ETV Bharat / state

অসমক দ্বি-খণ্ডিত নকৰি সর্বোচ্চ স্বায়ত্তশাসন দাবী এএছডিচিৰ

ASDC protest : ৰাজ্য়ৰ ভিতৰত থাকিয়েই স্বায়ত্তশাসন দাবী । অধিকাৰ লাভৰ দাবীত পুনৰ প্ৰতিবাদী কাৰ্যসূচী কাৰ্বি ভূমিত ।

ASDC protest
স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত ধর্ণা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

ডিফু : স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত পুনৰ সৰৱ হৈছে আঞ্চলিক ৰাজনৈতিক দল এএছডিচি ৷ সংবিধান প্রদত্ত অধিকাৰ লাভৰ বাবে এই দলটোৱে দীৰ্ঘদিন ধৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ পিচতো লাভ কৰা নাই কোনো সুফল । সেইবাবে এই অধিকাৰ লাভৰ দাবীত পুনৰ আৰম্ভ কৰিছে প্ৰতিবাদী কাৰ্যসূচী ।

মঙলবাৰে ডিফুত এখন স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰে এএছডিচিয়ে । কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰৱেশদ্বাৰৰ কাষত এই ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । শতাধিক কর্মকর্তাই হাতে হাতে প্লে-কার্ড প্রদর্শন কৰি স্বায়ত্তশাসনৰ দাবী তোলাৰ লগতে বিভিন্ন শ্ল'গান দিয়ে । এই প্ৰতিবাদস্থলীৰ পৰাই তেওঁলোকে চৰকাৰক সকীয়াই দিয়ে ।

স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত ধর্ণা (ETV Bharat Assam)

দলটোৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে এই সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘১৯৬৯ চনত সংবিধানে পার্বত্য জিলা তিনিখনক সাঙুৰি এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ সুবিধা প্রদান কৰিছিল । এয়া আমাৰ সংবিধান প্রদত্ত অধিকাৰ । আমি অসমক দ্বি-খণ্ডিত নকৰি অসমৰ ভিতৰতে সর্বোচ্চ স্বায়ত্তশাসনহে দাবী কৰিছো ।’’

মুখ্য়মন্ত্ৰীয়ে প্ৰতিশ্ৰুতি পূৰণ কৰা নাই

এএছডিচিৰ সভাপতিগৰাকীয়ে মুখ্য়মন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ কয়, ‘‘মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই লোকসভা নির্বাচনৰ সময়ত বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰাৰ আশ্বাস দিছিল । এতিয়া লোকসভা নির্বাচন সমাপ্ত হোৱাৰ ৫-৬ মাহ হ'ল । গতিকে আমি আমাৰ দাবী আৰু তেওঁৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দিয়াৰ বাবে স্বায়ত্তশাসনৰ দাবীৰ লগতে আন ১১ দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ প্রেৰণ কৰিছো ।’’

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্যগৰাকীয়ে ব্যক্তিগতভাৱে মুখ্যমন্ত্ৰীক বিষয়টো অৱগত কৰাৰ কথা উল্লেখ কৰি মুখ্য কার্যবাহী সদস্য আৰু পাহাৰৰ সাংসদ তথা পাঁচগৰাকী বিধায়কলৈও এই স্মাৰকপত্ৰ প্ৰেৰণ কৰা হ'ব বুলি কয় ।

লগতে পঢ়ক: জৰীপ নোহোৱাকৈ থকা এন চি গাঁৱৰ বাসিন্দাই লাভ কৰিব ভূমিৰ পট্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.