ETV Bharat / state

কি নাই অসমীয়াৰ ! কেৱল ওলাই আহিব লাগিব পল্লৱজ্যোতিৰ দৰে - Inspirational Story

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2024, 8:20 PM IST

Vegetable shop by Assamese youth : মিঞাক খেদিলেই জানো হ’ব ? বজাৰখন কাৰ হ’ব ? কথা নহয়, নিজকে উদাহৰণ হিচাবে পৰিচয় কৰোৱাইছে পল্লৱজ্যোতি গগৈয়ে ৷ বজাৰখন নিজৰ হাতলৈ অনাৰ ক্ষেত্ৰত অসমীয়া যুৱকক উদগনি যোগাইছে শিক্ষিত যুৱকজনে ৷

Vegetable shop by Assamese youth
নিজৰ বাৰীত উৎপাদিত সামগ্ৰী লৈ পথৰ দাঁতিত উচ্চশিক্ষিত যুৱক (ETV Bharat Assam)

আমগুৰি, ২৮ আগষ্ট : এনেদৰেই এদিন অসমভূমিত এখন বজাৰ হ’ব, য’ত থাকিব কেৱল খিলঞ্জীয়া অসমীয়াৰ প্ৰভুত্ব ৷ কেৱল সামাজিক মাধ্যম, ভাষণত অনুপ্ৰেৰণামূলক বক্তব্য নহয়; হাতে-কামে আগবাঢ়িব প্ৰতিগৰাকী অসমীয়া ৷ আনে কৰিব বুলি হাত সাৱটি বহি নাথাকিব অসমীয়া ডেকা ৷ এনে এখন সপোনৰ অসম সন্মুখত লৈ ওলাই আহিছে আমগুৰিৰ পল্লৱজ্যোতি গগৈ ৷ নিজ ঘৰৰ পৰা পাচলি চিঙি আনি পথৰ দাঁতিত বিক্ৰীৰ বাবে বহি উলিয়াই অনাৰ চেষ্টা কৰিছে ঘৰত বহি থকাসকলক ৷

এটোপ দুটোপ কৰি ডাৱৰৰ পানী পৰি...

উদাহৰণ হৈ ওলাই আহিছে আমগুৰিৰ উচ্চশিক্ষিত যুৱক পল্লৱজ্যোতি গগৈ ৷ এটোপ-দুটোপ ডাৱৰৰ পানীৰে বহল সাগৰ ভৰি পৰাৰ দৰেই পল্লৱজ্যোতিৰ দৰে ইজনৰ পিছত যেন ওলাই আহিব অসমীয়া যুৱক-যুৱতী ৷ সেই সপোন আছে ‘পোহৰ’ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ সঞ্চালকগৰাকীৰ ৷ শিক্ষিত যুৱকজনে সম্ভাৱনাৰ পাঠ পঢ়ুৱাইছে আনে দিব, আনে কৰিব বুলি হাত সাৱটি বহি থকা অসমীয়া যুৱক-যুৱতীক ৷ সেই পাঠত অন্তৰ্ভুক্ত হৈ আছে লাজ, সংকোচ অথবা তেনে নেতিবাচক চিন্তাবিহীন বহু কথা ৷

সকলো আছিল, সকলো আছে, নুবুজোঁ নলওঁ গম :

কি নাছিল অসমীয়াৰ ? অথবা কি নাই অসমৰ ? সকলো আছিল আৰু সকলো এতিয়াও আছে ৷ কেৱল বুজ লোৱা নহয় ৷ সেই কথা বাৰুকৈয়ে উপলব্ধি কৰিছে আমগুৰিৰ শিক্ষিত যুৱক পল্লৱজ্যোতি গগৈয়ে ৷ তেওঁ কয়, ‘‘আমাৰ মানুহৰ ঘৰত খেতি-বাতি অথবা মাছ নাইকিয়া হোৱা নাই ৷ কিন্তু আমি মানুহ বিলাক ব্ৰইলাৰ মুৰ্গীৰ দৰে শিথিল হৈ পৰিলো ৷ মই ঘৰৰ পৰা চিঙি আনিছো অমিতা, নেমুটেঙা, কেৰেলা আদি ৷ এইসমূহ মোৰ ঘৰতে ওলাইছে, এইবোৰ ঘৰত নষ্ট হৈ গৈছিল ৷ যাৰ যাৰ ঘৰত প্ৰয়োজনত অধিক শাক-পাচলি আছে, বজাৰলৈ লৈ আনিব লাগে ৷ ইয়াৰ জৰিয়তে আমাৰ বজাৰ, অৰ্থনীতি নিজৰ হাতলৈ আনিব লাগে ৷ আমাৰ উৎপাদন আছে, কিন্তু বজাৰলৈ লৈ ননালৈকে আমি স্বাৱলম্বী হ’ব নোৱাৰিম ৷’’

আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব :

উজনিৰ পৰা মিঞাক খেদাৰ অভিযান চলি আছে ৷ কিন্তু মিঞা লোকসকলৰ হাতৰ পৰা বজাৰ, বৃত্তি অসমীয়াই নিজৰ হাতলৈ আনিব লাগিব ৷ সৰ্বশক্তিসম্পন্ন অসমীয়া যুৱকে নিজকে চিনি লৈ যেতিয়ালৈকে কৰ্মমুখী নহ’ব, তেতিয়ালৈকে হয়তো সফল নহ’ব মিঞা বিতাড়নৰ অভিযান ৷ এইসমূহ কথাও উপলব্ধি কৰিছে পল্লৱজ্যোতি গগৈয়ে ৷ আমগুৰি নগৰৰ মাজমজিয়াত পাচলিৰ দোকান দি অসমীয়া যুৱকক উৎসাহ যোগোৱা যুৱকজনে কয়,‘‘ এই ভূখণ্ডৰ মানুহখিনি ঐতিহাসিকভাৱে স্বাৱলম্বী আছিলো ৷ নিমখলৈকে আমি উৎপাদন কৰা মানুহ ৷ আমি নিজক চিনি পাবৰ হ’ল ৷ ড৹ ভূপেন হাজৰিকাই কৈ গৈছিল যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতে ভগনীয়া হ’ব ৷ গতিকে সকলো দিশতে আমি কৰ্মমুখী হৈ লাজ-সংকোচ নকৰাকৈ আমাৰ নিজৰ উৎপাদন বজাৰলৈ লৈ আনিব লাগে ৷’’

লগতে পঢ়ক : নলবাৰীৰ মৎস্য উৎপাদক দেৱজিৎ বৰ্মনলৈ অসম গৌৰৱ বঁটা

সাগৰীয় মাণিক এতিয়া ঘৰৰ পুখুৰীত: মুকুতাৰ খেতিৰে বিপ্লৱৰ সূচনা ৰুলেন হাজৰিকাৰ

৪ বিঘা মাটি লীজত লৈ আৰম্ভ কৰিছিল কৃষিকৰ্ম : ধনীৰাম চেতিয়াক এতিয়া কোনে চিনি নাপায় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.