গুৱাহাটী, ১৮ জুন : "৩৪ ৰ পৰা ৬৪ হ’বলৈ বেছি সময় নালাগে... মুখ্যমন্ত্ৰীক আমি উপ-নিৰ্বাচন পাতিবলৈ বাধ্য কৰাম ।" যুদ্ধংদেহী ৰূপত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকে সকলোকে ক্ষুৰধাৰ সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ ।
নাগালেণ্ডৰ নেফিউ ৰিঅ’ৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰই উদঙালে বিজেপিক
"কেৱল ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতি কৰি নিৰ্বাচনত জয়ী হোৱাটো সম্ভৱ নহয় । সেই কথা উত্তৰ-পূবৰ আঞ্চলিক দলসমূহে স্বীকাৰ কৰিছে ।" এন ডি এৰ অংশীদাৰ দল এন ডি পি পিৰ মুৰব্বী নেফিউ ৰিঅ'ৰ প্ৰস্তাৱ সন্দৰ্ভত এই মন্তব্য এ পি চি চিৰ সভাপতি ভূপেন বৰাৰ ।
ভূপেন বৰাই মঙলবাৰে কয় যে এন ডি এৰ লগত থকা নাগালেণ্ডৰ দলটোৱে প্ৰধানমন্ত্ৰীলৈ আনুষ্ঠানিকভাৱে পত্ৰ লিখি ধৰ্মক লৈ ৰাজনীতি নকৰিবলৈ তথা ভাৰতীয় সংবিধান অনুযায়ী ধৰ্মনিৰপেক্ষতা বৰ্তাই ৰাখিবলৈ আহ্বান জনোৱাটোৱে বিজেপিৰ ৰাজনীতিৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে ।
নেডাৰ আহ্বায়ক মুখ্যমন্ত্ৰীক এন ডি পি পি দলৰ পত্ৰৰ উত্তৰ দিবলৈ আহ্বান
"নেডাৰ আহ্বায়ক হিচাপে মুখ্যমন্ত্ৰীয়ে এন ডি পি পি দলৰ পত্ৰখন সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি দিয়া উচিত । কিয়নো মুখ্যমন্ত্ৰী হৈছে নেডাৰ আহ্বায়ক আৰু এন ডি পি পি দলটো নেডাৰ অন্তৰ্গত । গতিকে নেফিঅ’ ৰিঅ’ৰ কথাখিনিক লৈ তেওঁ সন্মত হয়নে নহয় সেয়াও জনাব লাগে । যদি সন্মত নহয় তেন্তে সম্পৰ্ক ছেদ কৰক ।" প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নেডাৰ আহ্বায়কৰূপে এইদৰে আক্ৰমণৰ লক্ষ্য কৰি লয় ।
অসম কংগ্ৰেছৰ সভাপতি বৰাই লগতে কয় যে মুখ্যমন্ত্ৰীয়ে অসমত বেলেগ ধৰণে কথা কৈ আহিছে, যি কথা-বতৰাই অসমৰ ৰাজনৈতিক পৰিৱেশ বিষাক্ত কৰি আহিছে । সংবিধান প্ৰদত্ত যি পথেৰে কংগ্ৰেছে আগবাঢ়িছে, একেটা পথেৰে দেশৰ জনতায়ো যে আগবাঢ়িব বিচাৰিছে সেই কথা এন ডি পি পি দলে আওপকীয়াকৈ হ’লেও মানি লৈছে বুলিও ভূপেন বৰাই মন্তব্য কৰে ।
লগতে পঢ়ক :একনায়কত্ববাদী শাসন সদায় চলি নাথাকে : অজিত কুমাৰ ভূঞা - Opposition unity forum Assam
মুখ্যমন্ত্ৰী স্বয়ম্ভূ নিৰ্বাচন আয়ুক্ত নেকি ?
“অসমৰ মুখ্যমন্ত্ৰীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ৰে পৰা স্বয়ম্ভূ নিৰ্বাচন আয়ুক্তৰ দৰে আচৰণ প্ৰদৰ্শন কৰি আহিছে ৷” মঙলবাৰে লগতে এইদৰে মুখ্যমন্ত্ৰীক সমালোচনা কৰে ভূপেন বৰাই । নিৰ্বাচন আয়োগৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে কোনো মন্তব্য অহাৰ পূৰ্বেই কিদৰে মুখ্যমন্ত্ৰীয়ে উপ-নিৰ্বাচন নহ’বও পাৰে বুলি ক’বলৈ সাহস কৰিলে সেই সম্পৰ্কেও প্ৰশ্ন উত্থাপন কৰে বৰাই । বিজেপি দলৰ আভ্যন্তৰীণ ৰাজনৈতিক অৱস্থা তথৈবচ হৈ পৰিছে বাবেই মুখ্যমন্ত্ৰীগৰাকীয়ে এনে মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে বুলিও বৰাই উল্লেখ কৰে ।
“বিজেপিৰ চিদলি সমষ্টিত ভৱিষ্যত নাই । বঙাইগাঁও সমষ্টিটো বিজেপিক অগপই এৰি নিদিয়ে । চামগুৰি সমষ্টিত বিজেপিৰ কোনো আশাই নাই । বিহালী সমষ্টিত বিজেপিৰ শোচনীয় পৰাজয় হ’ব । কেৱল ধলাই সমষ্টিত কংগ্ৰেছৰ লগত বিজেপিৰ প্ৰতিদ্বন্দ্বিতা হ’ব । এই ৫টা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ বিজেপিয়ে আশংকাত ভুগি আছে বাবেই পৰাজয়ৰ গ্লানি সহাতকৈ কিবাকৈ নিৰ্বাচনকে স্থগিত ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে ষড়যন্ত্ৰ ৰচনা কৰিছে ।" লগতে এই গুৰুতৰ অভিযোগ ভূপেন বৰাৰ ।
ইয়াৰ উপৰি ভূপেন বৰাই কয়, “উপ-নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য শুনি আচৰিত হৈছোঁ । দেশৰ সংবিধানৰ মতে ৬ মাহ বা ১ বছৰৰ বেছি এটা সমষ্টি প্ৰতিনিধি নোহোৱাকৈ থাকিব নোৱাৰে । আমি মুখ্যমন্ত্ৰীক বাধ্য কৰাম নিৰ্বাচন পাতিবলৈ । চামগুৰি কংগ্ৰেছৰ পক্ষত, চিদলিত বিজেপিৰ বেয়া, বঙাইগাঁও আসনখন বিজেপিক এৰি নিদিয়ে অগপই, বিহালিত অৱস্থা শোচনীয় বিজেপিৰ, কেৱল ধলাইত প্ৰতিদ্বন্দ্বিতা হ'ব । মুখ্যমন্ত্ৰী নিৰ্বাচন আয়োগ নহয় ।"
অধ্যক্ষৰ ভূমিকাত ক্ষুণ্ণ ভূপেন বৰা
বিজেপিৰ হৈ প্ৰত্যক্ষভাৱে কাম কৰি থকা ৫ জনকৈ কংগ্ৰেছী বিধায়কক কংগ্ৰেছৰ আবেদন সত্ত্বেও নিলম্বন কৰা নাই অসম বিধান সভাৰ অধ্যক্ষই । বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ এই ভূমিকাত ক্ষুণ্ণ ভূপেন বৰাই তেওঁক স্থিতি স্পষ্ট কৰিবলৈও আহ্বান জনায় । অধ্যক্ষ দৈমাৰীৰ ভূমিকাক লৈ বৰাৰ মন্তব্য, “অধ্যক্ষগৰাকীৰ কাম-কাজত আমি ক্ষুণ্ণ হৈছোঁ । তেওঁ নিজৰ স্থিতি স্পষ্ট কৰক । আমি বাৰম্বাৰ অনুৰোধ জনাইছোঁ, কিন্তু এতিয়ালৈ অধ্যক্ষই একো ব্যৱস্থা লোৱা নাই ।”
৩৪ ৰ পৰা ৬৪ হ’বলৈ বেছি সময় নালাগে
“২২জন বিধায়ক থকা কংগ্ৰেছে অগ্ৰগতি লৈছে ৩৪টা সমষ্টিত । সেয়ে কংগ্ৰেছৰ আসনৰ সংখ্যা ৩৪ ৰ পৰা ৬৪ হ’বলৈ বেছি সময় নালাগে । এই কথা কংগ্ৰেছৰ কৰ্মীয়ে ভাবিলেই আমাৰ চৰকাৰ গঠন হ'ব ।” ২০২৬ত কংগ্ৰেছৰ চৰকাৰ হ’ব বুলি এইদৰে মন্তব্য ভূপেন বৰাৰ ।
কংগ্ৰেছৰ অশুভ শক্তিক দিব বিদায়
“দলৰ ভিতৰৰ কথা ভিতৰতে ক’ব লাগে । বাহিৰত ক'ব নালাগে । আমি হাত সাৱটি বহি থকা মানুহ নহয়, যিয়ে দলৰ বিৰুদ্ধাচৰণ কৰিছে তাৰ বিৰুদ্ধে ব্যবস্থা লোৱা হ'ব ।” ঘৰ বিভীষণ কংগ্ৰেছীৰ বিৰুদ্ধেও এইদৰে সতৰ্কবাণী ভূপেন বৰাৰ । লগতে তেওঁ কয় যে কংগ্ৰেছৰ Disciplinary Action Committee-ৰ বৈঠক অনুষ্ঠিত হ’ব । আনক ভুল বুলি কোৱাৰ আগতে নিজে শুদ্ধ হ’ব লাগিব । দলৰ ভিতৰৰ অশুভ শক্তিক চিহ্নিত কৰি বিদায় দিব লাগিব । দলৰ শুভ শক্তি শক্তিশালী কৰিব লাগিব । কংগ্ৰেছক ৰাইজে আজি-কালি শুভ দৃষ্টিৰে চাই বুলিও মন্তব্য ভূপেন বৰাৰ ।