্বাভাৱিক জীৱন যাত্ৰা ৷ আজিও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই মহানগৰীৰ পৰিস্থিতি ৷ তাৰ মাজতেই আজি পুনৰ আৰম্ভ হৈছে বৰষুণ ৷ এনে অৱস্থাত এতিয়া গুৱাহাটীৰ কৃত্ৰিম বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ এজাক বৰষুণতেই কৃত্ৰিম বানৰ সৃষ্টি হোৱা মহানগৰীখনত পুনৰ আৰম্ভ হোৱা বৃষ্টিপাতে কেনে পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে সেয়া সহজেই অনুমেয় ৷ ইয়াৰ মাজতে এতিয়া কেৱল ভাষণত মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধান কৰা চৰকাৰৰ মুৰব্বী তথা মুখ্যমন্ত্ৰীগৰাকীয়ে অসহায় হৈ মহানগৰবাসীলৈ জনালে বিশেষ আহ্বান ৷

মুখ্যমন্ত্ৰীৰ আহ্বান :

বিগত কেইদিনমানৰ পৰা গুৱাহাটীত অভিলেখ ভংগকাৰী বৰষুণ হোৱাৰ লগে লগে উপায়বিহীন হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ বাসিন্দাক ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনাইছে ৷ মুষলধাৰ বৰষুণ আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰা কৃত্ৰিম বানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো বাসিন্দাক ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনোৱা পৰিলক্ষিত হৈছে ৷ তেওঁ ৰাইজক জৰুৰী কামৰ বাবে ওলাই গ'লেও যান-বাহন ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে ৷

সামাজিক মাধ্যম এক্স (X) ৰ এটা পোষ্টত তেওঁ কয়, "গুৱাহাটীত পুনৰ প্ৰচণ্ড বৰষুণ হৈছে ৷ আমি সকলোকে ঘৰৰ ভিতৰতে থাকিবলৈ আৰু একেবাৰে প্ৰয়োজন নহ'লে যান-বাহন ব্যৱহাৰ নকৰিবলৈ অনুৰোধ জনাইছো ৷ ইয়াৰ উপৰিও, অনুগ্ৰহ কৰি জিএছ ৰোডৰ ডাউন টাউন চিকিৎসালয় অঞ্চলৰ ফালে যানবাহনৰ চলাচল পৰিহাৰ কৰক ৷"

পুনৰ মুষলধাৰ বৰষুণ :

সোমবাৰে বিয়লি অহা এজাক বৰষুণতে কৃত্ৰিম বানত উপঙে মহানগৰীৰ আভিজাত্য ৷ মুষলধাৰ বৰষুণত মহানগৰীৰ চানমাৰি, নুনমাটি, বামুণীমৈদাম, জি এছ ৰোড, উলুবাৰী, নমাইল, যোৰাবাট, গুৱাহাটী ক্লাৱ, আমবাৰী, ৰুক্মিণী গাঁও, হাতীগাঁও, বেলতলা, গণেশগুৰি, গান্ধীবস্তি, ৰাজগড়, পূৱ শৰণীয়াকে ধৰি মহানগৰীৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানত বুৰ যোৱা পৰিলক্ষিত হ’ল ৷ মঙলবাৰৰ দিনটোতো পানী নুশুকোৱাত গুৱাহাটীৰ ঠায়ে ঠায়ে এক আহুকলীয়া পৰস্থিতিৰ সৃষ্টি হয় ৷ ৰুক্মিণীগাঁৱকে ধৰি বহুতো অঞ্চল এতিয়াও জলমগ্ন হৈ আছে। ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি বুধবাৰেও পুনৰ আৰম্ভ হৈছে বৰষুণ ৷ এই বৰষুণৰ ফলত মহানগৰীৰ কৃত্ৰিম বানে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিব বুলি অনুমান কৰা হৈছে ৷

লগতে পঢ়ক : আজিও জলমগ্ন মহানগৰী গুৱাহাটী : কৃত্ৰিম বানৰ স্থায়ী সমাধান বিচাৰি ৰুক্মিণীনগৰত ৰাইজৰ প্ৰতিবাদ - GUWAHATI ARTIFICIAL FLOODS

প্ৰৱল বৰষুণৰ আগজাননী :

বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা সতৰ্কবাণী অনুসৰি আগন্তুক দুটা দিনত অৰ্থাৎ 8 আৰু 9 আগষ্টত গুৱাহাটীৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চল সমূহত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ 6 আগষ্টৰ পুৱা 8.30 বজাত গুৱাহাটীৰ বাবে জাৰি কৰা আই এম ডি বতৰৰ প্ৰতিবেদন অনুসৰি, বিগত 24 ঘণ্টাত গুৱাহাটীত 78.4 মিঃমি বৰষুণ ৰেকৰ্ড কৰা হৈছিল ৷ চলিত বাৰিষাত গুৱাহাটীত এয়া সৰ্বাধিক বৰষুণ ৷ আই এম ডিয়ে 7 আৰু 8 আগষ্টত কামৰূপ মহানগৰ জিলাত হালধীয়া সতৰ্কতা জাৰি কৰিছিল ৷

ইফালে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই 7 আগষ্টত যোৰহাট আৰু মাজুলী আৰু 8 আগষ্টত বঙাইগাঁও আৰু ধুবুৰীৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ৷ অৰেঞ্জ এলাৰ্টেৰে আই এম ডিয়ে ৰাইজক সজাগ হ’বলৈ আহ্বান জনাইছে ৷ ইতিমধ্যে 9 আগষ্টলৈকে অসমত বৰষুণৰ কাৰ্যকলাপ বৃদ্ধিৰ ভৱিষ্যদ্বাণী কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

লগতে পঢ়ক : বৰষুণ নহয় যেন সীমাহীন দুদৰ্শাহে : কৃত্ৰিম বানত মহানগৰীৰ ৰাজপথত উপঙিল বিলাসী বাহন - Guwahati Artificial Floods

Last Updated : Aug 7, 2024, 10:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.