ETV Bharat / state

অসম-মিজোৰাম সীমা সমস্যাৰ সমাধানত গুৰুত্ব দুয়োখন চৰকাৰৰ: মন্ত্রী অতুল বৰা - Assam Mizoram border issue - ASSAM MIZORAM BORDER ISSUE

Assam Mizoram border issue: দুদিনীয়া কাৰ্যসূচীৰে মিজোৰাম ভ্ৰমণৰ পৰা অহা মন্ত্রী অতুল বৰাৰ সংবাদমেল সম্বোধন । মিজোৰামত মন্ত্রী অতুল বৰাই ৰাজ্যখনৰ মুখ্যমন্ত্রী আৰু গৃহমন্ত্রী পৰ্যায়ত দুখনকৈ বৈঠকত মিলিত হৈ সীমা সমস্যাৰ সমাধানৰ বাবে আলোচনা কৰা বুলি উল্লেখ কৰে সংবাদমেলত ।

Atul Bora on Assam Mizoram border Issue
অসম-মিজোৰাম সীমা সমস্যা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 2:26 PM IST

গুৱাহাটী, ১১ আগষ্ট : 'মিজোৰাম চৰকাৰে সীমা সমস্যাৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ ইয়াৰ সমাধানত সদিচ্ছা প্ৰকাশ কৰিছে।' - এই মন্তব্য মন্ত্রী অতুল বৰাৰ । দুদিনীয়া কাৰ্যসূচীৰে মিজোৰাম ভ্ৰমণৰ পৰা অহা মন্ত্রী অতুল বৰাই দেওবাৰে দিছপুৰত এখন সংবাদমেল সম্বোধন কৰে । মিজোৰামত মন্ত্রী অতুল বৰাই ৰাজ্যখনৰ মুখ্যমন্ত্রী আৰু গৃহমন্ত্রী পৰ্যায়ত দুখনকৈ বৈঠকত মিলিত হৈ সীমা সমস্যাৰ সমাধানৰ বাবে আলোচনা কৰে ।

অসম-মিজোৰাম সীমা সমস্যা (ETV Bharat Assam)

সংবাদমেলত মন্ত্রী অতুল বৰাই কয় - '২০২১ চনৰ আগষ্টত অসম-মিজোৰ‍াম সীমান্তত হোৱা দুৰ্ভাগ্যজনক ঘটনাৰ পাচতে মিজোৰামলৈ গৈছিলো । তাৰ পাচত মন্ত্রী পৰ্যায়ৰ কেইবাখনো বৈঠক অনুষ্ঠিত হৈছে । আনহাতে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী পৰ্যায়তো আলোচনা হৈছে । মিজোৰামৰ নিৰ্বাচনৰ পাচত নতুন চৰকাৰৰ লগতো বৈঠক হৈছে । চলিত বৰ্ষৰ ৯ ফেব্ৰুৱাৰীত গুৱাহাটীত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ আলোচনা হৈছিল । মুখ্যমন্ত্রীৰ পৰামৰ্শ অনুসৰি আমি দুদিনীয়া কাৰ্যসূচীৰে মিজোৰামলৈ গৈছিলো ।"

তেওঁ লগতে কয়,"প্ৰথম দিনা মিজোৰামৰ গৃহমন্ত্রী পৰ্যায়ত আলোচনা হৈছিল । লগত মিজোৰামৰ ৰাজহ মন্ত্রী আৰু জেষ্ঠ বিষয়াসকল আছিল । বিশদ আলোচনা হোৱাৰ পিচত যুটীয়া বিবৃতি দিয়া হৈছিল । আলোচনা যথেষ্ট আশাব্যঞ্জক আছিল আৰু মিজোৰাম চৰকাৰৰ সদিচ্ছা আমি অনুভৱ কৰিছিলো । দ্বিতীয় দিনা অৰ্থাৎ শনিবাৰে আমি মিজোৰামৰ মুখ্যমন্ত্রী লালডুহোমাক লগ ধৰিছিলো । মিজোৰামৰ মুখ্যমন্ত্রীয়ে স্পষ্টভাৱে দীৰ্ঘদিনীয়া এই সীমা সমস্যাটো সমাধান কৰাত গুৰুত্ব আৰোপ কৰিছিল ।"

Atul Bora on Assam Mizoram border Issue
অসম-মিজোৰাম সীমা সমস্যা (ETV Bharat Assam)

ইয়াৰোপৰি মন্ত্ৰী বৰাই কয়,"সীমান্তত বসবাস কৰা লোকসকলে যথেষ্ট সমস্যাৰ সন্মূখীন হৈ আহিছে । সময়ে সময়ে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈ আহিছে । যাৰ বাবে মিজোৰাম চৰকাৰে এই সমস্যাৰ সমাধান বিচাৰে । গুৱাহাটীত এখন বৈঠকৰ বাবে আমি মিজোৰামৰ প্ৰতিনিধিক আমন্ত্রণ জনাইছোঁ । সেই বৈঠকত আমি বিশদভাৱে আলোচনা কৰিম । আনহাতে পূৰ্বতে বিভিন্ন পৰ্যায়ত লোৱা সিদ্ধান্তসমূহ বাহাল থাকিব ।"

মন্ত্রী বৰাই লগতে কয়,"মিজোৰামৰ প্ৰতিনিধি দলটো ২৫ জানুৱাৰীৰ পূৰ্বে অহাৰ কথা । অসম-মিজোৰাম সীমান্তৰ দৈৰ্ঘ্য হৈছে ১৬৪.৬ কিলোমিটাৰ আৰু ইয়াৰে বেছি হাইলাকান্দিত আছে । কৰিমগঞ্জ আৰু কাছাৰতো আছে ।"

Atul Bora on Assam Mizoram border Issue
মিজোৰামৰ গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্রীৰে বৈঠকত মিলিত অতুল বৰা (ETV Bharat Assam)

অসম চৰকাৰৰ সদিচ্ছাৰ কথা সদৰী কৰি মন্ত্রী বৰাই কয়,"সীমা সমস্যাৰ সমাধানৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিশেষ গুৰুত্ব আৰোপ কৰি পদক্ষেপ গ্ৰহণ কৰিছে । মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামৰ লগত আলোচনা কৰা হৈছে । পৰ্যায়ক্ৰমে পদক্ষেপ লোৱা হৈছে । আমি আশা কৰিছো যে আমাৰ চৰকাৰৰ পাঁচ বছৰীয়া কাৰ্যকালত চুবুৰীয়া ৰাজ্যৰে থকা সীমা সমস্যাটো সমাধানৰ দিশে আগবাঢ়িব পৰা যাব ।"

লগতে পঢ়ক: মুখ্যমন্ত্ৰীক জিৰণি লোৱাৰ পৰামৰ্শ মীৰা বৰঠাকুৰৰ - Artificial flood in Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.