ETV Bharat / state

এছিয়াটিক ক'লা ভালুক সংৰক্ষণ : অৰুণাচলত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ভালুক পুনৰসংস্থাপন কেন্দ্ৰ - Rehabilitation of Bear Cubs

Bear Rehabilitation : পাক্কে সংৰক্ষিত বনাঞ্চলত অৱস্থিত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ এছিয়াটিক ক'লা ভালুকৰ সংৰক্ষণৰ ব্যৱস্থা ৷ এই বনাঞ্চলত আছে এছিয়াটিক ক'লা ভালুক পুনৰসংস্থাপন কেন্দ্ৰ ৷ কেন্দ্ৰটোৰ বন্যপ্ৰাণী চিকিৎসক ডাঃ প্ৰাণজিত বসুমতাৰীৰ সৈতে ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণব কুমাৰ দাসৰ আছুতীয়া সাক্ষাৎকাৰ ৷

Bear Rehabilitation
এছিয়াটিক ক'লা ভালুকৰ সংৰক্ষণৰ ব্যৱস্থা
author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 7:14 PM IST

উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ভালুক পুনৰ সংস্থাপন কেন্দ্ৰ

তেজপুৰ, 4 মাৰ্চ : অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ চিজুছাৰ পাক্কে সংৰক্ষিত বনাঞ্চলত অৱস্থিত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ এছিয়াটিক ক'লা ভালুকৰ সংৰক্ষণ কেন্দ্ৰ ৷ বন্যপ্ৰাণী সংস্থা ডব্লিউ টি আই আৰু অৰুণাচল প্ৰদেশ বন বিভাগৰ সহযোগিতাত স্থাপন কৰা হৈছে এই এছিয়াটিক ক'লা ভালুকৰ পুনৰ সংস্থাপন কেন্দ্ৰটো ৷

এই কেন্দ্ৰত বৰ্তমান কৰ্তৃপক্ষৰ তত্বাৱধানত আছে 4 টা এছিয়াটিক ক'লা ভালুক ৷ 2002 চনত স্থাপন কৰা এই পুনৰসংস্থাপন কেন্দ্ৰত যি সমূহ ভালুকৰ পৰিয়াল নাই অথবা কোনো কাৰণত অকলশৰীয়া হৈ যায় তেনে ভালুক উদ্ধাৰ কৰি যত্ন তথা চোৱাচিতাৰ অন্তত সংস্থাপনৰ বাবে পুনৰ অৰণ্যত এৰি দিয়া হ৷ বৰ্তমানলৈকে এই কেন্দ্ৰটোৱে 50 টা এছিয়াটিক ক’লা ভালুক উদ্ধাৰ কৰি পুনৰ অৰণ্যৰ মাজত এৰি দিছে ৷ এই সমূহৰ ভিতৰত সৰহ সংখ্যক ভালুক মাতৃহীন ৷ 2002-03 চনত হিমালয়ৰ পাদদেশত চোৰাং চিকাৰীৰ কবলত পৰা এই ভালুকসমূহ উদ্ধাৰ কৰি পুনৰ সংস্থাপন কৰিছে কেন্দ্ৰটোৱে ৷

ইফালে বৰ্তমান কেন্দ্ৰটোত থকা চাৰিটা ভালুক বনাঞ্চলত মুকলি কৰি দিয়া হৈছিল যদিও ভালুককেইটা পুনৰ ঘূৰি আহে ৷ যাৰ বাবে ভালুককেইটাক বৰ্তমান কেন্দ্ৰটোতে ৰখা হৈছে ৷ আনহাতে 2023 চনৰ আগষ্ট মাহত উদ্ধাৰ কৰি অনা এটা এছিয়াটিক ক'লা ভালুক পুনৰসংস্থাপনৰ বাবে কেন্দ্ৰটোৰ পৰা মুকলি কৰি দিয়া হয় বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই ৷ উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ এই পুনৰসংস্থাপন কেন্দ্ৰত বিভাগীয় লোকৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষিদ্ধ ৷

অৰুণাচল প্ৰদেশৰ পাক্কে সংৰক্ষিত বনাঞ্চলৰ সংলগ্ন এই কেন্দ্ৰটো ভাৰতীয় বন্যপ্ৰাণী ন্যাস (WTI), আন্তঃৰাষ্ট্ৰীয় পশু কল্যাণ পুঁজি (IFAW) আৰু পৰিৱেশ আৰু বন বিভাগ অৰুণাচল প্ৰদেশৰ দ্বাৰা যৌথভাৱে পৰিচালিত হয় ৷ উল্লেখযোগ্য যে এই কেন্দ্ৰৰ কাষতে আছে পাক্কে সংৰক্ষিত বনাঞ্চল তথা ব্যঘ্ৰ প্ৰকল্প ৷ পূৰ্বে চোৰাং চিকাৰীৰ কবলত পৰিছিল এই এছিয়াটিক ক'লা ভালুক ৷ আনহাতে বন বিভাগৰ তথ্য মতে বনাঞ্চলখনত 2023 বৰ্ষত কেবাটাও বন্যপ্ৰাণী চোৰাং চিকাৰীৰ কবলত পৰিছিল ৷ কিন্ত বিগত সময়ছোৱাৰ তুলনাত বনাঞ্চলখনত চোৰাং চিকাৰী বহু পৰিমাণে হ্ৰাস পাইছে বুলি জনায় কৰ্তৃপক্ষই ৷

পাক্কে বাঘ সংৰক্ষিত বনাঞ্চলৰ বৈশিষ্ট্য হৈছে ইয়াৰ কাষেৰে বৈ অহা পাক্কে নদী, য’ত বিভিন্ন প্ৰজাতিৰ মাছ পোৱা যায় ৷ এই নদীৰ তলৰ অংশ অসমৰ শোণিতপুৰ জিলাত বৰদিকৰাই বুলি খ্যাত ৷ 1966 চনৰ 1 জুলাইত প্ৰথমে পাখুই সংৰক্ষিত বনাঞ্চল হিচাপে গঠন কৰা হয় আৰু 1977 চনৰ 28 মাৰ্চত খেল সংৰক্ষিত বনাঞ্চল হিচাবে ঘোষণা কৰা হয় ৷ 2001 চনত ইয়াৰ নাম পাখুই বন্যপ্ৰাণী অভয়াৰণ্য কৰি 2002 চনৰ 23 এপ্ৰিলত প্ৰজেক্ট টাইগাৰৰ অধীনত পাখুই ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয় ৷

লগতে পঢ়ক : 6 মাৰ্চত লখিমপুৰত ৯০০ কোটি টকাৰ আঁচনি উদ্বোধন-শিলান্যাস কৰিব মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.