তিনিচুকীয়া: বহু জল্পনা-কল্পনাৰ অন্তত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বিষয়টো অন্তিম বিন্দুত উপনীত হৈছে ৷ অহা শনিবাৰে অসমৰ চাৰিগৰাকী বিধায়কে হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৷ বৰ্তমানৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে পদত্যাগ কৰিছে যদিও নতুনকৈ মন্ত্ৰিত্ব লাভ কৰিবলগীয়া চাৰিজন বিধায়কৰ মাজত আছে তিনিচুকীয়াৰ আন এগৰাকী বিধায়ক ৷ তেওঁ হৈছে ডুমডুমা সমষ্টিৰ বিধায়ক তথা চাহ জনগোষ্ঠীৰ অন্যতম প্ৰতিনিধি ৰূপেশ গোৱালা ৷
বৃহস্পতিবাৰে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই X ত এটা পোষ্টযোগে নতুনকৈ মন্ত্ৰিত্ব লাভ কৰিবলগীয়া বিধায়ক চাৰিগৰাকীৰ নাম উল্লেখ কৰাৰ পাছতেই বিধায়ক কেইগৰাকীৰ সমষ্টিত দেখা গৈছে উছৱমুখৰ পৰিৱেশ ৷
মন্ত্ৰিত্বৰ বাবে মনোনীত হোৱাৰ খবৰ লাভৰ পাছতে ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাৰ বাসগৃহত আনন্দ উল্লাস কৰে বিজেপি কৰ্মীসকলে । ফটকা ফুটাই, মিঠাই বিতৰণ কৰি বিজেপি জিন্দাবাদ, ৰূপেশ গোৱালা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ শ্ল’গানেৰে ডুমডুমা চহৰ মুখৰিত কৰি তোলে সমৰ্থকসকলে ৷
ৰূপেশ গোৱালাই মন্ত্ৰীসভাত স্থানলাভ কৰাত প্ৰথমে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনোৱাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বিধায়কগৰাকীৰ ওপৰত কৰা বিশ্বাসৰ বাবে ধন্যবাদ জনায় ৷ অৱশ্যে অধিক মন্তব্য নকৰি পৰৱৰ্তী সময়ত সকলো জনাব বুলি তেওঁ উল্লেখ কৰে ৷ ইতিমধ্যে গুৱাহাটী অভিমুখে যাত্ৰা কৰিবলৈ সাজু হৈছে বিধায়কগৰাকী ।
ইফালে, তিনিচুকীয়া জিলাৰে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাছতে ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাই মন্ত্ৰিত্ব লাভ কৰা বুলি চৰ্চা হৈছে । ৰাজনৈতিক মহলত চৰ্চা হোৱা মতে ৰূপেশ গোৱালাই সঞ্জয় কিষাণৰ হাতত থকা দপ্তৰৰ উত্তৰাধিকাৰ লাভ কৰাৰ সম্ভাৱনা আছে ৷
লগতে পঢ়ক: সঞ্জয় কিষাণৰ পদত্যাগ; নতুনকৈ মন্ত্ৰী হ’ব প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল, কৌশিক ৰায়
কোনে কি ভাও ল’বা আহা সময় যে তাকৰ...মন্ত্ৰিত্ব লাভৰ আনন্দত গীত জুৰিলে প্ৰশান্ত ফুকনে