ETV Bharat / state

শিক্ষকতাক চাকৰি হিচাপে নলৈ সেৱা হিচাপে গ্ৰহণ কৰিব লাগে : মুখ্যমন্ত্ৰী - Teachers day 2024

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 8:26 PM IST

Teachers Day celebration: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কেন্দ্ৰীয়ভাৱে আয়োজিত শিক্ষক দিৱসত ৰাজ্যৰ 13 গৰাকী শিক্ষকক কৃতী শিক্ষকৰ বঁটা প্ৰদান মুখ্যমন্ত্ৰীৰ ৷ লগতে নাকৰ A++ আৰু A+ লাভ কৰা মহাবিদ্যালয়লৈও বিশেষ সন্মান ৷

Teachers day celebration
শিক্ষক দিৱস (@ranojpeguassam)

ডিব্ৰুগড়, 5 ছেপ্টেম্বৰ: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰে কেন্দ্ৰীয়ভাৱে পালন কৰা হয় শিক্ষক দিৱস । উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত আয়োজন কৰা এই শিক্ষক দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কেন্দ্ৰীয় শিক্ষক দিৱস (ETV Bharat Assam)

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এইবাৰৰ শিক্ষক দিৱস পোন প্ৰথমবাৰৰ বাবে ৰাজধানী দিছপুৰৰ বাহিৰত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা শিক্ষক দিৱস হিচাপে বিবেচিত হৈছে ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জিতেন হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণক স্মৰণ কৰি সাৱলীল ভাষণ প্ৰদান কৰে ।

নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শিক্ষক সমাজলৈ শ্ৰদ্ধা জ্ঞাপন কৰা লগতে কৃতী শিক্ষকৰ সন্মান লাভ কৰি শিক্ষকসকলক অসমবাসীৰ হৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে । শিক্ষকসকলক শিক্ষকতা কেৱল চাকৰি বুলি গণ্য নকৰি শিক্ষাৰ সেৱাত ব্ৰতী হ'বলৈ আহ্বান জনায় ।

বিদ্যালয় মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ৰাজ্যৰ আন মহাবিদ্যালয় সমূহক ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ লগত সমাহিত কৰিবলৈ প্ৰচেষ্টা কৰিছো । ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত মহাবিদ্যালয় সমূহক আমি বিশ্ববিদ্যালয়লৈ উন্নীত কৰিম । 2030 চনলৈ ৰাজ্যত বিশ্ববিদ্যালয়ৰ সংখ্যা ১০০ খন হ'ব ।’’

আনহাতে কেন্দ্ৰীয়ভাৱে অনুদিত এই অনুষ্ঠানত ১৩ গৰাকী শিক্ষকক ৰাজ্যিক কৃতী শিক্ষকৰ সন্মান প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, কৃষি মন্ত্ৰী অতুল বৰা, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, সাংস্কৃতিক মন্ত্ৰী বিমল বড়া, জলসিঞ্চন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহল, ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, ‘‘এই অনুষ্ঠানত ১৩ গৰাকী শিক্ষকক ৰাজ্যিক শিক্ষক বঁটা প্ৰদান কৰো । ৬ গৰাকী গৱেষক শিক্ষকক সম্বৰ্ধনা জনোৱা হয় । লগতে যিকেইখন মহাবিদ্যালয়ে NAAC মূল্যাংকনত A+, A++ লাভ কৰিছে তেওঁলোকক সম্বৰ্ধনা জনোৱা হয় । প্ৰধানমন্ত্ৰীৰ উচ্চ শিক্ষা অভিযানৰ অধীনত ২৯৯ কোটি টকীয়া প্ৰকল্পৰ শুভ উদ্বোধন কৰা হয় । ইয়াৰে ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নয়ন কাম কৰা হ'ব ।’’

লগতে পঢ়ক: ৫ ছেপ্টেম্বৰত কিয় পালন কৰা হয় শিক্ষক দিৱস ? - Teachers Day 2024

মুৰুলী বৰা; গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগৰ এক উৎকৃষ্ট উদাহৰণ - TEACHERS DAY 2024

শিক্ষকসকল দিয়াচলাইৰ কাঠিৰ দৰে... শিক্ষক দিৱসত কিয় এইদৰে ক’লে অৱসৰপ্ৰাপ্ত অধ্যাপকে ? - Teachers Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.