ETV Bharat / state

উচ্চ শিক্ষাত সৰ্বভাৰতীয় পৰ্যায়তকৈ পিচ পৰি‌ আছে অসম : নীতি আয়োগৰ‌ সমীক্ষাত উন্মোচন এই তথ্য - Assam CM Press Meet - ASSAM CM PRESS MEET

Assam Higher Education : উচ্চ শিক্ষাৰ ক্ষেত্ৰত অসম সৰ্বভাৰতীয় পৰ্যায়ৰ তুলনাত পিচ পৰি আছে ৷ নীতি আয়োগৰ মতে দেশত উচ্চ শিক্ষাত নামভৰ্তিৰ হাৰ 18 শতাংশ ৷ তাৰ বিপৰীতে অসমত উচ্চ শিক্ষাত নামভৰ্তিৰ হাৰ 16 শতাংশ ৷

ASSAM CM PRESS MEET
উচ্চ শিক্ষাৰ ক্ষেত্ৰত অসম সৰ্বভাৰতীয় পৰ্যায়ৰ তুলনাত পিচ পৰি আছে (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 6:20 PM IST

গুৱাহাটী, 15 জুলাই : নীতি আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰা বহনক্ষম উন্নয়নৰ লক্ষ্যৰ ৰেংকিঙত অসমে বিশেষ সফলতা লাভ কৰিছে যদিও উচ্চ শিক্ষাৰ ক্ষেত্ৰত অসম সৰ্বভাৰতীয় পৰ্যায়ৰ তুলনাত পিচ পৰি আছে ৷ মুখ্যমন্ত্ৰী হিমন্ত‌ বিশ্ব শৰ্মাই সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এখন‌ সংবাদমেলত এই কথা সদৰী কৰে ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসম সৰ্বভাৰতীয় পৰ্যায়ৰ তুলনাত উচ্চ শিক্ষাত পিচ পৰি আছে ৷ নীতি আয়োগৰ মতে দেশত উচ্চ শিক্ষাত নামভৰ্তিৰ হাৰ 18 শতাংশ ৷ তাৰ বিপৰীতে অসমত উচ্চ শিক্ষাত নামভৰ্তিৰ হাৰ 16 শতাংশ ৷ তেওঁ কয় যে পৰৱৰ্তী সময়ত উচ্চ শিক্ষাত নামভৰ্তি 19 শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিশ্চিত কৰা‌ হ'ব ৷ নিযুত মইনা আঁচনি, বিনামূলীয়া নামভৰ্তি আদিয়ে অসমত উচ্চ শিক্ষাত নামভৰ্তি বৃদ্ধি কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মুখ্যমন্ত্ৰী হিমন্ত‌ বিশ্ব শৰ্মাৰ সংবাদমেল (ETV Bharat Assam)

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে উচ্চ শিক্ষাক বাদ দি অসমত দাৰিদ্ৰতা হ্ৰাস কৰাত বিশেষ সফল হৈছে ৷ নীতি আয়োগৰ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ ৰেংকিং 2023-24 সমীক্ষাত এই কথা প্ৰকাশ‌ পাইছে ৷ তেওঁ কয় যে 2018 চনৰ সমীক্ষাত অসম বহনক্ষম উন্নয়নৰ লক্ষ্যৰ ৰেংকিঙত Aspirant শাখাত আছিল ৷ শেহতীয়া সমীক্ষাত অসম বহনক্ষম উন্নয়নৰ লক্ষ্যৰ ৰেংকিঙত অসম Front Runner শাখাত আছে ৷ সৰ্বভাৰতীয় পৰ্যায়ত বহনক্ষম উন্নয়নৰ লক্ষ্যৰ ৰেংকিং Front Runner শাখাত আছে ৷

লগতে পঢ়ক : পাঁচজন মানুহৰ মৃত্যুৰ ভাল হিচাব এটা এদিন অসমত হ’ব : মুখ্যমন্ত্ৰী - Himanta Biswa Prees Meet

উল্লেখ্য যে নীতি আয়োগে বহনক্ষম উন্নয়নৰ লক্ষ্যৰ ৰেংকিঙত চাৰিটা শাখা নিৰ্ধাৰণ কৰিছে এনেধৰণে- Aspirant( 0-49), Performer ( 50-64) , Front runner ( 65-99) আৰু Achiever (100) ৷ মুখ্যমন্ত্ৰীয়ে কয় যে নীতি আয়োগে প্ৰকাশ কৰা মতে অসমৰ লগতে সোনকালে উন্নত হোৱা ৰাজ্য হ'ল উত্তৰ প্ৰদেশ, ত্ৰিপুৰা, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, উত্তৰাখণ্ড পঞ্জাৱ, মধ্য প্ৰদেশ আৰু হাৰিয়ানা ৷

তৃতীয় চতুৰ্থ বৰ্গ পৰীক্ষাত থাকিব নেগেটিভ মাৰ্কিং:

মুখ্যমন্ত্ৰীয়ে সংবাদমেলত সদৰী কৰে যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম ( Syllabus ) প্ৰকাশ‌ কৰা হৈছে ৷ এইবাৰ এই পৰীক্ষাত প্ৰথমবাৰৰ বাবে ভুল‌ প্ৰশ্নৰ বাবে নিগেটিভ নম্বৰ দিয়া হ'ব ৷ এই দুটা পৰীক্ষা অনুষ্ঠিত কৰাটো চৰকাৰৰ বাবে প্ৰত্যাহ্বানমূলক হ'ব ৷ এই পৰীক্ষাৰ বাবে 11 লাখ পৰীক্ষাৰ্থীয়ে আবেদন কৰিছে ৷ ইমান প্ৰাৰ্থী অসমত এইবাৰ প্ৰথম ৷ চৰকাৰে পৰীক্ষাৰ মাচুল লোৱা নাছিল লগতে বিগত পৰীক্ষাত পৰিলক্ষিত হোৱা স্বচ্ছতাৰ বাবেও‌ প্ৰাৰ্থীৰ সংখ্যা বাঢ়িছে বুলি কয় তেওঁ ৷

লগতে পঢ়ক : 'কা' কাৰ্যকৰী হ'ল অসমত : দিছপুৰৰ গৃহ বিভাগৰ পৰা আৰক্ষীলৈ গ'ল বিশেষ নিৰ্দেশনা - CAA implementaion in assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.