ETV Bharat / state

পুৱাই কৃত্ৰিম বানত বুৰিল মৰিয়নী নগৰ; বিধায়কৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ - Artificial flood in Mariani - ARTIFICIAL FLOOD IN MARIANI

ARTIFICIAL FLOOD: এজাক বৰষুণতে উটি গ'ল বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ দম্ভ । কৃত্ৰিম বানত বুৰ গ'ল মৰিয়নী নগৰ । গেলা পানী গচকি বিদ্যালয়লৈ আহিল ছাত্ৰ-ছাত্ৰী, কাৰ্যালয়লৈ আহিল কৰ্মচাৰী । ক্ষোভ উজাৰিলে বিধায়কৰ বিৰুদ্ধে ।

Artificial flood sweep away Mariani town in Jorhat
কৃত্ৰিম বানৰ কৱলত ৰূপজ্যোতি কুৰ্মীৰ সমষ্টি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 8:07 PM IST

যোৰহাট, ১২ জুন: সমষ্টিবাসীৰ বাবে সকলো সময়তে কাম কৰা বুলি চৰ্চা লাভ কৰা এগৰাকী বিধায়ক হ'ল ৰূপজ্যোতি কুৰ্মী । পিচে সমষ্টিবাসী লাহে লাহে যেন বিতুষ্ট হৈছে ৰূপজ্যোতি কুৰ্মীৰ ওপৰত । কিয়নো নিৰ্বাচনী প্ৰচাৰত অহংকাৰ ভৰা ভাষণৰ বাদে সমষ্টিবাসীৰ সমস্যাৰ প্ৰতি গুৰুত্ব দিবলৈ কুৰ্মীৰ আহৰি নাই বুলি এতিয়া চৰ্চা চলিছে । সততে মৰিয়নী সমষ্টি উন্নয়ন হোৱা বুলি দাবী কৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ পতন নিজেই মাতি আনিছে বুলিও সৰৱ চৰ্চা আৰম্ভ হৈছে ৰাইজৰ মাজত ।

কৃত্ৰিম বানৰ কৱলত ৰূপজ্যোতি কুৰ্মীৰ সমষ্টি (ETV Bharat Assam)

কাৰণ কোনো দিনেই কৃত্ৰিম বানৰ সমস্যাৰ সন্মুখীন নোহোৱা মৰিয়নী নগৰবাসীয়ে বুধবাৰে পুৱা ভাগত অহা এজাক বৰষুণতেই এই ভয়াৱহ সমস্যাৰ সন্মুখীন হয় । কৃত্ৰিম বানৰ সৈতে মোকাবিলা কৰিবলৈ বাধ্য হয় নগৰবাসী । পুৱাৰ ভাগত অহা এজাক বৰষুণৰ পাচতেই মৰিয়নী পৌৰ এলেকা অধীনৰ ৭ নং, ৮ নং বাৰ্ডৰ লগতে বিভিন্ন স্থানৰ বাট-পথ বুৰ যায় । ফলত বিদ্যালয়, মহাবিদ্যালয়লৈ যোৱা ছাত্র-ছাত্ৰী তথা অফিচ, কাছাৰীলৈ যোৱাসকলে যমৰ-যাতনা ভোগ কৰিব লগা হয় । গেলা পানী গচকি অতিষ্ঠ হৈ পৰে মৰিয়নী নগৰবাসী ।

মৰিয়নী নগৰৰ উন্নয়ন তথা সমস্যাৰাজি সমাধানত অগ্ৰাধিকাৰ দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কালক্ৰমত এইসমূহ কথা পাহৰি বিভিন্ন অনৰ্থক কথাত বাক-বিতণ্ডা কৰাতহে ব্যস্ত হোৱাৰ গুৰুতৰ অভিযোগ উথাপন হৈছে । ফলত মৰিয়নীবাসীয়ে বিভিন্ন সমস্যাত জৰ্জৰিত হৈ পৰা পৰিলক্ষিত হৈছে । ফলত মৰিয়নীবাসী মাজত থকা ৰূপজ্যোতি কুৰ্মীৰ জনপ্ৰিয়তা এনেবোৰ কাৰণতেই হ্ৰাস পাবলৈ ধৰা বুলি ব্যাপক চৰ্চা চলিছে ।

লগতে পঢ়ক: এজাক বৰষুণতে জলমগ্ন ৰাষ্ট্ৰীয় ঘাইপথ, যাত্ৰীৰ হাহাকাৰ - Artificial Flood

আগিয়াত কৃত্ৰিম বানত স্বাভাৱিক জনজীৱন বিপৰ্যস্ত : এসপ্তাহে বন্ধ শিক্ষানুষ্ঠান - Artificial Flood In Goalpara

শিলচৰত কৃত্ৰিম বানত বিপৰ্যস্ত স্বাভাৱিক জনজীৱন: ক্ষোভ প্ৰকাশ জলসম্পদ বিভাগৰ বিৰুদ্ধে - Artificial flood in Silchar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.