ETV Bharat / state

কৃষকক সকাহ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰে বুজাবুজি চুক্তি স্বাক্ষৰ

AAU signs MoU with KB: কৃষিক্ষেত্ৰত শেহতীয়া তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব । অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে আন্তৰাষ্ট্ৰীয় সংস্থা 'কেবি' সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Assam Agricultural University signs MoU with international organisations
কৃষকক সকাহ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰে বুজাবুজি চুক্তি স্বাক্ষৰ (ETV Bharat Assam)

যোৰহাট: কৃষিক্ষেত্ৰৰ শেহতীয়া তথ্য প্ৰযুক্তি কৃষকৰ কাষলৈ নি ইয়াৰ জৰিয়তে কৃষকক সকাহ দিয়াৰ বাবে শুকুৰবাৰে অসম কৃষি বিশ্ববিদ্যালয়ে আন্তঃৰাষ্ট্ৰীয় সংস্থা 'কেবি'ৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে । অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালকালয়ৰ সভা গৃহত আয়োজিত এক বিশেষ অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড৹ সঞ্জয় কুমাৰ চেতিয়া আৰু 'কেবি'ৰ দক্ষিণ এছিয়াৰ আঞ্চলিক সঞ্চালক ড৹ বিনোদ পণ্ডিতে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাৰ উপস্থিতিত স্বাক্ষৰিত এই চুক্তিৰ জৰিয়তে কেবিৰ শেহতীয়া উদ্ভাৱন 'প্লেন্টৱাইজ প্লাছ' ৰ মাধ্যমেৰে কৃষকক তাৎক্ষণিকভাৱে খেতিৰ লগত জড়িত অসুবিধা আৰু কীট-পতংগ ব্যৱস্থাপনা তথা ঔষধ প্ৰয়োগ আৰু নিৰাময়ৰ ওপৰত যাবতীয় দিহা পৰামৰ্শ প্ৰদান কৰা হ'ব । বিশেষকৈ ডিজিটেল শিক্ষণ সম্পদৰ আৰু প্লেন্ট ক্লিনিক তথ্য ব্যৱস্থাপনাৰ জৰিয়তে খেতিপথাৰতে কৃষকৰ সমস্যাৰ সমিধান দিয়া হ'ব ।

চুক্তি স্বাক্ষৰ অনুষ্ঠানত বক্তব্য ৰাখি 'কেবি' ৰ দক্ষিণ এছিয়াৰ আঞ্চলিক সঞ্চালক ড৹ বিনোদ পণ্ডিতে শস্যৰ ক্ষতিৰ অনুমান, পূৰ্বাভাস, ৰোগ আৰু কীট-পতংগৰ আগতীয়া সতৰ্কবাণীৰ বাবে তথ্য বিশ্লেষণ কৰি কৃষি আৰু কৃষকক সকাহ দিয়াৰ বাবে এই চুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই এই চুক্তিৰ জৰিয়তে অসমৰ কৃষি আৰু কৃষকৰ সামগ্ৰিক উত্তৰণৰ দিশত ফলদায়ক হ'ব বুলি আশা ব্যক্ত কৰে ।

বিজ্ঞানী ড৹ পৰিণ্ডা বৰুৱাই আদৰণি ভাষণ আগবঢ়োৱা এই চুক্তি স্বাক্ষৰ আৰু মাষ্টাৰ ট্ৰেইনাৰ প্ৰশিক্ষণ কাৰ্যসূচীত অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ ৰঞ্জিত কুমাৰ সাউদৰ লগতে কেইবাজনো মুৰব্বী অধ্যাপক, গৱেষক বিজ্ঞানী আৰু প্ৰকল্পৰ সহযোগীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: স্বচ্ছ-শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু বিশ্বনাথ জিলা প্ৰশাসন

সময় নিৰ্দ্ধাৰিত কৰ্মসূচী সাজু কৰি বিদেশী বিতাড়নৰ ব্যৱস্থা কৰক চৰকাৰে: আছু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.