গুৱাহাটী, ২৫ জুলাই : বিগত দুই-তিনিটা বছৰত ৰাজ্যত আৰক্ষীয়ে নিষ্পত্তি কৰা অৰ্থাৎ তদন্ত শেষ কৰা গোচৰৰ সংখ্যা আৰু হাৰ পূৰ্বৰ বছৰসমূহৰ তুলনাত বৃদ্ধি পাইছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ‘এক্স’ত সদৰী কৰা মতে ২০২১ চনত আৰক্ষীয়ে অসমত নিষ্পত্তি নকৰা গোচৰৰ সংখ্যা আছিল ৯৫,৯৯৪ টা ৷
Due to our modernisation efforts, the avg number of cases, an Investigating Officer of @assampolice look after has significantly come down, reducing their burden and improving quality of investigation.
— Himanta Biswa Sarma (@himantabiswa) July 25, 2024
This has resulted in a drastic reduction in case pendency, benfitting a… pic.twitter.com/8zKjl7DU00
আনহাতে ২০২৪ চনৰ জুনলৈকে আৰক্ষীয়ে অসমত নিষ্পত্তি নকৰা গোচৰৰ সংখ্যা ছমাহত ১৮,২৮৬ টা ৷ অসম আৰক্ষীৰ এজন অনুসন্ধানকাৰী বিষয়াই চোৱাচিতা কৰা গোচৰৰ গড় সংখ্যা ২০২১ চনত ৫২ টা আছিল । ২০২৪ চনত এই সংখ্যা ৭.৩৯ টা হৈছে বুলি তেওঁ কয় ৷
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘ আধুনিকীকৰণৰ জৰিয়তে অসম আৰক্ষীৰ কাৰ্যপ্ৰণালী বিশেষ সংস্কাৰেৰে সমৃদ্ধ হৈ পৰিছে ৷ ইয়াৰে ফলশ্ৰুতিত অসম আৰক্ষীৰ এজন অনুসন্ধানকাৰী বিষয়াই চোৱাচিতা কৰা গোচৰৰ গড় সংখ্যা যথেষ্ট হ্ৰাস পাইছে ৷ স্মৰ্তব্য যে আধুনিকীকৰণে অনুসন্ধানৰ মানো যথেষ্ট পৰিমাণে উন্নত কৰিছে ৷ নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ ক্ৰমহ্ৰাসমান গতিৰ পৰা আমাৰ সমাজৰ বৃহৎসংখ্যক লোক যে উপকৃত হৈ পৰিছে, সেয়া সহজেই অনুমেয় ৷’’
অসমত বিগত পাঁচ বছৰত অপৰাধৰ হাৰ লেখত ল’বলগীয়াকৈ হ্ৰাস পাইছে যদিও বিগত দুই-তিনিটা বছৰত ৰাজ্যত আৰক্ষীয়ে নিষ্পত্তি কৰা অৰ্থাৎ তদন্ত শেষ কৰা গোচৰৰ সংখ্যা আৰু হাৰ সেই অনুপাতে বৃদ্ধি পোৱা নাই ৷ অৱশ্যে আৰক্ষীয়ে অভিযোগনামা দাখিল কৰা আৰু তাৰ ভিত্তিত অভিযুক্তৰ দোষী সাব্যস্তকৰণৰ হাৰ বৃদ্ধি হৈছে ৷ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে কালি এক্সত প্ৰকাশ কৰা গোচৰৰ পৰিসংখ্যাত এই কথা পৰিস্ফুট হৈছে ৷
ডি জি পি সিঙে প্ৰকাশ কৰা মতে, ৰাজ্যত ২০১৯ চনৰ তুলনাত ২০২৩ চনপর্যন্ত অপৰাধৰ হাৰ প্ৰায় ৫২ শতাংশ হ্ৰাস পাইছে ৷ ২০১৯ চনত ৰাজ্যত প্ৰতি এক লাখ লোকৰ বিপৰীতে ৩৮৭.৫টা অপৰাধ সংঘটিত হৈছিল ৷ ২০২৩ চনত এই হাৰ ১৮৩.১ লৈ হ্ৰাস পায় ৷ চলিত বৰ্ষৰ প্ৰথম ছমাহৰ তথ্য অনুসৰি ই ১৩৯.৩ লৈ হ্ৰাস পাইছে । এই সময়ছোৱাত ৰাজ্যত পঞ্জীয়ন হোৱা অপৰাধৰ গোচৰ হ্ৰাস হোৱাৰ বিষয়েও সিঙে উল্লেখ কৰিছে ।
২০১৯ চনত মুঠ ১,৩২,৮৭৭টা বিভিন্ন অপৰাধৰ গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে ২০২৪ চনত এই সংখ্যা ৬৫,৩৯৫লৈ হ্ৰাস পাইছে ৷ ২০২৪ চনৰ প্ৰথম ছমাহপৰ্যন্ত ৰাজ্যত ২৫,০৭৯টা অপৰাধৰ গোচৰ ৰুজু হৈছে । ৰাজ্যত গোচৰৰ সংখ্যা হ্ৰাস হৈছে যদিও গোচৰৰ নিষ্পত্তিৰ হাৰ সেই অনুপাতে বৃদ্ধি পোৱা নাই । ২০১৯ৰপৰা ২০২১ চনলৈ ৰাজ্যত মুঠ গোচৰ নিষ্পত্তিৰ অৰ্থাৎ তদন্ত সম্পূৰ্ণ কৰাৰ হাৰ বৃদ্ধি পাইছিল যদিও ২০২১ চনৰপৰা এই হাৰ নিম্নগামী হোৱাৰ কথা পৰিসংখ্যাই প্ৰমাণ কৰিছে ।