ETV Bharat / state

ৰাজ্যত ধিঙৰ দৰে সংঘটিত ঘটনাৰ আঁৰত কি ষড়যন্ত্ৰ আছে ? - Assam CM on Dhing rape case

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 11:27 AM IST

Assam CM on Dhing rape case: ৰাজ্যত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ আঁৰত থকা ষড়যন্ত্ৰৰ কথা উল্লেখ কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে । কেনেদৰে অসমীয়াৰ আগ্ৰাসন হৈছে তাৰো যুক্তি দিলে মুখ্যমন্ত্ৰীয়ে । একেদৰে মুখ্যমন্ত্ৰীয়ে কিয় ক'লে তেওঁৰ জীৱনলৈ ভাবুকি আহিব বুলি ?

Assam CM on Dhing rape case
ৰাজ্যত ধিঙৰ দৰে সংঘটিত ঘটনাৰ আঁৰত কি ষড়যন্ত্ৰ আছে (ETV Bharat)

গুৱাহাটী,২৫ আগষ্ট : ধিং কাণ্ডক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । ইফালে শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুৰূপ ঘটনা সংঘটিত হোৱাও দেখা গৈছে । তেনে পৰিস্থিতিত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পুনৰ ধিং কাণ্ডক লৈ মন্তব্য কৰিছে । মুখ্যমন্ত্ৰীৰ মতে এই ধৰণৰ ঘটনাবোৰৰ আঁৰত এক ডাঙৰ ষড়যন্ত্ৰ আছে । মুখ্যমন্ত্ৰীয়ে কয়, "এদিন ধিং অসমীয়া সভ্যতাৰ পীঠভূমি আছিল । আজি তাত ১০ হাজাৰো অসমীয়া নাই । ধিং টাউনক বাদ দিলে তাত আৰু অসমীয়া মানুহ নাইয়েই । অথচ গোটেই গাঁওবোৰৰ নাম অসমীয়া নাম । গতিকে ইয়াক এটা ধৰ্ষণৰ ঘটনা বুলি ধৰি নল'ব, ইয়াৰ পিচফালে এক ডাঙৰ ষড়যন্ত্ৰ আছে ।"

ডাঙৰ ষড়যন্ত্ৰ

তেওঁ লগতে এই ষড়যন্ত্ৰৰ কথা উল্লেখ কৰি কয় যে ইয়াৰ আঁৰত মাটি বিক্ৰীৰ দৰে ষড়যন্ত্ৰ লুকাই থাকে । মুখ্যমন্ত্ৰীৰ মতে ধিংকাণ্ডৰ ভুক্তভোগীৰ পৰিয়ালে এতিয়া ধিং এৰিব বিচাৰিছে । এটা নিৰ্দিষ্ট সম্প্ৰদায়ক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "প্ৰথমে এখন গাঁৱত এজন মানুহ সোমাই ল'ব, দুজন সোমাই ল'ব । তাৰ পিচত তাত গো-ভক্ষণ আৰম্ভ হয় । লাহে লাহে আমাৰ মানুহ, নামঘৰত যোৱা মানুহ, ধৰ্মত যোৱা মানুহ তাৰপৰা ওলাই আহিবলৈ আৰম্ভ কৰে । তাৰ পিচত নামঘৰত আজান আৰম্ভ হয় । এনেকৈয়েটো বৰপেটা, নলবাৰী, ধুবুৰী আদিৰ পৰা আমাৰ মানুহবিলাক ওলাই আহিল । আগত কোনো মুখ্যমন্ত্ৰীয়ে এই কথা কোৱা নাছিল । কিন্তু মই এই কথা কৈ আছো । যাৰ বাবে মোৰ জীৱনলৈও ভাবুকি আহিব পাৰে । ইয়াত ভোটৰ কথা একো নাই, মই তাত ভোট খুজিলেও পাই যাম । য'ত ৰাজনীতি কৰিলে দেশৰ ক্ষতি হয় তাত আমি ৰাজনীতি নকৰো ।"

কিয় বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা

আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে লোকসভা নিৰ্বাচনৰ পিচত এইধৰণৰ ঘটনা বৃদ্ধি পাইছে । কংগ্ৰেছক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "লোকসভা নিৰ্বাচনৰ পিচত অপৰাধ বাঢ়িছে । ৰাষ্ট্ৰীয় ৰাজনীতিত হোৱা পৰিৱেশ আৰু ধুবুৰীৰ দৰে সমষ্টিত এটা বিশেষ দলৰ জয়ৰ পিচত একাংশ লোক কিছু কাম কাজত তৎপৰ হোৱা আমি দেখা পাইছো । ধিং তেজপুৰ আদিত এই ঘটনা ঘটিল আৰু এনেধৰণৰ ঘটনাসমূহৰ সংখ্যাও বহুত বাঢ়ি যোৱা দেখা পাইছো ।"

ৰাজনৈতিক পৃষ্ঠপোষকতা

বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "ৰাজনৈতিক পৃষ্ঠপোষকতা কমি গ'লে এনে বিক্ষিপ্ত ঘটনাবোৰ কমি যাব । সামাজিক মাধ্যমত এনে কামবোৰৰ সমৰ্থক নোলালে এই অপৰাধবোৰ নিৰ্মূল কৰিব পৰা যাব ।"

লগতে পঢ়ক :চৰকাৰৰ অকৰ্মন্যতাৰ বাবেই নিৰাপত্তাহীনতাত ভুগিছে অসমীয়া : অজাপ - Assam Jatiya Parishad

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.