ETV Bharat / state

অসমহিতৈষী 'অসম বৈভৱ’ ৰতন টাটাক কেনেদৰে পাহৰিব অসমবাসীয়ে

Ratan Tata And Assam : অসমৰ সমাজ জীৱনৰ সৈতে ৰতন টাটাৰ সুদীৰ্ঘ সম্পৰ্ক আৰু সুদূৰ প্ৰসাৰী অৱদান আছে ৷ তেওঁৰ অৱদানক সুঁৱৰিছে অসমবাসীয়ে ।

author img

By ETV Bharat Assamese Team

Published : 4 hours ago

Updated : 2 hours ago

Ratan Tata And Assam
ৰতন টাটাক কেনেদৰে পাহৰিব অসমবাসীয়ে (ETV Bharat Assam)

গুৱাহাটী, ১০ অক্টোবৰ : মৰতলৈ সময়ে সময়ে এনে কিছু ব্যক্তিৰ আগমন ঘটে, যাৰ চিৰ প্ৰস্থানে সমাজৰ প্ৰতিটো স্তৰৰ মানুহকে মৰ্মাহত কৰি যায় ৷ বিশিষ্ট উদ্যোগপতি ৰতন টাটা এনে এগৰাকী যুগান্তৰৰ পুৰুষ ৷ ৮৬ বছৰ বয়সত মুম্বাইত ৰতন টাটাৰ বিয়োগত সমগ্ৰ দেশৰ লগতে অসমতো শোকৰ ছাঁ পৰিছে । সমাজহিতৈষী বিশিষ্ট উদ্যোগপতিগৰাকীৰ মৃত্যুত অসমবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰিছে দেশ তথা অসমৰ প্ৰতি তেখেতৰ অৱদানৰ কথা ।

অসমহিতৈষী ৰতন টাটা

অসমৰ সৈতে ৰতন টাটা আৰু টাটা গ্ৰুপৰ সম্পৰ্ক অতি পুৰণি ৷ চাহ উদ্যোগৰ পৰা অতি শেহতীয়া ২৭,০০০ কোটিটকীয়া ছেমি কণ্ডাক্টৰ উদ্যোগলৈ, পৰ্যটন উদ্যোগৰ পৰা কেন্সাৰ কেয়াৰ হাস্পতাললৈ— অসমৰ ঔদ্যোগিক ক্ষেত্ৰৰ পৰা সমাজ সেৱালৈ অসমৰ সৈতে ৰতন টাটাৰ সম্পৰ্ক আছিল সুমধুৰ আৰু অৱদান দীৰ্ঘকালীন তথা সুদূৰপ্ৰসাৰী ৷ সমগ্ৰ দেশৰ লগতে অসমৰো নৱপ্ৰজন্মৰ মানৱীয় মূল্যবোধৰ বাবে প্ৰেৰণাৰ উৎস আছিল ৰতন টাটা । তেখেতৰ ব্যক্তিত্ব আৰু অৱদান অসমতো হৈ পৰিছিল অজস্ৰজনৰ বাবে জীৱন যুদ্ধৰ চালিকা শক্তি।

Ratan Tata And Assam
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, উদ্যোগপতি ৰতন টাটা আৰু টাটা ছন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰ (X@himantabiswa)

ৰতন টাটালৈ অসমৰ সৰ্বোচ্চ সন্মান ‘অসম বৈভৱ’ বঁটা

ৰতন টাটাই জীৱনকালত ভাৰতীয় সমাজ জীৱনৰ লগতে অসমৰ সমাজ জীৱনলৈয়ো আগবঢ়াইছিল প্ৰভূত বৰঙণি । দেশৰ এগৰাকী প্ৰখ্যাত উদ্যোগপতি হৈও অতি সাধাৰণ জীৱন কটোৱা ৰটন টাটাৰ অসমৰ প্ৰতি অকৃত্ৰিম ভালপোৱা তথা ৰাজ্যখনৰ প্ৰতি আগবঢ়োৱা উল্লেখযোগ্য বৰঙণিৰ বাবে অসম চৰকাৰে ২০২১ বৰ্ষত আগবঢ়াইছিল অসম চৰকাৰৰ সৰ্বোচ্চ সন্মান ‘অসম বৈভৱ’ বঁটা । অসম বৈভৱ (Assam Baibhav) হ’ল অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে অসম চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক সন্মান । ২০২১ বৰ্ষৰ পৰা এই বঁটা আগবঢ়াই অহা হৈছে ।

Ratan Tata And Assam
অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা 'অসম বৈভৱ' বঁটাৰে সন্মানিত কৰাৰ মুহূৰ্ত (ৰতন টাটাৰ বাসগৃহ, মুম্বাই, ২০২১) (X@himantabiswa)

প্ৰথমবাৰৰ বাবে দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাক কৰ্কট ৰোগৰ চিকিৎসাত আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয় । বয়সজনিত কাৰণত বঁটা প্ৰদান অনুষ্ঠানলৈ ৰতন টাটা আহিব নোৱৰাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ হৈ মুম্বাইৰ বাসগৃহত তেখেতক এই সন্মান প্ৰদান কৰে ।

অসমত কেন্সাৰ হাস্পতাল স্থাপন

অসমৰ স্বাস্থ্য খণ্ডলৈ ৰতন টাটাই আগবঢ়াই গৈছে মহত্বপূৰ্ণ অৱদান । কেন্সাৰ কেয়াৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা ৰতন টাটাৰ উদ্যোগত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বৰ্ধিত কেন্সাৰ ৰোগীৰ হাৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত বহুকেইখন কেন্সাৰ হাস্পতাল স্থাপন হৈছিল । টাটা ন্যাস আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত অসমত মুঠ ১৯ খন কেন্সাৰ হাস্পতাল পৰ্যায়ক্ৰমে স্থাপনৰ বাবে ২০১৮ চনত টাটা ন্যাসে অসম চৰকাৰৰ সৈতে এক চুক্তি স্বাক্ষৰিত কৰিছিল ।

Ratan Tata And Assam
৭ খনকৈ কেন্সাৰ হাস্পতাল উদ্বোধন কৰা আৰু আন ৭ খনৰ আধাৰশিলা স্থাপন কৰা অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে (ডিব্ৰুগড়, 28 এপ্ৰিল, ২০২২) (X@himantabiswa)

সেই মৰ্মে অসমত ২০২২ চনৰ ২৮ এপ্ৰিলত মুকলি হৈছিল টাটা ন্যাসৰ উদ্যোগত নিৰ্মাণ কৰা ৭ খনকৈ অত্যাধুনিক কেন্সাৰ হাস্পতাল । ৰতন টাটাৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ত মুঠতে সাতখন কেন্সাৰ হাস্পতাল উদ্বোধন কৰে ৷ আন সাতখন কেন্সাৰ হাস্পতালৰ আধাৰশিলাও স্থাপন কৰে ৷ সেইদিনা ডিব্ৰুগড় , বৰপেটা, তেজপুৰ, যোৰহাট, দৰং, কোকৰাঝাৰ আৰু লখিমপুৰত নিৰ্মাণ সম্পূৰ্ণ হোৱা সাতখন কেন্সাৰ হাস্পতাল মুকলি কৰাৰ লগতে গোৱালপাৰা, শিৱসাগৰ, ধুবুৰী, নগাঁও, গোলাঘাট, তিনিচুকীয়া আৰু নলবাৰীত নিৰ্মাণ হ’বলগীয়া আন সাতখন কেন্সাৰ হাস্পতালৰ আধাৰশিলা স্থাপন কৰে ৷

অসমৰ কাৰিকৰী শিক্ষাতো বিনিয়োগ

নৱপ্ৰজন্মক কাৰিকৰীভাৱে শিক্ষিত কৰি বৃত্তিমুখী কৰি তোলাৰ উদ্দেশ্যেৰে অসমৰ বৃত্তিমুখী শিক্ষা খণ্ডতো মনোনিৱেশ কৰিছিল ৰতন টাটাই । ৰতন টাটাৰ উদ্যোগত টাটা টেকন'লজিছে অসম চৰকাৰৰ সহযোগত ২০২২ চনৰ ৩ মে’ত কাৰিকৰী শিক্ষা প্ৰসাৰৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰিছিল । অভিযান্ত্ৰিক আৰু প্ৰডাক্ট ডেভেলপমেণ্ট ডিজিটেল সেৱা কোম্পানী টাটা টেকন’লজিছে অসমৰ ৩৪ খন পলিটেকনিক আৰু ৪৩ খন চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানক (ITI) ৰূপান্তৰিত কৰি উৎকৰ্ষতাৰ কেন্দ্ৰৰূপে গঢ়ি তোলাৰ বাবে অসম চৰকাৰৰ সৈতে এই চুক্তিপত্ৰ স্বাক্ষৰ কৰিছিল ৷

Ratan Tata And Assam
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালসহ উদ্যোগপতি ৰতন টাটা আৰু টাটা ছন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰ (X@himantabiswa)

এই পদক্ষেপৰ মূল উদ্দেশ্য আছিল কাৰিকৰী এই প্ৰতিষ্ঠানসমূহ উন্নীতকৰণৰ পিচত এই চি অ’ ইসমূহে কেৱল অসমৰ মূল উদ্যোগসমূহৰ সৈতে সংযুক্ত ছাত্ৰ-ছাত্ৰীৰ উন্নত দক্ষতাৰ প্ৰয়োজনীয়তা পূৰণ কৰাই নহয়, এই ব্যৱস্থাই এম এছ এম ইসমূহৰ বাবে প্ৰযুক্তি আৰু ঔদ্যোগিক কেন্দ্ৰ হিচাপেও কাম কৰা আৰু ঔদ্যোগীকৰণৰ সহায়কৰূপে গঢ়ি তোলা । এই প্ৰকল্পৰ অধীনত মুঠ প্ৰস্তাৱিত বিনিয়োগ আছিল প্ৰায় ২,৩৯০ কোটি টকা ।

চাহ আৰু পৰ্যটন উদ্যোগলৈ অৱদান

অসমৰ চাহ আৰু পৰ্যটন উদ্যোগৰ ক্ষেত্ৰখনতো ৰতন টাটাৰ উদ্যোগত যথেষ্ট বিনিয়োগ আৰু সম্প্ৰসাৰণ হৈ আহিছিল ৷ যিবোৰে অসমৰ অৰ্থনীতিত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে বিগত কেইবা দশক ধৰি । টাটা টি লিমিটেড, ভাৰত চাহ উদ্যোগৰ এক আগশাৰীৰ নাম যিয়ে অসমৰ চাহক ৰাজ্যৰ বাহিৰত লৈ গৈছে আৰু ভাৰতত আৰু বিশ্বস্তৰত এক পৰিচিত পানীয় হিচাপে গঢ়ি তুলিছে। টাটা কনজ্যুমাৰ্ছ প্ৰোডাক্টছৰ সহযোগী সংস্থা এমালগেমেটেড প্লেণ্টেচনচ প্ৰাইভেট লিমিটেডে (এপিপিএল) বৰ্তমান অসমত 21 টা চাহ বাগিচা চলায়।

অসমত 27000 কোটি ছেমি কণ্ডাক্টৰ উদ্যোগ স্থাপন

অসমৰ সৈতে দীৰ্ঘম্যাদী সম্পৰ্ক অব্যাহত ৰাখি, 2024 চনত, টাটা গোটে ৰাজ্যখনৰ অন্যতম বৃহৎ প্ৰকল্প লৈ আহিছিল। টাটা চন্সৰ সম্পূৰ্ণ মালিকানাধীন সহায়ক সংস্থা টাটা ইলেক্ট্ৰনিক্সে ইয়াৰ 27,000 কোটি টকাৰ গ্ৰীণফিল্ড অৰ্ধপৰিবাহী এচেম্বলী আৰু পৰীক্ষা সুবিধাৰ অসম গোটটো অসমৰ জাগীৰোডত নিৰ্মাণ কৰি আছে, যিটো অহা বছৰৰ ভিতৰত কাৰ্যকৰী হ'ব বুলি আশা কৰা হৈছে। এই প্ৰকল্পটোৱে বছৰি 15 বিলিয়ন চিপ উৎপাদনৰ সৈতে অঞ্চলটোত 27,000 ৰো অধিক প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। মাৰ্চ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে এক ভাৰ্চুৱেল অনুষ্ঠানৰ জৰিয়তে ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল। আগষ্টমাহত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা চন্চৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে ভূমি পূজন অনুষ্ঠান কৰি প্ৰকল্পটোৰ যাত্ৰা আৰম্ভ হোৱা কৰে।

এইগৰাকী মানৱীয় মূল্যবোধৰ শিখা বহনকাৰী বিশিষ্ট সমাজসেৱী আৰু উদ্যোগপতি ৰতন টাটা উদ্যোগপতি হিচাবেই নহয় অসমৰ সামাজিক প্ৰেক্ষাপটত সদায়েই মানৱতাবাদী কৰ্মৰ প্ৰেৰণাৰ উংস হৈ থাকিব ৷

লগতে পঢ়ক :খহি পৰিল ভাৰতৰ উদ্যোগ জগতৰ এটা উজ্জ্বল নক্ষত্ৰ; অন্তিম শয়নত ৰতন টাটা
লগতে পঢ়ক :প্ৰবীণ উদ্যোগপতি ৰতন টাটাৰ মৃত্যুত আমেৰিকাৰ বিভিন্নজনৰ শোক প্ৰকাশ

Last Updated : 2 hours ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.