ETV Bharat / state

দাৱনীৰ ৰূপত অতুল বৰা, ল'লে ৰবাব টেঙাৰ জুতি - CINNAMARA JATIYA BIDYALAY

চিনামৰা জাতীয় বিদ্যালয়ৰ খেতিপথাৰত শিক্ষাৰ্থীৰ সৈতে ধান কাটিলে কৃষি মন্ত্ৰী অতুল বৰাই ।

Agriculture Minister Atul Bora
দাৱনীৰ ৰূপত অতুল বৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 4:47 PM IST

যোৰহাট : ৰাজ্যত এতিয়া উপ-নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা দেখা গৈছে । ৰাজনৈতিক দলসমূহ নিৰ্বাচন হ'বলগীয়া ৫ টাকৈ সমষ্টিত প্ৰচাৰত ব্যস্ত হৈ পৰিছে । অৱশ্যে চৰকাৰৰ মিত্ৰদল অগপৰ সভাপতি ব্যস্ত আন কামত । ধান চপোৱাত ব্যস্ত অগপৰ সভাপতি তথা কৃষি মন্ত্ৰীগৰাকী । কৃষক নহয়, ছাত্ৰ-ছাত্ৰীৰ সৈতে পথাৰত নামিল মন্ত্ৰীগৰাকী ।

চিনামৰা জাতীয় বিদ্যালয়ৰ খেতিপথাৰ

দাৱনীৰ ৰূপত অতুল বৰা (ETV Bharat Assam)

উল্লেখ্য যে বিগত কেইবা বছৰ ধৰি যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয় কৰ্তৃপক্ষই কৃষি কৰ্মত গুৰুত্ব প্ৰদান কৰি আহিছে । তাৰ অংশ হিচাপে এক নিৰ্দিষ্ট ভূমিত বিদ্যালয়খনে ধানৰ খেতিও কৰি আহিছে । এইবছৰো ব্যতিক্ৰম নহ'ল । শিক্ষাৰ্থীসকলক কৃষিকৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ধান খেতি কৰিছে বিদ্যালয়খনে । য'ত কৃষিকৰ্মত জড়িত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থী ।

শিক্ষাৰ্থীৰ সৈতে ধান কাটিলে কৃষি মন্ত্ৰীয়ে

বিদ্যালয় প্ৰাঙ্গনত থকা বৃহৎ কৃষি ভূমিত বিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু শিক্ষাগুৰুসকলে কৰা ধান খেতিত শুকুৰবাৰে উপস্থিত হ'ল কৃষি মন্ত্ৰী অতুল বৰা । বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ লগতে মন্ত্ৰী অতুল বৰাই হাতত তুলি ল'লে কাচি । শিক্ষাৰ্থীসকলৰ সৈতে ধান কাটিলে মন্ত্ৰীগৰাকীয়ে । পকা ধান কটাৰ লগতে ধাননি পথাৰত দাৱনীসকলৰ সৈতে ৰবাব টেঙাৰো জুতি ল'লে মন্ত্ৰীগৰাকীয়ে ।

ধান কটা পৰ্বত অংশ লৈ মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক কৃষি সম্পৰ্কীয় সকলো আভাস দিয়াৰ বাবে বিদ্যালয় কৰ্তৃপক্ষক কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁৰ মতে চিনামৰা জাতীয় বিদ্যালয়ে গ্ৰহণ কৰা এনে পদক্ষেপে শিক্ষাৰ্থীসকলক আকৰ্ষিক কৰাৰ লগতে ৰাজ্যৰ আন আন শিক্ষাৰ্থীসকলকো আগ্ৰহী কৰিব । মন্ত্ৰীগৰাকীৰ মতে ৰাষ্ট্ৰীয় শিক্ষা নীতিতো কৃষিক অত্যধিক গুৰুত্ব দিয়া হৈছে আৰু বৰ্তমান কৃষকসকলে যোৱা দুবছৰৰ পৰা কৃষিত অত্যধিক গুৰত্ব দিয়া পৰিলক্ষিত হৈছে ।

আনহাতে ধান দোৱা পৰ্বত অংশগ্ৰহণ কৰি বিদ্যালয়খনৰ এগৰাকী শিক্ষাৰ্থীয়ে কয়,"আমি নিজে ৰুইছিলো । আজি ধানখিনি লহ-পহকৈ বাঢ়ি অহা দেখি আনন্দিত হৈছো । মই সকলোকে আহ্বান জনাইছো যিহেতু অসম কৃষি প্ৰধান ৰাজ্য সেয়ে সকলো আগবাঢ়ি আহক নিজৰ মাটিত খেতি কৰক । কষ্টৰ ফল যে ভাল হয় আমি এই কৃষিৰ জৰিয়তে বুজিব পাৰিছো ।"

লগতে পঢ়ক :এনেকুৱা চৰকাৰী বিদ্যালয় হ’লে আপোনাৰো মন যাব শিশুটিক নাম লগাই দিবলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.