ETV Bharat / state

কাষত কোনো নাথাকিলেও নাই ! অকলেই যুঁজৰ নায়ক হ’ব ভূপেন বৰা

Bhupen Bora: দুই কংগ্ৰেছ নেতাই মুকলিকৈ বিজেপি চৰকাৰক সমৰ্থন কৰিব খোজা বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ সময়লৈ অপেক্ষা কৰাৰ আহ্বান ৷

author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 3:49 PM IST

APCC conflict
Assam politics
অকলেই যুঁজৰ নায়ক হ’ব ভূপেন বৰা

গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী : মঙলদৈৰ বিধায়ক বসন্ত দাস আৰু উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই কংগ্ৰেছত থাকিও বিজেপি চৰকাৰৰ কাম-কাজক সমৰ্থন কৰি যোৱাৰ কথা ঘোষণা কৰিছে ৰাজহুৱাভাৱে ৷ পূৰ্বে ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসৰ দৰেই এতিয়া এই দুই বিধায়কো একপ্ৰকাৰ বিজেপিত চামিল হোৱাৰ দৰেই হৈছে ৷

এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । গুৱাহাটী মহানগৰীৰ ভেটাপাৰাস্থিত নিজ বাসগৃহত এক সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত বৰাই কয় যে অসম প্ৰদেশ কংগ্ৰেছ কমিটী তথা কংগ্ৰেছ দলটো হিমন্তমুক্ত হ’বলৈ গৈ আছে । সমগ্ৰ বিষয় সন্দৰ্ভত AICC ৰ সৈতে আলোচনা কৰা হ’ব বুলি তেওঁ জনায় । হাইকমাণ্ডৰ সিদ্ধান্ত অনুসৰিয়েই পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলিও সভাপতি বৰাই উল্লেখ কৰে ৷

তেওঁ কয় যে অসমৰ ৰাইজ শুই থকা সিংহ, অসমৰ ৰাইজে সকলো চাই আছে । ৰাহুল গান্ধী অসমলৈ আহোঁতে বিধায়ক কমলাক্ষই চৰকাৰৰ বিৰুদ্ধে যিখিনি কথা কৈছিল সেইখিনি পূৰ্বে গম পোৱা নাছিল বুলি ভূপেন বৰাই স্বীকাৰ কৰে । ছিণ্ডিকেটৰ বিভিন্ন তথ্য ৰাহুল গান্ধীক দিছিল কমলাক্ষই, যিখিনি ভূপেন বৰাৰ জ্ঞাত নাছিল কোনো কালে ৷

ইফালে বিধায়ক বিজেপিলৈ যোৱা বিষয়টো এক প্ৰকাৰ উৰা বাতৰি বুলি তেওঁ কয় । বিধায়ক কমলাক্ষৰ সৈতে আজি পুৱাও তেওঁ কথা পতা বুলি উল্লেখ কৰি ভূপেন বৰাই কয় যে তেওঁ কিছু হেঁচাত আছে বুলি জনাইছিল । এনে বহু বিধায়ক আছে যিসকল আজি বিজেপিলৈ গৈছে, তেওঁলোকৰ বিৰুদ্ধে থকা অভিযোগ নোহোৱা হৈ গ’ল । ৰাজনীতিত কিছুমান কথা উপায় নাই বুলি বৰাই মন্তব্য কৰে ।

লগতে তেওঁ কয় যে মিজোৰামৰ যিগৰাকী মুখ্যমন্ত্ৰী, তেওঁতো এটা সময়ত শূন্য আছিল‌ । মুখ্যমন্ত্ৰীয়ে আজিৰ সময়ত কংগ্ৰেছ দলৰ মানুহৰ লগতে চৰকাৰ চলাই আছে । ৰাইজে যেতিয়া চৰকাৰ সলনি কৰিব তেতিয়ালৈ ৰৈ থকা বুলি ভূপেন বৰাই কয় । সভাপতি বৰাই অভিযোগ তোলে যে মুখ্যমন্ত্ৰীক কেলেংকাৰীৰ বাবে আৰক্ষীয়ে মতাৰ পিছত বিজেপিলৈ গ’ল । অজন্তা নেওগক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে মতাৰ পিছত বিজেপিলৈ গ’ল । গৌতম ৰয়কো মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তলব কৰাৰ পিছতেই বিজেপিলৈ গ’ল ।

তেওঁ লগতে কয় যে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ পদত্যাগ পত্ৰ ইতিমধ্যে তেওঁ পাইছে । AICC লৈ সেই পত্ৰ প্ৰেৰণো কৰিছে । বালিলৈ যিপাট সুগ্ৰীৱলৈও সেই একেপাটেই বুলি মন্তব্য কৰি ভূপেন বৰাই সাংবাদিকসকলক সময় আহি আছে অপেক্ষা কৰক বুলি কয় ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ শৰণত 2 কংগ্ৰেছী বিধায়ক ! কাৰ্যকৰী সভাপতিৰ পদ এৰিলে কমলাক্ষই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.