ETV Bharat / state

অসমত কঠোৰ হ’ব আধাৰ আবেদন অনুমোদন প্ৰক্ৰিয়া: কেবিনেটৰ সিদ্ধান্ত - ASSAM CABINET ON AADHAAR

মঙলবাৰে অসম কেবিনেটে ল’লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত । কেবিনেট বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিছপুৰত এক সংবাদমেল সম্বোধন কৰে ।

ASSAM CABINET ON AADHAAR
কঠোৰ হ’ব আধাৰ আবেদন অনুমোদন প্ৰক্ৰিয়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 12, 2024, 9:27 AM IST

গুৱাহাটী: এতিয়াৰে পৰা অসমত কঠোৰ হ’ব আধাৰ কাৰ্ড অনুমোদন প্ৰক্ৰিয়া । কেন্দ্ৰীয় চৰকাৰক অসম চৰকাৰে জনোৱা অনুমোদন প্ৰক্ৰিয়া কঠোৰ কৰিব ৰাজ্য চৰকাৰে । এই প্ৰসংগত মঙলবাৰে অসম কেবিনেটে ল’লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত । তাৰ উপৰিও ই-খাজানাৰ লগতে হাতে হাতে খাজানা দিব পৰা ব্যৱস্থা আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ পঞ্জীয়ন নৱীকৰণৰ মাচুল আৰু জৰিমনা ৰেহাই ব্যৱস্থাত অনুমোদন অসম কেবিনেটৰ ।

কেবিনেট বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিছপুৰত এক সংবাদমেল সম্বোধন কৰে । মুখ্যমন্ত্ৰীয়ে কয়, “বহু বাংলাদেশীক বিএছএফ, অসম পুলিচ আৰু ত্ৰিপুৰা পুলিচে গ্ৰেপ্তাৰ কৰিছে ৷ বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী আমাৰ বাবে এক চিন্তনীয় বিষয় হৈ পৰিছে । তাৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়ে ছেকেণ্ড লাইন ডিফেন্স হিচাবে কাম কৰি আহিছে । তাক আমি অধিক শক্তিশালী কৰি বিএছএফৰ লগত সমন্বয়েৰে অধিক কটকটীয়া ব্যৱস্থা ল’ব খুজিছো । এই শৃংখলাৰ এটা পৰ্যায় হিচাবে অসম কেবিনেটে আধাৰ কাৰ্ড প্ৰদান কৰা ব্যৱস্থাটো খুব কঠোৰ, কটকটীয়া কৰাৰ বাবে সিধান্ত গ্ৰহণ কৰিছে ।”

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সদৰী কৰ “এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আধাৰ কাৰ্ড দিয়াৰ আগতে ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষণ কৰি যি অনুমোদন জনায়, ৰাজ্য চৰকাৰক ভেৰিফিকেচন কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে যি অনুৰোধ জনায়, তাত ৰাজ্য চৰকাৰে এতিয়াৰে পৰা সাধাৰণ প্ৰশাসন বিভাগেক গোটেই প্ৰক্ৰিয়াটোত ন’ডেল বিভাগ হিচাবে কেবিনেটে ঘোষণা কৰিছে । ইয়াৰ উপৰিও জিলা পৰ্যায়ত এগৰাকী অতিৰিক্ত জিলা আয়ুক্তক তদাৰকী কৰিবৰ বাবে জিলা আয়ুক্তই দায়িত্ব প্ৰদান কৰিব । সাধাৰণ প্ৰশাসন আৰু এডিচিৰ পিছত আধাৰ দিয়াৰ আগত ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ বাবে আজিৰ পৰা চক্ৰ বিষয়াগৰাকী দায়বদ্ধ হ’ব ৷ যেতিয়া আধাৰৰ আবেদন এখন অনুমোদনৰ বাবে আহিব তেতিয়া আবেদনকাৰী বা তেওঁৰ পৰিয়াল নাইবা পিতৃ-মাতৃয়ে NRC ৰ বাবে আৱেদন কৰিছিল নে নাই পৰীক্ষা কৰিব চক্ৰ বিষয়াই । যদিহে আবেদন কৰা নাছিল, অসম চৰকাৰে প্ৰত্যাখান কৰি কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দিব ।”

চমুকৈ ক’বলৈ গ’লে অসমত আধাৰ নামভৰ্তিৰ বাবে SOP নিৰ্ধাৰণ কৰিছে অসম চৰকাৰে ৷ অসমত আধাৰ আবেদনকাৰীৰ প্ৰকৃততা নিশ্চিত কৰিবলৈ অসমত আধাৰ নামভৰ্তিৰ বাবে "ৰাজ্য চৰকাৰৰ পৰ্টেল"ৰ অধীনত নতুন মানক পৰিচালন পদ্ধতি ৰূপায়ণৰ প্ৰস্তাৱত মঙলবাৰে অনুমোদন প্ৰদান কৰিছে অসম কেবিনেটে ।

থোৰতে আধাৰৰ আবেদনৰ SoP ৰ নিয়ম সমূহ

  • SoP ৰূপায়ণৰ বাবে সাধাৰণ প্ৰশাসন বিভাগ (GAD) ন'ডেল বিভাগ হ'ব ৷
  • ৰাজ্য চৰকাৰে দাখিল কৰা নথি-পত্ৰসমূহ পৰীক্ষা কৰি লাভ কৰাৰ ৪৫ দিনৰ ভিতৰত UIDAI লৈ অনলাইনযোগে প্ৰেৰণ কৰিব ৷
  • অতিৰিক্ত জিলা আয়ুক্তসকলে জিলা পৰ্যায়ত আধাৰ নামভৰ্তি পৰীক্ষণৰ তদাৰক কৰিব, আনহাতে চক্ৰ বিষয়াসকলে ৰাজহ চক্ৰ পৰ্যায়ত পৰীক্ষণ পৰিচালনা কৰিব ৷
  • চক্ৰ বিষয়াৰ দ্বাৰা নিযুক্ত পৰিদৰ্শন বিষয়াসকলে অসমত এন আৰ চিৰ বাবে আবেদনকাৰীয়ে আবেদন কৰিছিল নে নাই সেয়া নিশ্চিত কৰিব ।
  • পৰিদৰ্শন বিষয়াসকলে আবেদনকাৰীজনে দাখিল কৰা ঠিকনাত থাকে নে নাই পৰীক্ষা কৰিব লাগিব ৷
  • ৰাজ্যত সেৱা আগবঢ়োৱা চৰকাৰী বিষয়াৰ ক্ষেত্ৰত এন আৰ চিৰ আবেদনৰ প্ৰয়োজনীয়তা প্ৰযোজ্য নহ’ব ৷

পুনৰ মৌজাদাৰৰ কাৰ্যলয়ত মাটিৰ খাজানা দিয়া ব্যৱস্থা :

সদগ্ৰ ৰাজ্যত ই-খাজানা প্ৰৱৰ্তন কৰি ৰাজ্য চৰকাৰে মৌজাদাৰৰ কাৰ্যালয়ত নগদ খাজানা লোৱা ব্যৱস্থা ৰদ কৰিছিল । কিন্তু এই ব্যৱস্থাত নিম্নবৰ্গ আৰু মধ্যবৰ্গীয়সকল উপকৃত নোহোৱা বুলি মঙলবাৰে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীযে । সেয়ে ই-খাজানাৰ সমান্তৰালকৈ মৌজাদাৰৰ কাৰ্যালয়ত নগদ ধনেৰে খাজানা দিব পৰা ব্যৱস্থাৰ পুনৰ প্ৰৱৰ্তনত বুধবাৰে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে অনুমোদন জনায় । কেবিনেট বৈঠকৰ পিছতেই সংবাদমেলযোগে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ৰাজহুৱা প্ৰতিষ্ঠানৰ পঞ্জীয়ন নৱীকৰণৰ মাচুল আৰু জৰিমনা ৰেহায় :

ৰাজহুৱা প্ৰতিষ্ঠানৰ বাবে মাটিৰ পট্টা লাভৰ ব্যৱস্থা সৰলীকৰণত মঙলবাৰে অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে ৷ ৰাজহুৱা সামাজিক প্ৰতিষ্ঠান যেনে নামঘৰ, ধৰ্মীয় প্ৰতিষ্ঠান আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ বাবে মিছন বসুন্ধৰা ৩.০ ৰ অধীনত ভূমি আৱণ্টনৰ বাবে আবেদন কৰাত সুবিধাৰ উদ্দেশ্যে ছ’চাইটি পঞ্জীয়ন আইনৰ অধীনত নৱীকৰণ মাচুল ৰেহাই দিয়াত কেবিনটে অনুমোদন জনায় । বহু ৰাজহুৱা প্ৰতিষ্ঠানে অৰ্থৰ অভাৱত বহু বছৰ পঞ্জীয়ন নৱীকৰণ কৰিব নোৱাৰাৰ হেতু বৃহৎ পৰিমাণে জৰিমনাৰ সন্মুখীন হৈ আবেদন কৰিব পৰা নাই বসুন্ধৰা আঁচনিত । সেয়ে ৰাজ্য চৰকাৰে এই সিদ্ধান্তত অনুমোদন জনাইছে ।

লগতে, যোৱা তিনি বছৰৰ অ’ডিটৰ বাবে চাৰ্টাৰ্ড একাউণ্টেণ্ট চাৰ্টিফিকেটৰ প্ৰয়োজনীয়তাও এনে ক্ষেত্ৰত ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে কেবিনেটত ।

লগতে পঢ়ক: স্কুটী-চাইকেল-ধন বিতৰণেৰে আৰম্ভ হ'ল "বিকাশৰ ১২ দিন"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.