ETV Bharat / state

কৃত্ৰিম বানৰ কবলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ - Dibrugarh Artificial flood

author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 11:07 AM IST

Artificial flood in Dibrugarh : কৃত্ৰিম বানৰ কবলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ ডিব্ৰুগড় ৷ ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশ ৷ সৃষ্টি হৈছে তীব্ৰ যানজঁটৰ ৷ ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷

Artificial flood in Dibrugarh
পানীৰ মাজত ডিব্ৰুগড় (ETV Bharat Assam)

ডিব্ৰুগড়, 13 জুন : পানী আৰু পানী ৷ এজাক বৰষুণতে পানীয়ে উটুৱাই নিলে সকলো ৷ যিমান দূৰলৈ চকু যায়, সিমানলৈকে কেৱল চকু যায় গেলা পানীলৈ ৷ এজাক বৰষুণতে এই দশা, বাৰিষাত কি হ’ব - এই অৱস্থা দেখি চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

পানীৰ মাজত ডিব্ৰুগড় (ETV Bharat Assam)

উল্লেখ্য যে, গুৱাহাটী মহানগৰৰ পাচতে এখন আগশাৰীৰ চহৰ হিচাপে বিবেচিত হৈ আহিছে ডিব্ৰুগড় । অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, মোহনবাৰী বিমানবন্দৰ আৰু শেহতীয়াকৈ গেছ ক্ৰেকাৰ প্ৰকল্প আৰম্ভ হোৱাত ডিব্ৰুগড় চহৰখন ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ হৈ উঠিছে ।

লগতে পঢ়ক : শিলচৰত কৃত্ৰিম বানত বিপৰ্যস্ত স্বাভাৱিক জনজীৱন: ক্ষোভ প্ৰকাশ জলসম্পদ বিভাগৰ বিৰুদ্ধে - Artificial flood in Silchar

উত্তৰ-পূবৰ দুৱাৰমুখ হিচাপে বিবেচিত হোৱা ডিব্ৰুগড় চহৰত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ সমস্যাই দীৰ্ঘদিন ধৰি জলা-কলা খুৱাইছে ডিব্ৰুগড়ৰ ৰাইজৰ লগতে ডিব্ৰুগড়লৈ অহা ৰাইজকো । বুধবাৰে পুৱাৰ ভাগত অহা এজাক বৰষুণৰ পাচত পুনৰ কৃত্ৰিম বানৰ কবলত পৰিছে ডিব্ৰুগড় চহৰ ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ ডিব্ৰুগড় চহৰৰ বিভিন্ন ঠাইত এজাক বৰষুণতে সৃষ্টি হৈছে কৃত্ৰিম বানৰ । ডিব্ৰুগড় চহৰৰ চৌকিডিঙীৰ পৰা থানা চাৰিআলিলৈ যোৱা মূল পথছোৱাত একাঁঠু পৰ্যন্ত পানী । এজাক বৰষুণতে বোৱতী নৈলৈ পৰিণত হ'ল ডিব্ৰুগড় চহৰৰ মানকটা পথ ।

লগতে পঢ়ক : আগিয়াত কৃত্ৰিম বানত স্বাভাৱিক জনজীৱন বিপৰ্যস্ত : এসপ্তাহে বন্ধ শিক্ষানুষ্ঠান - Artificial flood in Goalpara

কৃত্ৰিম বানপানীৰ ফলত অতি ব্যস্ততাপূৰ্ণ চহৰখনৰ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি । সৃষ্টি হৈছে তীব্ৰ যানজঁটৰ । ডিব্ৰুগড় চহৰৰ মাজমজিয়াত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা । ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ডিব্ৰুগড় পৌৰ নিগমৰ চৰম গাফিলতিৰ ফলতেই কৃত্ৰিম বানৰ কবলত পৰিছে চহৰখন ৷

ডিব্ৰুগড় চহৰখনক কৃত্ৰিম বানৰ কবলৰ পৰা উদ্ধাৰৰ বাবে কোনো কাণসাৰ নাই ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । এই অভিযোগ স্থানীয় ৰাইজৰ ৷ আৰু কিমান দিন এই সমস্যাৰ সৈতে জিলাবাসীয়ে যুঁজ দিব লাগিব সেয়াহে ডাঙৰ প্ৰশ্ন ৷

লগতে পঢ়ক : পুৱাই কৃত্ৰিম বানত বুৰিল মৰিয়নী নগৰ; বিধায়কৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ - Artificial flood in Mariani

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.