ETV Bharat / state

বাছ বন্ধ কৰি বিৰোধীৰ প্ৰতিবাদী কণ্ঠ ৰোধৰ চেষ্টা চৰকাৰৰ: ভূপেন বৰা - PM Modi Assam Visit

Bhupen Bora slams Assam govt : কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্য মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী ব্যাহত কৰাৰ বাবে বাছৰ মালিকক ভাবুকি প্ৰদান কৰি বাছ সেৱা বন্ধ কৰাৰ অভিযোগ উত্থাপন শাসকীয় চৰকাৰৰ বিৰুদ্ধে । অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ বাবে প্ৰতিবাদকাৰীসকল অহাৰ ক্ষেত্রত আৰক্ষী-প্ৰশাসনে বাধা প্ৰদান কৰাৰ অভিযোগ তুলিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

apcc president bhupen bora react on govt activity
বাছ বন্ধ কৰি বিৰোধীৰ প্ৰতিবাদী কণ্ঠ ৰোধৰ চেষ্টা চৰকাৰৰ: ভূপেন বৰা
author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 2:30 PM IST

বাছ বন্ধ কৰি বিৰোধীৰ প্ৰতিবাদী কণ্ঠ ৰোধৰ চেষ্টা চৰকাৰৰ: ভূপেন বৰা

গুৱাহাটী,৮ মাৰ্চ: "প্ৰতিবাদ ৰোধৰ বাবে বাছ সেৱাত বাধা প্ৰদান কৰিলে চৰকাৰে । কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্য মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী ব্যাহত কৰাৰ বাবে বাছৰ মালিকক ভাবুকি প্ৰদান কৰি বাছ সেৱা বন্ধ কৰা হৈছে ।" এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । শুকুৰবাৰে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী বিয়লিৰ ভাগত অসমত উপস্থিত হ'ব । সেই সময়তে বিৰোধী ঐক্য মঞ্চই কাজিৰঙা সমষ্টিৰ কলিয়াবৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে ।

কিন্তু এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ বাবে প্ৰতিবাদকাৰীসকল অহাৰ ক্ষেত্রত আৰক্ষী-প্ৰশাসনে বাধা প্ৰদান কৰিছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে অৱস্থান ধৰ্মঘটৰ বাবে বিভিন্ন ঠাইৰ পৰা ৰাইজ অনাৰ বাবে ১০০ খন বাছ ঠিক কৰা হৈছিল । কিন্তু প্ৰশাসনে দিয়া ভাবুকিৰ বাবে শুকুৰবাৰে পুৱা বাছৰ মালিকসকলে বাছসমূহ দিব বিচৰা নাই ।

এই পৰ্যায়লৈ চৰকাৰ কিয় গৈছে বুলি প্ৰশ্ন কৰি তেওঁ কয় যে চৰকাৰে কিয় গণতান্ত্রিক আন্দোলন এনেদৰে মষিমুৰ কৰিব বিচাৰিছে । তেওঁ লগতে কয়, "আমি টেবুলত বহি প্ৰধানমন্ত্রীৰ লগত আলোচনা কৰিব বিচাৰিছিলো। 'কা'খন অসমৰ বাবে কিমান ভয়াৱহ সেই কথা প্ৰধানমন্ত্রীক বুজাব বিচাৰিছিলো। কিন্তু আমাক সাক্ষাৎ নিদিলে আমাৰ ৰাজপথলৈ যোৱাৰ কোনো বিকল্প নাই ।"

আনহাতে ৰাজপথলৈ ওলাব বিচাৰোতে বাছৰ মালিকক ভাবুকি দিয়া হৈছে । এনে পৰিস্থিতিত গণতন্ত্ৰ ক'ত আছে বুলি প্ৰশ্ন কৰি তেওঁ কয় যে এতিয়া একনায়কত্ববাদী আৰু স্বৈৰাচাৰীৰাজ চলিছে । লগতে তেওঁ উল্লেখ কৰে যে মুখ্যমন্ত্রীয়ে লাচিত বৰফুকনৰ কথা কয়, কিন্তু সেইজন লাচিত বৰফুকনেই কৈছিল দেশতকৈ মোমাই ডাঙৰ নহয় । লাচিত বৰফুকনে বিদেশীৰ পৰা অসমক ৰক্ষা কৰিবৰ বাবে যুদ্ধ কৰিছিল বুলি সদৰি কৰি তেওঁ 'কা'ৰ প্ৰসংগত সৰৱ হৈ কয় যে 'কা' নামানো বুলি ক'বৰ বাবেই প্ৰধানমন্ত্রীৰ সাক্ষাৎ বিচৰা হৈছিল । কিন্তু সাক্ষাৎ নিদিয়াৰ বাবে অৱস্থান ধৰ্মঘট কৰিব বিচাৰোতে বাছ বন্ধ কৰা হৈছে বুলি কৈ তেওঁ ক্ষোভ ব্যক্ত কৰে ।

লগতে পঢ়ক: 'কা' বিৰোধী প্ৰতিবাদৰ দিন সলনি কৰিলে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.