ETV Bharat / state

ট্ৰেডিং কেলেংকাৰী; ভুৱা প্ৰচাৰৰ বলি হ'ল নেকি জ্যেষ্ঠ চিকিৎসক ? - Assam Trading Scam

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 9:27 AM IST

DR SHREEMANTA MADHAB BARUA : ট্ৰেডিং কেলেংকাৰীত নাম সাঙোৰ খাইছে অসম চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ মেডিচিন বিশেষজ্ঞ তথা সহকাৰী অধ্যাপক ডাঃ শ্ৰীমন্ত মাধৱ বৰুৱাৰ । ভুৱা প্ৰচাৰৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ডাঃ বৰুৱা । মানহানি গোচৰ তৰাৰো হুংকাৰ ।

Assam Trading Scam
ভুৱা প্ৰচাৰৰ বলি হ'ল নেকি জ্যেষ্ঠ চিকিৎসক (ETV Bharat)

মৰাণ,১ ৬ ছেপ্টেম্বৰ : ট্ৰেডিং কেলেংকাৰীক লৈ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে । অনলাইন ট্ৰেডিং কেলেংকাৰী গোচৰত ইতিমধ্যে কাৰাগাৰলৈ গৈছে ডিব্ৰুগড় বিশাল ফুকন নামৰ এজন যুৱক । একেদৰে অভিনেত্ৰী তথা কৰিঅ'গ্ৰাফাৰ চুমী বৰা আৰু তেওঁ স্বামী ফটোগ্ৰাফাৰ তাৰ্কিক বৰাও আৰক্ষীৰ জালত পৰিছে । বৃহস্পতিবাৰৰ পৰা চুমী আৰু তাৰ্কিকক ডিব্ৰুগড় সদৰ আৰক্ষীয়ে নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে । এই সন্দৰ্ভত সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমতো বিভিন্ন ধৰণৰ তথ্য প্ৰকাশ পাইছে ।

ইয়াৰ মাজতে এক খবৰে ৰাজ্যত পুনৰ তোলপাৰ লগাইছে । একাংশ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত প্ৰকাশ পাইছে যে অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰিছিল অসম চিকিৎসা মহাবিদ্যালয় দুগৰাকী চিকিৎসকে । তাৰ ভিতৰত এগৰাকী হৈছে জ্যেষ্ঠ চিকিৎসক শ্ৰীমন্ত মাধৱ বৰুৱা । খবৰ অনুসৰি এইগৰাকী চিকিৎসকে প্ৰায় ২৫ লাখ টকা বিনিয়োগ কৰিছিল ।

  • জ্যেষ্ঠ চিকিৎসকৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ নেকি ?

অৱশ্যে এই বাতৰি সম্পূৰ্ণ মিছা আখ্যা ডাঃ শ্ৰীমন্ত মাধৱ বৰুৱাৰ । চিকিৎসকগৰাকীৰ মতে তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰা হৈছে আৰু ইয়াৰ দ্বাৰা তেওঁৰ ভাৱমূৰ্তি বিনষ্ট কৰা হৈছে । যাৰ বাবে দেওবাৰে আৰক্ষীৰ কাষ চাপিল ডাঃ শ্ৰীমন্ত মাধৱ বৰুৱা ।

DR SHREEMANTA MADHAB BARUA
ভুৱা প্ৰচাৰৰ বলি হ'ল নেকি জ্যেষ্ঠ চিকিৎসক ? (DR SHREEMANTA MADHAB BARUA;S FB PAGE)

ডিব্ৰুগড়ৰ গাভৰু পথাৰ থানাত এজাহাৰ দাখিল কৰিলে অসম চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ মেডিচিন বিশেষজ্ঞ তথা সহকাৰী অধ্যাপক ডাঃ শ্ৰীমন্ত মাধৱ বৰুৱাই । সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ চলোৱা কৈলাশ বাগৰিয়া নামৰ এজন লোকৰ বিৰুদ্ধে তেওঁ এই এজাহাৰ দাখিল কৰে । কোনো তথ্য অবিহনে বাতৰি সম্প্ৰচাৰ কৰা সংবাদ মাধ্যমকো সমালোচনা কৰে চিকিৎসকগৰাকীয়ে ।

  • চিকিৎসকৰ স্পষ্টীকৰণ

চুমী বৰাৰ সৈতে ভাইৰেল হোৱা ফটো সন্দৰ্ভত চিকিৎসকগৰাকীয়ে কয়, "চুমী বৰাৰ ককায়েক ৰাজীৱ বৰাই এটা ঔষধ কোম্পানী খুলিছিল । সেই অনুষ্ঠানলৈ মোক মাতিছিল বাবে তালৈ গৈছিলো । ডিব্ৰুগড়ত যিকোনো অনুষ্ঠান হ'লেও আমাক মাতে আৰু আমি যাওঁ । সেই অনুষ্ঠানত ড্ৰাগছ ইন্সপেক্টৰ নিজেই উপস্থিত আছিল । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক মঞ্চত বহি আছিল । সেই অনুষ্ঠানত মোক বন্তি প্ৰজ্বলন কৰিবলৈ দিছিল । উক্ত অনুষ্ঠানটো চুমী বৰাই আঁত ধৰিছিল আৰু এজন ইউটিউবাৰো আছিল । তেতিয়া তোলা ফটো এতিয়া বিভিন্ন মাধ্যমত প্ৰচাৰ কৰা হৈছে ।"

  • স্বয়ম্ভু সাংবাদিকে চলাইছে অপপ্ৰচাৰ !

তেওঁ অভিযোগ কৰা মতে সেই ফটোখনকে সামাজিক মাধ্যমক ভাইৰেল কৰি অপপ্ৰচাৰ চলোৱা হৈছে । চিকিৎসকগৰাকীয়ে কয়, "কৈলাশ বাগৰিয়া নামৰ এজন স্বয়ম্ভু সাংবাদিকে মোৰ বিৰুদ্ধে বিশাল ফুকন বা চুমীক এক বৃহৎ পৰিমাণৰ ধন দিয়া বুলি সামাজিক মাধ্যমত অপপ্ৰচাৰ চলাইছে । কৈলাশ বাগৰিয়াই হোৱাটছ এপৰ এটা গ্ৰুপত শনিবাৰে লিখিছিল যে মই আৰু আন এজন চিকিৎসকে ২৫ লাখ টকা চুমীৰ জৰিয়তে বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰিছো । সেই গ্ৰুপটোত কেইজনমান সাংবাদিকো আছিল । এই কথাটো ভাইৰেল হোৱাৰ পিচতে কিছু সংবাদ মাধ্যমত বাতৰিটো প্ৰকাশ হ'ল ।"

কোনো তথ্য অবিহনে বাতৰি প্ৰকাশ কৰাৰ বাবে উদ্বেগ প্ৰকাশ কৰে চিকিৎসকগৰাকীয়ে । আনহাতে এনে ধৰণৰ ভুৱা প্ৰচাৰ তদন্তক বিপথে পৰিচালিত কৰিব বুলিও তেওঁ দাবী কৰে ।

  • মানহানি গোচৰ তৰাৰ হুংকাৰ

ইফালে আৰক্ষী থানা গোচৰ দিয়ে শান্ত থকা নাই জ্যেষ্ঠ চিকিৎসকগৰাকীয় । শীঘ্ৰে আদালতৰ কাষ চাপিব বুলিও তেওঁ উল্লেখ কৰে । মঙলবাৰে আদালতত কৈলাশ বাগৰিয়াৰ বিৰুদ্ধে মানহানি গোচৰ তৰিব বুলি তেওঁ হুংকাৰ দিয়ে ।

অৱশ্যে আৰক্ষীৰ তদন্তত হে সকলো স্পষ্ট হ'ব । সঁচাকৈয়ে চিকিৎসকগৰাকী এই কেলেংকাৰীত জড়িত আছিল নেকি ? তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সঁচা নে মিছা !

লগতে পঢ়ক :১০০ কোটি টকীয়া ট্ৰেডিং কেলেংকাৰীৰ মূল অভিযুক্তৰ আত্মসমৰ্পণ - Online Trading Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.