ETV Bharat / state

স্বাস্থ্য খণ্ডৰ পুতৌলগা আন্তঃগাঁথনিৰ মাজতে নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ ঘোষণা মুখ্যমন্ত্ৰীৰ - Assam health sector

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 6:51 PM IST

Assam health sector: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যোৱা দুদিন ধৰি সামাজিক মাধ্যমৰ জৰিয়তে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ দাবী কৰি আহিছে । তেওঁ এক্সৰ জৰিয়তে ঘোষণা কৰিছে যে ৰাজ্যত পুনৰ ১২ খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ'ব । মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি বৰ্তমানলৈকে ৰাজ্যত এখন এইমছকে ধৰি মুঠ ১২ খন চিকিৎসা মহাবিদ্যালয় কাৰ্যক্ষম হৈ আছে । অনাগত দিনত আৰু ১২ খন সংযুক্ত হ'ব বুলি তেওঁ উল্লেখ কৰে । আচলতে ৰাজ্যৰ স্বাস্থ্য খণ্ডসমূহৰ প্ৰকৃত ছবিখন কেনেকুৱা ? চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি কিমান টনকিয়াল ?

Assam health sector
স্বাস্থ্য খণ্ডৰ পুতৌলগা আন্তঃগাঁথনি (ETV Bharat)

তেজপুৰ, ২৮ জুন : ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ আমূল পৰিৱৰ্তনৰ ঢাক-ঢোল বজোৱা অসম চৰকাৰৰ স্বাস্থ্য বিভাগে আন্তঃগাঁথনি উন্নীতকৰণৰ ক্ষেত্ৰত আজিও যথেষ্ট পিচ পৰি আছে । স্বাস্থ্য বিভাগে ৰাজ্যত ইখনৰ পিচত সিখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডত আমূল পৰিৱৰ্তন অনা বুলি দাবী কৰাৰ সময়তে বহুতো চিকিৎসালয়ত ৰোগীক দিব পৰা নাই উন্নত মানৰ চিকিৎসা-সুবিধা । চিকিৎসাৰ অভাৱত বহু ৰোগীয়ে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে । এখন চিকিৎসালয়ৰ পৰা আন এখন চিকিৎসালয়লৈ ৰোগীক উন্নত চিকিৎসাৰ বাবে স্থানান্তৰ কৰা দেখিবলৈ পোৱা যায় ।

চিকিৎসালয়সমূহত চিকিৎসকৰ অভাৱ, যিসকল চিকিৎসক চিকিৎসা মহাবিদ্যালয়লৈ আহে পৰৱৰ্তী সময়ত তেওঁলোকৰ সৰহ সংখ্যক চিকিৎসকক ব্যক্তিগত খণ্ডৰ নাৰ্ছিংহোমত বা নিজাববীয়াকৈ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা সেৱা আৰম্ভ কৰা দেখিবলৈ পোৱা যায় । ফলস্বৰূপে চিকিৎসা খণ্ডৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু উপযুক্ত চিকিৎসাৰ অভাৱত প্ৰায়ে ৰোগীৰ মৃত্যু হোৱা দেখিবলৈ পোৱা যায় ।

বহু সময়ত উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় বা আন আন চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৰোগীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালয়লৈ প্ৰেৰণ কৰা দেখা যায় । এখন চিকিৎসা মহাবিদ্যালয়ৰ পৰা আন এখন চিকিৎসা মহাবিদ্যালয়লৈ ৰোগী প্ৰেৰণ কৰিবলগীয়া হোৱাটো এক লক্ষণীয় বিষয় । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যোৱা দুদিন ধৰি তেওঁৰ এক্সৰ জৰিয়তে উল্লেখ কৰিছে যে ৰাজ্যত বৰ্তমান ১২ খন চিকিৎসা মহাবিদ্যালয় কাৰ্যক্ষম হৈ আছে আৰু আন ১২ খন স্থাপনৰ কাম চৰকাৰে হাতত লৈছে ।

ইয়াৰ বিপৰীতে ৫ খন নাৰ্ছিং মহাবিদ্যালয় আৰু ৭ খনৰ বাবে প্রজেক্ট হাতত লৈছে, তিনিখন দন্ত চিকিৎসালয় আছে, ২ খন চুপাৰ স্পেচিলিটি হাস্পতাল সংলগ্ন হৈছে আৰু ৯ খন কৰ্কট ৰোগৰ চিকিৎসালয় আছে আৰু অনাগত দিনত ৮ খন স্থাপন কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে । এই ৮ খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ বৰ্তমানলৈকে ১,৭২,৫২২ গৰাকী সাধাৰণ চিকিৎসা ইয়াৰে ৬,৬৭৯ গৰাকীক আই পি ডি চিকিৎসা কৰা হৈছে ।

বৰ্তমান নতুন ৰোগীৰ সংখ্যা ৬৭,৩৯২ জন আৰু ৪১,৪৪২ জন ৰোগীক কেমো দিয়াৰ লগতে ৮০৮ জনৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছে আৰু ৫৭,২০০ জন ৰোগীৰ আগতীয়াকৈ পৰীক্ষা সম্পূৰ্ণ হৈছে । কৰ্কট ৰোগীৰ এই তথ্য মুখ্যমন্ত্ৰীয়ে এক্সৰ জৰিয়তে প্ৰকাশ কৰিছে । মনকৰিবলগীয়া যে চিকিৎসা মহাবিদ্যালয় বা জিলা পৰ্যায়ৰ চিকিৎসালয়ত নাই কোনো উপযুক্ত চিকিৎসক । তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত মাত্ৰ এজন এম ডি অর্থাৎ মেডিচিনৰ ডাক্তৰে চলাবলগীয়া হৈছে চিকিৎসালয় ।

এই তথ্য চিকিৎসালয়ৰ অধীক্ষক ডাঃ দিপ্তী বৰুৱাই ই টিভি ভাৰতক জনায় কয় যে কনকলতা অসামৰিক চিকিৎসালয়ত বৰ্তমান এজন মাত্ৰ মেডিচিনৰ চিকিৎসক আছে, কিন্তু প্ৰয়োজন আছে ৪ জনৰ । এনেধৰণে বিভিন্ন চিকিৎসালয়ত বিভিন্ন বিভাগৰ চিকিৎসকৰ অভাৱ আছে । ৰাজ্যৰ মুঠ ১২ খন চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ মুঠ আসনৰ সংখ্যা হৈছে ১,৫০০ । ইয়াৰ ভিতৰত গুৱাহাটী আৰু ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ আছে প্ৰতিখনত ২০০ খন আসন ।

ইয়াৰ বিপৰীতে শিলচৰ, যোৰহাট, তেজপুৰ, বৰপেটা মেডিকেল কলেজৰ আসন হৈছে ১২৫ খনকৈ । বাকীসমূহত ১০০ খন আসন আছে । অসমত বছৰি প্ৰায় ১ হাজাৰৰো অধিক এম বি বি এছ চিকিৎসকে শিক্ষা সম্পূৰ্ণ কৰে । ইয়াৰ ভিতৰত কিছু সংখ্যক স্নাতকোত্তৰৰ বাবে যায় । ভাৰতবৰ্ষত বছৰি প্ৰায় ১ লাখ চিকিৎসক উত্তীৰ্ণ হয় । আনহাতে আজি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ এটা বিশেষ দল (চকু বিভাগ) তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয় আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি চকু চিকিৎসা বিভাগৰ সুবিধাসমূহ পৰ্যবেক্ষণ কৰে । তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত অধীক্ষকৰ সৈতে অস্ত্ৰোপচাৰ কক্ষৰ সন্দৰ্ভত এক বৈঠকত অংশগ্ৰহণ কৰে ।

কনকলতা অসামৰিক চিকিৎসালয়ক দুটা ভাগত ভাগ কৰি ১০০ খন বিচনাযুক্ত মাতৃ-শিশু কল্যাণ তেজপুৰ পৰুৱা অঞ্চলত স্থানান্তৰ কৰা হয় ৷ গৰ্ভৱতী মহিলা আৰু শিশুৰ চিকিৎসা ইয়াত কৰাৰ উপৰি কনকলতা চিকিৎসালয়ত চকু, হাড় আৰু সাধাৰণ চিকিৎসাসমূহ কৰা হয় । অসামৰিক চিকিৎসালয়খন সীমিত সংখ্যক নাৰ্ছেৰে চলি আছে আৰু চিকিৎসকৰ সংখ্যাও তথৈবচ ।

ৰাজ্যিক চিকিৎসা বিভাগৰ দুজনীয়া দলটোৰ অন্যতম যুটীয়া সঞ্চালক ডাঃ জেৰিনা আহমেদে অসমৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয় আৰু জিলা চিকিৎসালয়সমূহ পৰিদৰ্শন কৰি চকু বিভাগৰ চিকিৎসাৰ আহিলা, অস্ত্ৰোপচাৰ কক্ষৰ আন্তঃগাঁথনিৰ বিষয়ে আলোচনা কৰে । তেজপুৰ কনকলতা চিকিৎসালয়ৰ চকু অস্ত্ৰোপচাৰ কক্ষ আন্তঃগাঁথনিৰ অভাৱৰ বাবে বন্ধ হৈ আছে । ফলস্বৰূপে ৰোগীক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিবলগীয়া হৈছে । ডাঃ আহমেদে কয় যে নগাওঁ চিকিৎসা মহাবিদ্যালয়ৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু কিছুদিনৰ ভিতৰতে ই কাৰ্যক্ষম হৈ উঠিব । তেওঁলোকে অসমৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ৰ লগতে চিকিৎসালয়সমূহৰ আন্তঃগাঁথনিৰ পৰীক্ষা কৰিছে ।

লগতে পঢ়ক :দুই-তিনিমাহৰ ভিতৰত আৰম্ভ হ'ব কামাখ্যা কৰিড'ৰৰ নিৰ্মাণকাৰ্য : কামাখ্যা দৰ্শন কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য - Kamakhya temple

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.