ETV Bharat / state

গিবন অভয়াৰণ্যলৈ অশনি সংকেত; তৈলখননৰ অনুমতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া - Hoollongapar Gibbon Sanctuary

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2024, 5:06 PM IST

Oil mining in Gibbon Sanctuary: গিবন অভয়াৰণ্যত তৈলখননৰ বাবে কোম্পানীক দিয়া হৈছে অনুমতি ৷ এই সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে প্ৰকৃতিপ্ৰেমী, দল-সংগঠনে ৷ ৰাহজ সংগ্ৰহ হ’ব, কিন্তু গিবনৰ জৈৱ বৈচিত্ৰ্যলৈ ই কঢ়িয়াই আনিব অশনি সংকেত ৷ কোনে কোনে কিদৰে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ? চাওক এই প্ৰতিবেদনত...

Oil mining in Gibbon Sanctuary
গিবন অভয়াৰণ্যত তৈলখননক লৈ তীব্ৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

যোৰহাট, ১৮ ছেপ্টেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰণালয়ৰ অধীনস্থ বন উপদেষ্টা পৰিষদৰ পেনেলে বেদান্ত তেল আৰু গেছ কোম্পানীক গিবন অভয়াৰণ্যৰ ৪.৪৯ হেক্টৰ ভূমিত তৈল খননৰ অনুমতি প্ৰদান কৰিছে ৷ যোৰহাটৰ হোলোঙাপাৰাৰ গিবন অভয়াৰণ্যত বেদান্ত তৈল খনন চলোৱা বাবে ষ্টেজ ১ ক্লীয়াৰেন্স প্ৰদান কৰে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ে । ফলত যোৰহাটৰ লগতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া আৰু ক্ষোভৰ উদগীৰণ হোৱা দেখা গৈছে ৷

গিবনক ৰক্ষা কৰিবৰ বাবে প্ৰয়োজনত তেজ দিম : স্থানীয় লোক

গিবন অভয়াৰণ্যৰ বনধ্বংস কৰি তৈল খননৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বেদান্ত গ্ৰুপ নামৰ প্ৰতিষ্ঠানটোক অনুমতি দিয়া কাৰ্যক ধিক্কাৰ আৰু গৰিহণা প্ৰদান কৰিছে স্থানীয় লোকে । স্থানীয় এগৰাকী লোকে কয়, ‘‘নদীদ্বীপ মাজুলীক যিদৰে ব্ৰহ্মপুত্ৰই আগুৰি আছে, ঠিক তেনেদৰে গিবনখনকো বিভিন্ন লোকে আগুৰি আছে ৷ আমি গৌৰৱ অনুভৱ কৰি ক’ব পাৰো যে আজিৰ তাৰিখত গিবনৰ মাটি হৰলুকি হোৱা নাই আৰু কোনো চোৰাং চিকাৰীয়ে প্ৰৱেশ কৰা নাই ৷ ইয়াৰ মূলতেই হৈছে স্থানীয় ৰাইজ । ইয়াত বিলুপ্তপ্ৰায় ৭টা প্ৰজাতিৰ বান্দৰেই নহয়, ইয়াত গিবন নামৰ বান্দৰো ৷ সেয়া বান্দৰ নহয়, গিবন বন মানুহৰ প্ৰজাতি ৷ চিপাঞ্জী, ওৰাং, ওটাং, গৰিলা, বন মানুহ প্ৰজাতিৰ গিবন আদিৰ বসতিস্থল উক্ত অভয়াৰণ্যখন ।’’

তেওঁ আৰু কয়, ‘‘যিদৰে ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত চৰকাৰে গুৰত্ব দিছে, তেনে গুৰত্বৰ পৰা গিবন অভয়াৰণ্যখন অৱহেলিত হৈ আছে । এনেদৰে অৱহেলিত গিবন আৰু জীৱ-জন্ত ৰক্ষাৰ কাৰণে মোৰ লগতে ২২জনৰো অধিক লোকে বিনা বেতনেৰে সেৱা আগৱঢ়াই আহিছো ৷ শেহতীয়াকৈ আমি জানিব পাৰিছো যে গিবনৰ ওপৰত দৃষ্টি পৰিছে ৷ গিবনৰ ওপৰত আঁচোৰ পৰিলে আমি তেজ দিবলৈও কুণ্ঠাবোধ নকৰিম ৷’’

গিবনক ৰক্ষাৰ বাবে যিকোনো প্ৰক্ৰিয়ালৈ গৈ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল’ম: কৃষক মুক্তি সংগ্ৰাম সমিতি

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলা এজন বিষয়ববীয়াই কয়, ‘‘কেন্দ্ৰীয় চৰকাৰে বেদান্ত গ্ৰুপ নামৰ প্ৰতিষ্ঠানক গিবনত তেল আৰু প্ৰাকৃতিক গেছ খননৰ বাবে দিয়া কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ ৷ গিবন অভয়াৰণ্যখন যোৰহাট জিলাই নহয়, এয়া অসমৰ গৌৰৱ ৷ এছিয়াৰ সাত প্ৰজাতিৰ বান্দৰ লগতে গিবনৰ মানচিত্ৰ এক পটভূমি । গৌৰৱান্বিত গিবনত কোনোৱে খনন প্ৰক্ৰিয়াত অনুমোদন দিব নোৱাৰে, এয়া একক সিদ্ধান্ত ৷ গিবনক ৰক্ষা কৰাৰ স্বাৰ্থত যিকোনো প্ৰক্ৰিয়ালৈ গৈ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম ।’’

গিবনক গিবন হৈ থাকিবলৈ, বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ প্ৰেৰণ কৰক: নেছাৰ ছ’চাইটি

মৰিয়নীৰ হোলোঙাপাৰাৰ নেছাৰ ছ’চাইটিৰ এজন বিষয়ববীয়াই কয়, ‘‘গিবনক গিবন হৈ থাকিবলৈ দিয়ক ৷ গিবনক আমি কেতিয়াও ধ্বংস হ’বলৈ দিব নোৱাৰো আৰু নিদিও । জীৱকুলৰ প্ৰতি ভাবুকিস্বৰূপ তৈলখনন প্ৰক্ৰিয়া কেতিয়াও সমৰ্থন যোগ্য হ’ব নোৱাৰে । এশিঙীয়া গঁড়ৰ বাবে মানস আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে যিদৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিব পাৰিছে, ঠিক সেইদৰে এছিয়াৰ সাতটা প্ৰজাতিৰ বিলুপ্তপ্ৰায় প্ৰজাতিৰ বান্দৰ থকা গিবনক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিবৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ সমিতিলৈ প্ৰস্তাৱ প্ৰেৰণ কৰক ।’’

এয়া গিবনৰ বনভূমি ধ্বংস কৰা পৰিকল্পনা: স্থানীয় সচেতন লোক

স্থানীয় একাংশ লোকে কয়, ‘‘গিবনত তৈলখনৰ লগে লগে বনাঞ্চলখন ধ্বংস হৈ যাব ৷ এয়া এক পৰিকল্পনা । এই কাৰ্যৰ জৰিয়তে বৰমূৰীয়াসকলে ৰাজহ পাব ৷ কিন্তু মৰিয়নী, যোৰহাট আৰু অসমবাসীয়ে চিৰদিনৰ বাবে গিবনখনক হেৰুৱাই পেলাম ৷ তেলখনৰ বাবে বেদান্ত গ্ৰুপক অভয়াৰণ্যখন দিয়া কথা ৰাজহুৱা হোৱা পিচতো স্থানীয় বিধায়কজন নিমাতে আছে ৷ কাৰণ তেওঁ শাসকীয় পক্ষত আছে ৷ যদি তেওঁ বিৰোধী পক্ষত থাকিলহেঁতেন, তেন্তে ধৰ্মঘট আৰু অনশন কৰিলেহেঁতেন, তেনে নজিৰ আছে । কিন্তু এনে কাৰ্যৰ বিৰুদ্ধে মুখ বন্ধ কৰি থকা বিধায়কজনক ’২৬ৰ বিধানসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হ’ব । সকলো দল-সংগঠন একত্ৰিত হৈ আমাৰ গৌৰৱৰ গিবনক ৰক্ষা কৰো আহক ৷’’

গিবনত তৈলখনৰ প্ৰক্ৰিয়া পৰা আঁতৰি আহিবলৈ অনুৰোধ পদ্মশ্ৰী যাদৱ পায়েঙৰ :

পদ্মশ্ৰী যাদৱ পায়েঙে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘পৃথিৱীৰ ভিতৰতে মৰিয়নী হোলোঙাপাৰাৰ গিবন অভায়ৰণ্যত বিলুপ্তিপ্ৰায় ৭টা প্ৰজাতি বান্দৰ বিচৰণ আৰু আৱাস স্থল ৷ উক্ত সেউজভূমিত তেল আৰু প্ৰাকৃতিক গেছ খনন কৰিলে সৃষ্টি হ’ব শব্দ প্ৰদূষণ ৷ ফলত ৭টা প্ৰজাতিৰ বান্দৰৰ লগতে অন্যান্য জীৱ-জন্তুসমূহ উক্ত হাবিৰ পৰা মুক্ত হৈ মুকলিলৈ ওলাই আহিব ৷ তেতিয়া মানুহ আৰু জীৱ-জন্তুৰ মাজত সংঘাত বৃদ্ধি পাব ৷ সেয়েহে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাম বনভূমিত তৈলখনন আৰু শব্দ প্ৰদূষণ সৃষ্টি হ’ব পৰা কামৰ পৰা অন্তত আঁতৰি থাকক ৷’’

উল্লেখ্য যে, জৈৱ বৈচিত্ৰৰে ভৰপূৰ গিবন অভায়ৰণ্যত নিশাচৰ প্ৰাইমেট লাজুকী বান্দৰ, সেন্দুৰীয়া বান্দৰ, বনগাহৰি, চাৰি প্ৰকাৰৰ কেৰ্কেটুৱা, হাতী, বাঘ, নাহৰফুটুকীৰ লগতে আন কেবাপ্ৰকাৰৰো স্তন্যপায়ী জন্তুৰ উপৰিও ২১৯ প্ৰকাৰৰ চৰাই আৰু সাপ পোৱা যায় ।

লগতে পঢ়ক : গিবন অভয়াৰণ্যত তৈলখননৰ ফলত হ'ব পৰা ভয়ংকৰ ক্ষতি সন্দৰ্ভত কি ক'লে অৰণ্য় মানৱে ?

বৈদ্যুতিক ৰে’লে ভাবুকি কঢ়িয়াইছে গিবন অভয়াৰণ্যলৈ

হোলোঙাপাৰ গিবন অভয়াৰণ্যলৈ আহিছে বিপদ; বিদ্যুৎচালিত ৰে’লে নিঃশেষ কৰিব নেকি জীৱকুল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.