ETV Bharat / state

চৰকাৰী চাকৰিতো ১০ শতাংশ সংৰক্ষণ লাগে মিঞাক : আমিনুল ইছলাম - Miya controversy

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 6:14 PM IST

Reservation for the minority Muslims: মিঞাক লৈ সমগ্ৰ ৰাজ্যতে বিতৰ্ক অব্যাহত থকাৰ মাজতে অৰ্থনৈতিকভাৱে পিছপৰা হিচাপে গণ্য কৰি মিঞা মুছলমানৰ ক্ষেত্ৰত 10 শতাংশ চৰকাৰী চাকৰি সংৰক্ষণ দাবী কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে ৷

Reservation for the minority Muslims
বিধায়ক আমিনুল ইছলাম (ETV Bharat Assam)

গুৱাহাটী, ২৭ আগষ্ট: উজনি অসম ত্যাগ কৰাৰ বাবে কেইবাটাও জাতীয় সংগঠনে মিঞাসকলক হুংকাৰ দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা এই প্ৰসংগত এ আই ইউ ডি এফ দলে সভাস্থগিত প্ৰস্তাৱ আনিছিল । বিষয়টো সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ধিঙৰ বিধায়ক আমিনুল ইছলামে ৷

বিধায়ক আমিনুল ইছলামৰ মন্তব্য (ETV Bharat Assam)

তেওঁ কয়, ‘‘উজনি অসমত কিছুমান অজ্ঞাত সংগঠনে সংখ্যালঘু সম্প্ৰদায়ৰ শ্ৰমজীৱি তথা সৰু সৰু ব্যৱসায় কৰা ব্যৱসায়ীসকলৰ ওপৰত নিৰ্যাতন চলাইছে । তেওঁলোকক উজনি অসম ত্যাগ কৰাৰ বাবে ভাবুকি প্ৰদান কৰা হৈছে । নামনি অসমৰ পৰা বিভিন্ন কামৰ বাবে উজনিলৈ যোৱা সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক ভাবুকি প্ৰদান কৰা হৈছে তথা নিৰ্যাতন চলোৱা হৈছে । আমি ৰাজ্যখনৰ আইন শংখলা পৰিস্থিতিৰ দৃষ্টি আকৰ্ষণ কৰি সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰিছো ।’’

বিধায়কগৰাকীয়ে লগতে কয়, ‘‘ব্যৱসায়-বাণিজ্য তথা শ্ৰম কৰাৰ বাবে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিকোনো মানুহ যোৱাৰ অধিকাৰ আছে । এইক্ষেত্ৰত বৈষম্যমূলক নীতি থাকিব নালাগে । অসমৰ বাসিন্দাই অসমৰ যিকোনো ঠাইলৈ গৈ ব্যৱসায় কৰিব পাৰে । নামনিৰ পৰা উজনিলৈ কিয় যাব নোৱাৰিব । সংখ্যালঘু লোকসকলক যদি চৰকাৰে সুৰক্ষা দিব নোৱাৰে তেন্তে চাকৰি দিয়ক ।’’

বিধায়ক আমিনুল ইছলামে সংখ্যালঘুৰ বাবে শ্ৰমিক তথা ক্ষুদ্ৰ ব্যৱসায় কৰি থকাসকলক বি পি এলত অন্তৰ্ভুক্ত কৰি চৰকাৰী চাকৰিত ১০ শতাংশ সংৰক্ষণ দিয়াৰ বাবে দাবী জনায় । আনহাতে সংখ্যালঘু ব্যৱসায়ীয়ে উজনিলৈ মাছ যোগান নধৰাৰ বাবে দিয়া হুংকাৰৰ প্ৰসংগত বিধায়ক ইছলামে কয়, ‘‘উজনিলৈ যাব নোৱাৰিলে মাছ কেনেকৈ লৈ যাব । চৰকাৰে নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰক । তেতিয়া সমস্যাৰ সমাধান হ'ব । মিঞাসকলে উৎপাদন কৰি আহিছে আৰু যাৰ বাবে তেওঁলোকৰ প্ৰতি কৃতজ্ঞহে হ'ব লাগে ।’’

অপৰাধৰ প্ৰসংগত বিধায়কগৰাকীয়ে কয়, ‘‘অসমৰ কোনটো জনগোষ্ঠীৰ মাজত অপৰাধ নাই । সকলো জনগোষ্ঠীৰ মাজতে অপৰাধ তথা অপৰাধী আছে । এজনে অপৰাধ কৰিলে সম্পূৰ্ণ জনগোষ্ঠীটোক খেদিলে কেনেকৈ হ'ব । তেনেকুৱা হ'লে সকলো জনগোষ্ঠীকে খেদিব লাগিব আৰু অসম খালী হৈ যাব ।’’

লগতে পঢ়ক: উজনি, মিঞা আৰু মাছ: প্ৰয়োজনত উজনিলৈ মাছ-পাচলি পঠোৱাত নিজেই নেতৃত্ব ল’ব পদ্ম হাজৰিকাই - Assam Miya controversy

সদনৰ মজিয়াত মুখ্যমন্ত্ৰীৰ ৰুদ্ৰমূৰ্তি : নামনিৰ মিঞাক উজনিলৈ যাব নিদিওৱেই, যি কৰে কৰক - Assam Assembly Autumn Session

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.