ETV Bharat / state

সাধাৰণ লোকৰ বাবে চিন্তা কৰিব পৰা শক্তি চৰকাৰৰ নাইকীয়া হৈছে : ভূপেন বৰা - Charaideo Moidams

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 8:42 PM IST

UNESCO world heritage site : দলীয় কৰ্মকৰ্তাৰ সৈতে চৰাইদেউ মৈদামস্থলীত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চৰাইদেউ মৈদাম ক্ষেত্ৰক লৈ বহু কৰণীয় আছে বুলি মন্তব্য কৰে তেওঁ ৷ চৰাইদেউ মৈদাম পৰিদৰ্শনৰ বাবে দেশৰ বিভিন্ন ৰাজ্যৰ কংগ্ৰেছ‌ নেতৃত্বলৈ প্ৰদেশ কংগ্ৰেছে পত্ৰ লিখিব‌ বুলি উল্লেখ কৰে ভূপেন বৰাই ৷

BHUPEN BORAH VISTS CHARAIDEO MOIDAM
চৰকাৰক সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ (ETV Bharat Assam)

মৰাণ, 31 জুলাই : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ পিচতে আজি দলীয় কৰ্মকৰ্তাক লগত লৈ চৰাইদেউ মৈদামস্থলীত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ মৈদাম ক্ষেত্ৰত উপস্থিত হৈ চাকি-বন্তি জ্বলাই উপৰি পুৰুষক সেৱা জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ সৈতে উপস্থিত থাকে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈকে ধৰি বহু কেইজন নেতা-কৰ্মী ৷

চৰাইদেউ মৈদামস্থলীত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)

কৰণীয় বহু আছে :

চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চৰাইদেউ মৈদাম ক্ষেত্ৰক লৈ বহু কৰণীয় আছে বুলি মন্তব্য কৰে ৷ তেওঁ এইক্ষেত্ৰত চৰকাৰক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে ৷ চৰাইদেউ মৈদাম ক্ষেত্ৰৰ‌ আন্তঃগাথঁনি‌ উন্নয়নৰ লগতে পৰ্যটকৰ সুবিধাৰ‌ বাবে যাতায়ত ব্যৱস্থা উন্নত কৰিবলৈয়ো আহ্বান জনাই ভূপেন বৰাই ৷ চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ পৰ্যটক আহিবৰ বাবে ঐতিহাসিক ধোদৰ আলি নিৰ্মাণ কৰা, ডিব্ৰুগড় আৰু যোৰহাট বিমানবন্দৰৰ পৰা যাতায়ত ব্যৱস্থা সূচল কৰাৰ আহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

বিভিন্ন ৰাজ্যৰ কংগ্ৰেছ‌ নেতৃত্বলৈ প্ৰদেশ কংগ্ৰেছে লিখিব পত্ৰ :

আনহাতে 2014 চনত‌ কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে চৰাইদেউ মৈদামৰ বাবে 50 কোটি টকা প্ৰদান কৰিছিল যদিও সেই বৃহৎ ধনৰাশি ক'ত কেনেকৈ ব্যৱহাৰ হ'ল তাৰ কোনো সঠিক হিচাপ‌ নাই বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে ভূপেন বৰাই ৷ লগতে তেওঁ চৰাইদেউ মৈদামত পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷ চৰাইদেউ মৈদাম পৰিদৰ্শনৰ বাবে দেশৰ বিভিন্ন ৰাজ্যৰ কংগ্ৰেছ‌ নেতৃত্বলৈ প্ৰদেশ কংগ্ৰেছে পত্ৰ লিখিব‌ বুলি উল্লেখ কৰে ভূপেন বৰাই ৷ আনহাতে ৰাজ্যখনৰ সকলো সাংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰীক চৰাইদেউ মৈদাম ক্ষেত্ৰ উন্নয়নৰ বাবে একত্ৰিতভাৱে কাম কৰিবলৈও ভূপেন বৰাই আহ্বান জনায় ৷ আনহাতে চৰাইদেউ মৈদাম শিৱসাগৰ নে চৰাইদেউ জিলাত অন্তৰ্ভুক্ত হ'ব তাক লৈ যি বিতৰ্কৰ সৃষ্টি হৈছে সেই বিষয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ তেওঁ এইক্ষেত্ৰত দুয়োখন‌ জিলাৰ নেতৃস্থানীয় ব্যক্তিসকল একত্ৰিত হৈ এটা সিদ্ধান্ত চৰকাৰক জনাব লাগে বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক : উত্তৰ-পূবৰ বাবে বাজেটত সীমিত পুঁজি আৱণ্টন: ৰাজ্যসভাত সৰৱ সাংসদ ভূঞা - India Budget 2024

চৰকাৰ দেউলীয়া হৈছে, সাধাৰণ মানুহৰ কথা চিন্তা কৰিব নোৱৰা হৈছে :

পহিলা আগষ্টৰ পৰা ৰাজ্যত চৰকাৰী চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ‌ বিৰুদ্ধেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভূপেন বৰাই ৷ এই সন্দৰ্ভত চৰকাৰক তীব্ৰ সমালোচনা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে, বৰ্তমান সময়ত চৰকাৰী চিকিৎসালয়লৈ কেৱল সাধাৰণ পৰিয়ালৰ ৰোগীসকলহে যায় ৷ চৰকাৰী চিকিৎসালয়ত যিকেইখন আঁচনি প্ৰৱৰ্তন কৰিছিল তাৰো সুবিধা ৰাইজে লাভ কৰা নাই ৷ চিকিৎসকে লিখি দিয়া ঔষধ বেছি সংখ্যকেই চিকিৎসালয়ত লাভ নকৰে ৰোগীয়ে ৷ ইয়াৰ পৰাই চৰকাৰ আৰ্থিকভাৱে দেউলীয়া হৈছে বুলি প্ৰমাণ হয় ৷ চৰকাৰে সাধাৰণ মানুহৰ কথা চিন্তা কৰিব নোৱৰা হৈছে বুলি মন্তব্য কৰে তেওঁ ৷

ভূপেন বৰাৰ মুখত বিদুৰভাইৰ প্ৰসংগ :

চৰকাৰে ৰোগীসকলক ব্যক্তিগত চিকিৎসালয়লৈ পঠিওৱাৰ কৌশল ৰচনা কৰিছে বুলি অভিযোগ কৰে ভূপেন বৰাই ৷ লগতে বৰ্তমান ছবিগৃহত চলি থকা 'বিদুৰভাই' নামৰ ছবিখন চালেই বৰ্তমান চৰকাৰী চিকিৎসালয়ৰ অৱস্থা বুজিব পাৰি বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ 'বিদুৰভাই' নামৰ ছবিখনত চৰকাৰী চিকিৎসালয়ৰ বৰ্তমান অৱস্থাটোৰ বিষয়ে ভালদৰে ফুটি উঠিছে বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক : গৌৰৱ গগৈ-ৰকিবুল হুছেইনৰ নামত চৰকাৰী কাৰ্যালয়ৰ পৰা কাছাৰত চান্দা সংগ্ৰহ - Assam Pradesh Congress

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.