ETV Bharat / state

কোন চৰকাৰৰ দিনত ছিণ্ডিকেট বেছি হৈছে ? ব্য়াখ্য়া কৰিলে ভৱেশ কলিতাই - Bhabesh Kalita Criticizes Congress

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 8:09 PM IST

Bhabesh Kalita slams Congress : কংগ্ৰেছক তীব্ৰ সমালোচনা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ । কংগ্ৰেছে সদায় কাৰ পক্ষত থিয় দি আহিছে সেই কথাও ব্য়ক্ত কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে । তেওঁৰ মতে, ধোৱা তুলসীৰ পাত কোন ?

Bhabesh Kalita slams Congress
বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা (ETV Bharat Assam)

বাইহাটা, ১৬ ছেপ্টেম্বৰ: বিজেপি নে কংগ্ৰেছৰ দিনত ছিণ্ডিকেট বেছি হৈছে তাক লৈ এতিয়া দুয়ো দলৰ নেতাৰ মাজত চলিছে বাকযুদ্ধ । কংগ্ৰেছে কয় বিজেপিৰ দিনত ছিণ্ডিকেট বেছি হৈছে । ইয়াৰ বিপৰীতে কংগ্ৰেছ নেতাই বিজেপিৰ দিনত হোৱা ছিণ্ডিকেটকলৈ হৈছে সৰৱ । কোন চৰকাৰৰ দিনত এই ছিণ্ডিকেট বেছি হৈছে সেই বিষয়ে এইবাৰ ব্য়াখ্য়া কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই ।

  • কংগ্ৰেছ এতিয়া সম্পূৰ্ণৰূপে দিশহাৰা

সোমবাৰে বাইহাটাত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে । বিজেপিৰ দিনত ছিণ্ডিকেট বৃদ্ধি হোৱা বুলি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে কৰা মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই কয়," কংগ্ৰেছ এতিয়া সম্পূৰ্ণৰূপে দিশহাৰা হৈ পৰিছে । সেয়েহে কংগ্ৰেছে এতিয়া তালফাল লগাই আছে । কংগ্ৰেছী নেতাসকলে এতিয়া হীনমন্যতাত ভুগি ক'ত কি কয় তাৰ কোনো হিচাপ নোহোৱা হৈছে । "

  • ট্ৰেডিং কেলেংকাৰীত কংগ্ৰেছ জড়িত

ইপিনে,শেহতীয়াকৈ ৰাজ্য কঁপোৱা ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভতো মন্তব্য় কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে । এই কেলেংকাৰীত কোন জড়িত বুলি প্ৰশ্ন কৰি তেওঁ কয়, " ট্ৰেডিং কেলেংকাৰীত যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীৰ নাম জড়িত হৈ পৰিছে । যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীৰ লগতে আৰু এজন বৰাক উপত্য়কাৰ কংগ্ৰেছী নেতা জড়িত হৈ আছে । তেওঁলোকে এতিয়া কয় এয়া বিজেপি সৃষ্ট বুলি । তেওঁলোকে এতিয়াও সেইবোৰ কথা পাহৰি যোৱা নাই । "

কংগ্ৰেছৰ দিনত অবাধ দুৰ্নীতি সংঘটিত হোৱা বুলি দাবী কৰি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে প্ৰশ্ন কৰে,"এপিএছচি কেলেংকাৰীৰ মূল নায়ক ৰাকেশ পাল কাৰ সৃষ্টি ? এয়া কংগ্ৰেছৰে সৃষ্টি ।"

  • কংগ্ৰেছে সন্দেহযুক্ত বেদখলকাৰীক সমৰ্থন কৰে

কংগ্ৰেছে ৰাজ্যখনক পমুৱাৰ চৰণীয়া পথাৰ সজাবলৈ চেষ্টা কৰা বুলি সমালোচনা কৰি দলটোক ধিক্কাৰ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে । লগতে কংগ্ৰেছ দলক খিলঞ্জীয়াৰ হৈ মাত মাতিবলৈ আহ্বান জনাই সভাপতিগৰাকীয়ে কয়," কংগ্ৰেছ দলে সোণাপুৰৰ উচ্ছেদিত বেদখলকাৰীৰ পক্ষতহে থিয় দিছে । কংগ্ৰেছহে সাম্প্ৰদায়িক দল । কংগ্ৰেছ দলে সন্দেহযুক্ত বেদখলকাৰীৰ পক্ষতহে থিয় দিছে ।"

লগতে পঢ়ক:কংগ্ৰেছে জনতাৰ ওচৰত ক্ষমা খুজিব লাগে: ভৱেশ কলিতা - Bhabesh Kalita Criticizes Congress

ৰাজ্যৰ অস্থিৰ পৰিৱেশ ৰচনাৰ আঁৰত কংগ্রেছ : ভৱেশ কলিতা - BJP Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.