ETV Bharat / state

কৃষি শিক্ষাৰ জৰিয়তে অসীম সম্ভাৱনাৰ দুৱাৰ মুকলি হয় : গুলাব চান্দ কটাৰীয়া

author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 7:33 PM IST

AAU Convocation: অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৩ সংখ্যক সমাৱৰ্তন ৷ ৫৫০ গৰাকী কৃষি শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান ৰাজ্যপাল গুলাব চান্দ কটাৰীয়াৰ । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে কৃষি মন্ত্ৰী অতুল বৰাই ।

Governor Golab Chand Kataria
অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৩ তম্ সমাৱৰ্তন

যোৰহাট, ১৭ ফ্ৰেব্ৰুৱাৰী : অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৩ সংখ্যক সমাৱৰ্তনখন শনিবাৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় । বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত সমাৱৰ্তনত বিশ্ববিদ্যালয়ৰ আচাৰ্য ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই কৃষি আৰু আনুসংগিক বিজ্ঞানৰ শিক্ষাৰ্থীসকলক ডিগ্ৰী প্ৰদান কৰে । সমাৱৰ্তনত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯ খন মহাবিদ্যালয় পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে পি এইচ ডি লাভ কৰা ৫৫০ গৰাকীক আনুষ্ঠানিক ভাৱে ডিগ্ৰী প্ৰদান কৰা হয় ।

সমাবৰ্তনত বক্তব্য আগবঢ়াই ৰাজ্য়পাল গুলাব চান্দ কাটাৰীয়াই কৃষি শিক্ষাৰ জৰিয়তে কেৰিয়াৰ গঢ় দি আনক সেৱা কৰাৰ লগতে অসীম সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব পাৰি বুলি কয় । কৃষি শিক্ষাৰ জৰিয়তে সৰ্বাধিক লাভ অৰ্জন কৰিবলৈ জ্ঞান আৰু ক্ষমতাৰ জৰিয়তে নতুন নতুন পৰিক্ৰমাৰ বিষয়ে অৱগত হ'ব লাগিব বুলি উল্লেখ কৰি এই প্ৰয়াসেৰে এখন সমৃদ্ধিশালী দেশ গঢ় দিয়াত সহায়ক হ'ব বুলি কয় । সমাৱৰ্তনত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই অসম কৃষি বিশ্ববিদ্যালয়ে কৃষি শিক্ষা গৱেষণা আৰু সম্প্ৰসাৰণৰ হকে উৎসৰ্গিত মনোভাবেৰে কাম কৰাৰ বিষয়ে উল্লেখ কৰি বিশ্ববিদ্যালয়খনৰ সফলতাৰ আভাস দাঙি ধৰে ।

এই সমাৱৰ্তনত কৃষি, উদ্যান শস্য, পশু পালন মন্ত্ৰী অতুল বৰাই সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰি কৃষিৰ বহনক্ষম উন্নয়নৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপৰ বিষয়ে ব্য়াখ্য়া কৰে । তেওঁ জৈৱিক কৃষি আৰু ভিন্ন ধৰণৰ কৃষিকাৰ্য আৰু কৃষি ব্যৱসায়ৰ জৰিয়তে অসমৰ কৃষিৰ ক্ষেত্ৰ আগুৱাই নিবলৈ প্ৰয়াস কৰা হৈছে বুলি কয় । এক্ট ইষ্ট পলিচিৰ জৰিয়তে অসমৰ কৃষিক্ষেত্ৰও উপকৃত হৈছে বুলি উল্লেখ কৰি বিদেশী বজাৰলৈ অসমৰ সামগ্ৰীৰ ৰপ্তানিৰ জৰিয়তে অসমৰ কৃষিৰ উজ্জ্বল ভৱিষ্যতৰ সাক্ষ বহন কৰিছে বুলি তেওঁ আশা ব্যক্ত কৰে ।

বিশিষ্ট অর্থনীতিবিদ তথা নীতি আয়োগৰ সদস্য অধ্যাপক ৰমেশ চান্দে সমাৱর্তন অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কৃষি বিপণনৰ বহু সুযোগ আছে বুলি উল্লেখ কৰি কৃষি শিক্ষাৰ্থী সকলক আগবাঢ়ি আহিবলৈ আহ্বান জনায় । এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য সকল, অধিবিদ্যা পৰিষদৰ সদস্যসকল, বিজ্ঞান গুৰু সকল, গৱেষণা সঞ্চালক সকল, মুৰব্বী অধ্যাপক বিজ্ঞানীসকল, গৱেষণক সকল আৰু শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:মিছন বসুন্ধৰা ২.০ সফল ৰূপায়ণত শোণিতপুৰ জিলাৰ কৃতিত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.