ETV Bharat / state

বানত বিধ্বস্ত কাজিৰঙা: 10 টা গঁড়সহ অতিকমেও 212 টা বন্যজীৱৰ প্ৰাণ হানি বানত - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 12:02 PM IST

Updated : Jul 16, 2024, 12:07 PM IST

Flood in Kaziranga: আহাৰমহীয়া বানত বিস্তৰ ক্ষয়-ক্ষতিৰ সন্মুখীন হৈছে এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । বৰ্তমানেও উদ্যানখনৰ বহু অঞ্চল পানীৰ তলত । এইবেলি বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 10 টা গঁড়কে ধৰি 212 টা বন্যপ্ৰাণীৰ মৃত্যু ঘটিছে । বানৰ ফলত উদ্যানখনে সন্মুখীন হোৱা ক্ষয়-ক্ষতিৰ বিতং তথ্য ETV Bharat ৰ আগত প্ৰকাশ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষে ৷

212 wild animals including 10 rhinos died due to flood in kaziranga
বানত বিধ্বস্ত কাজিৰঙা (ETV Bharat Assam)

কাজিৰঙা, 16 জুলাই: বানত বিধ্বস্ত অসম ৷ মানুহৰ লগতে জীৱকুলেও আলৈ-আহুকালৰ সন্মুখীন হৈছে এই আহাৰমহীয়া বানত ৷ চলিত বৰ্ষৰ প্ৰথমটো বানত কাজিৰঙাত 10 টা গঁড়কে ধৰি 212 টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে । বান শুকাই যোৱাৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বহু বন্যপ্ৰাণীৰ মৃত্যু ঘটিছে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষে জনোৱা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ 233 টা বন শিবিৰৰ 26 টা এতিয়াও বানৰ কবলত । আগৰাতলিৰ 34 টা শিবিৰৰ ভিতৰত দুটা শিবিৰ এতিয়াও পানীৰ তলত ৷ আনহাতে, কাজিৰঙাৰ 58 টা শিবিৰৰ ভিতৰত 15 টা আৰু বাগৰিৰ 39 টা শিবিৰৰ ভিতৰত 9 টা শিবিৰত পাঁচ ফুটতকৈ অধিক পানী আছে ।

বানৰ পানী কমি অহাত ইতিমধ্যে পুনৰ শিবিৰলৈ উভতি আহিছে বনকৰ্মীসকল । বছৰৰ প্ৰথমটো বানৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে কাষৰীয়া অঞ্চলসমূহ ভয়াৱহভাৱে ক্ষতিগ্ৰস্ত হৈছে । এই বানৰ ফলত উদ্যানখনৰ ভিতৰৰ ওখ স্থানত বহু বন্যপ্ৰাণীয়ে আশ্ৰয় লোৱাৰ বিপৰীতে উদ্যানখনৰ আশে-পাশে থকা অঞ্চল আৰু দক্ষিণ কাৰ্বি পাহাৰত খাদ্য আৰু নিৰাপত্তাৰ সন্ধানত বিভিন্ন বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় উদ্যানখন এৰি থৈ গৈছে ।

বন বিভাগৰ লগতে বিভিন্ন ব্যক্তি আৰু সংগঠনে দিনে-নিশাই এই বন্যপ্ৰাণী প্ৰজাতিক সুৰক্ষা প্ৰদান কৰি আহিছে । বৰ্তমানেও উদ্যানখনৰ ভিতৰত বানত আৱদ্ধ অথবা দক্ষিণে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ যোৱাৰ সময়ত বহু বন্যপ্ৰাণী আহত হৈছে ।

আহাৰমহীয়া বানৰ সময়চোৱাত কাজিৰঙা বন বিভাগে উদ্ধাৰ কৰিছে মাতৃৰ পৰা পৃথক হৈ থকা দুটা হাতী পোৱালি আৰু দুটা গঁড়ৰ পোৱালিকে ধৰি মুঠ 143 টা বন্যপ্ৰাণী । চিকিৎসাৰ অন্তত ইতিমধ্যে মুকলি কৰি দিয়া হৈছে 123 টা বন্যপ্ৰাণী ।

লগতে পঢ়ক: বানত প্ৰাণ হেৰুৱালে কাজিৰঙাৰ ১০ টা গঁড়সহ ১৭৪ টা বন্যপ্ৰাণীয়ে - Assam Flood 2024

এতিয়াও বানৰ কবলত ১৭ খন জিলা; মৃতকৰ সংখ্যা ৯৬ জনলৈ বৃদ্ধি - Assam Flood 2024

কলিয়াবৰৰ জনাঞ্চলত বানত উটি অহা বন্যহস্তীৰ অৱস্থান - ASSAM FLOOD 2024

মৰা গৰুৰ চালেৰে চিলোৱা কামিজ অতুল বৰাক পিন্ধোৱাৰ হুংকাৰ কোনে দিলে ? - Assam Flood 2024

Last Updated : Jul 16, 2024, 12:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.